গুৱাহাটীঃ সুদীর্ঘ ৩২ দিন আলফা (স্বাঃ)ৰ দুর্ধর্ষ কেডাৰৰ সৈতে ম্যানমাৰৰ ঘন জংঘলত দিন–ৰাতি অতিবাহিত কৰাৰ পিছত শুকুৰবাৰে পুৱা মুক্তি লাভ কৰি সন্ধিয়া বৰহোলা নাঙলগাঁৱৰ আপোন ঘৰখনত ভৰি থৈ স্বস্তিৰ নিশ্বাস পেলাইছে ৰিতুল শইকীয়াই৷ বিগত দিনত ইণ্ডো–ম্যানমাৰ সীমান্তত পদে পদে মুখামুখি হোৱা বিপদসংকুল তথা অতি দুঃসাহসিক প্রতিটো ঘটনা আজিও যেন জীৱন্ত ৰূপত ভাহি আছে ৰিতুলৰ দুচকুত৷
হলীউডৰ ‘এডভেঞ্চার্ছ’ চিনেমাৰ দৰে শইকীয়াৰ জীৱনৰ সেই ৩২টা দিনৰ অভিজ্ঞতাৰ কথা ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা প্রথম আছুতীয়া সাক্ষাৎকাৰত এটা এটাকৈ মনত পেলাই বর্ণনা কৰিলে ৰিতুলে৷ ২১ এপ্রিলৰ পুৱতিনিশা লাকুৱাস্থিত অ’ এন জি চিৰ ৰিগৰ পৰা কাম কৰি থকা অৱস্থাতে ৰিতুলসহ আন দুই কর্মচাৰীক পাঁচজনীয়া সশস্ত্র বাহিনীৰ এটা দলে অপহৰণ কৰিছিল৷ প্রথমতেই স্পষ্টকৈ জনাইছিল যে অপহৰণকাৰীসকল আলফা (স্বাঃ)ৰ কেডাৰ৷
ৰিগৰ জৰুৰীকালীন গাড়ীখনত তিনিওকে উঠাই এখন বাগানৰ ফালে লৈ গৈছিল অস্ত্রধাৰী আলফা (স্বাঃ)ৰ দলটোৱে৷ বাগানখন পোৱাৰ পিছত গাডীৰ পৰা নামি নাগালেণ্ডৰ পাহাৰৰ বুকুলৈ খোজেৰে যাত্রা আৰম্ভ হৈছিল৷ তেতিয়াও পোহৰ হ’বলৈ বহু সময় বাকী৷ তিনি অপহূত ক্রমে ৰিতুল, অলকেশ, মোহিনী মোহনক লৈ যোৱা পাঁচজনীয়া আলফাৰ দলটো লগ হয়গৈ অপেক্ষাত থকা আন পাঁচজন কেডাৰৰ সৈতে৷
তাৰ পিছত নিশাৰ পৰা একেৰাহে নাগালেণ্ডৰ পাহাৰৰ বুকুত আৰম্ভ হৈছিল দলটোৰ বিৰামহীন যাত্রা৷ এক নির্দিষ্ট ঠাইত ৰিতুল আৰু দুই সতীর্থই পিন্ধি থকা অ’ এন জি চি ৰিগৰ পোছাককেইযোৰ খুলি জ্বলাই দিয়াৰ লগতে নতুন কাপোৰ পিন্ধিবলৈ দিয়ে৷ তাৰ পিছতে আকৌ যাত্রা আৰম্ভ৷ নাগালেণ্ডৰ হাবিতলীয়া, লুংলুঙীয়া, ওখোৰা–মোখোৰা পথ৷ ক’ৰবাত হাবি কাটি আৰু ক’ৰবাত পুখুৰীসদৃশ বৃহৎ জলৰাশি পাৰ হৈ খোজেৰে যাত্রা চলিছিল ১৩জনীয়া দলটোৰ৷ অস্ত্রধাৰী দলটোৰ কোনোৱে অসমীয়া আৰু কোনোৱে নাগামিজত বহু সময়ৰ ব্যৱধানত দুই–এটা কথা পাতিছে যদিও পৰিস্থিতিটোৰ বাবে কোনো কথাই মন–মগজুত সোমোৱা নাছিল ৰিতুলৰ৷
ৰিতুলৰ মনত পৰিছিল ঘৰখনলৈ৷ বৃদ্ধ পিতৃ–মাতৃলৈ৷ এৰি থৈ অহা পত্নী আৰু চাৰিমহীয়া সন্তানটিৰ মুখখনে সেই সময়ছোৱাত ৰিতুলক বৰকৈ আমনি কৰিছিল৷ গৈ গৈ দলটো নাগালেণ্ডৰ মন জিলাৰ পৰা প্রায় ৫০ কিলোমিটাৰ নিলগৰ এক দুর্গম অঞ্চলত উপস্থিত হয়৷ তাতেই ২৩ এপ্রিলৰ নিশা ভাৰতীয় সেনাবাহিনীৰ সৈতে ভয়ানক ক্রছ ফায়াৰিঙৰ মুখামুখি হৈছিল ৰিতুলহঁতক লৈ যোৱা আলফা (স্বাঃ)ৰ দলটো৷ নিশা দুয়োপক্ষৰ মাজত ধাৰাষাৰ গুলীবর্ষণ আৰম্ভ হয়৷ গুলীৰ শব্দই হাবিৰ নির্জনতা ভেদ কৰি ঠাইখনত নিমিষতে যুদ্ধক্ষেত্রসদৃশ পৰিৱেশ সৃষ্টি কৰিছিল৷
জুই ফিৰিঙতিৰ দৰে অহা তীব্রবেগী বুলেটৰ পৰা ৰক্ষা পাবলৈ যেনি–তেনি লুকাই পৰিছিল ৰিতুলহঁত৷ সেই সময়লৈকে বিপৰীত দিশৰ পৰা কোনে গুলীবর্ষণ কৰিছে, সেয়া ৰিতুলহঁতৰ একেবাৰে জ্ঞাত নাছিল৷ অতি ভয়াৱহ পৰিস্থিতিত গভীৰ আন্ধাৰে আৱৰি থকা এলেকাটোত ভয় আৰু শংকাত ৰিতুলৰ কি কৰিব কি নকৰিব চিন্তা কৰাৰ সামর্থ্য হেৰাই যোৱাৰ উপক্রম হৈছিল৷ গুলীয়াগুলীৰ মাজতে আলফা (স্বাঃ)ৰ এজন সদস্যই ৰিতুলক চোলাৰ গলাত ধৰি চোঁচৰাই লৈ গৈছিল সুৰক্ষিত স্থানলৈ৷ তেতিয়াই মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল ৰিতুল৷
অৱশ্যে তেওঁলোকক সেনাবাহিনীয়ে উদ্ধাৰ কৰাৰ কথা কালি পর্যন্ত ৰিতুলে একেবাৰে গম পোৱা নাছিল৷ কোনোমতে পলাই গৈ আকৌ আৰম্ভ হৈছিল ৰিতুলহঁতৰ যাত্রা৷ এফালে সেউজীয়া প্রকৃতিৰ মনোমোহা দৃশ্য, আনফালে প্রতিপদে পদে বিপদৰ আশংকা৷ চৌদিশ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি কেডাৰসকলে ৰিতুলক ইখনৰ পিছত সিখন পাহাৰ পাৰ কৰাই লৈ গৈছিল৷ যাত্রাৰ সময়ত কেতিয়াবা খুব ভাগৰ লাগিলে পাঁচ–দহ মিনিটৰ বাবে ক্ষন্তেক জিৰণি লৈছিল৷ ৰিতুলৰ সুৰক্ষাৰ বাবে প্রতিটো সময়তে কেডাৰকেইজন সষ্টম হৈ আছিল৷
ভাৰতীয় সেনা, আছাম ৰাইফলছৰ এম্বুশ্বৰ পৰা আঁতৰি অতি কৌশলেৰে দিনে–ৰাতিয়ে কেইবাদিনো বিপদসংকুল পথেৰে খোজেৰে যাত্রা কৰি এদিন ইণ্ডো–ম্যানমাৰ সীমান্ত পাৰ হৈ ম্যানমাৰৰ ভূখণ্ডত প্রৱেশ কৰিছিল দলটো৷ ম্যানমাৰত সোমোৱাৰ পিছতে কোনোবা এজন কেডাৰে ৰিতুলক কৈছিল, ‘আমি এতিয়া অলপ ছেফ জ’নত আছোঁ৷’ তেতিয়ালৈ দহজনীয়া সশস্ত্র বাহিনীৰ দলটো দুটা ভাগত বিভক্ত হৈ পাঁচ পাঁচজনীয়া হৈ পৰিছিল৷ ম্যানমাৰৰ সেই গভীৰ জংঘলতেই ভ্রাম্যমাণ শিবিৰ নির্মাণ কৰিছিল দলটোৱে৷ দুই–তিনি দিনৰ মূৰে মূৰে স্থান সলাই তেওঁলোকে পুনৰ কেম্প নির্মাণ কৰিছিল৷ তেতিয়াও ৰিতুলৰ সুৰক্ষাৰ বাবে প্রতিমুহূর্ততে লগত আছিল পাঁচজনকৈ কেডাৰ৷ ৰিতুলক শুবৰ বাবে বাঁহৰ চাং বনাই দিছিল৷ কেতিয়াবা পাত পাৰি বিছনা বনাই দিছিল৷ বৰষুণ দিলে পানী নপৰিবলৈ ওপৰত পালৰ ব্যৱস্থা কৰিছিল৷
আনকি দৈনিক স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ৰিতুলৰ৷ মাজে মাজে ৰক্তচাপ পৰীক্ষা কৰাৰ উপৰি আঘাতপ্রাপ্ত হ’লে মলম, টেবলেট পর্যন্ত যোগান ধৰিছিল৷ তেনেদৰেই ৰিতুলে অপহূত দিনবোৰত খোৱা–বোৱা কৰিছিল, শুইছিল আৰু প্রয়োজনত আন সুৰক্ষিত স্থানলৈ খোজেৰে যাত্রা কৰিব লগা হৈছিল৷ ৰিতুলে সম্পূর্ণৰূপে নিৰামিষ খাদ্য গ্রহণ কৰে৷ সেয়ে ৰিতুললৈ কেডাৰকেইজনে ভাতৰ লগত খাবৰ বাবে কলডিল, বেতগাজ, কচু আদি সংগ্রহ কৰি সুন্দৰকৈ ৰান্ধি–বাঢ়ি খুৱাইছিল৷ মাজে মাজে বিস্কুট দিছিল ৰিতুলক খাবলৈ৷ ৰিতুলে স্পষ্টকৈ কয় যে অপহূত হোৱাৰ সময়ছোৱাত খোৱা–বোৱাৰ ক্ষেত্রত তিলমানো সমস্যাৰ সন্মুখীন হোৱা নাছিল৷
আনকি সেই জংঘলৰ মাজতো কণী পর্যন্ত বিচাৰি আনি খাইছিল কেডাৰসকলে৷ ৰিতুলে আৰু কয় যে আলফা (স্বাঃ)ৰ কেডাৰসকলৰ সৈতে তেওঁ খুব কম কথা পাতিছিল যদিও প্রতিজন কেডাৰৰ আচাৰ–ব্যৱহাৰ অতি নম্র আৰু ভদ্র আছিল৷ কেতিয়াবা কোনো এজনে ৰিতুলক বুজাবলৈ চেষ্টা কৰি কৈছিল, ‘ব্যক্তিগত কাৰণত আপোনাক এনেদৰে অনা হোৱা নাই৷ অসমৰ ৰাইজৰ স্বার্থতহে আপোনাক এনেদৰে অনা হৈছে৷’ ৰিতুলৰ বাবে জোতা, লংপেণ্ট, জেকেট পর্যন্ত যোগান ধৰিছিল আলফাৰ সদস্যসকলে৷
দীর্ঘদিন জংঘলত সময় অতিবাহিত কৰি ৰিতুলে পাহৰি পেলাইছিল তাৰিখ, বাৰ সকলো৷ হাবিৰ মাজত ক’ত আছে কোন স্থানত আছে সেয়াও ৰিতুলৰ একেবাৰে ধাৰণা নাছিল৷ আনকি মুক্তিৰ আগমুহূর্তলৈকে কোনো কথাই ৰিতুলক জনোৱা হোৱা নাছিল৷ তিনি দিন একেৰাহে যাত্রা কৰাৰ পিছত হাবিৰ এটা স্থানত ৰৈ ৰিতুলক উদ্দেশ্যি কেডাৰকেইজনে কৈছিল, ‘আজিৰ পৰা আপোনাক মুকলি কৰি দিয়া হৈছে৷ এই বাটটোৰে পোনে পোনে গৈ থাকিব৷ কিছুদূৰ যোৱাৰ পিছত এখন গাঁও পাবগৈ৷’ অকস্মাতে প্রয়োজন হ’ব বুলি ৰিতুলক দুহেজাৰ টকাও দিয়া হৈছিল৷ তেনেদৰেই ৰিতুলক বিদায় দিয়াৰ পিছত প্রায় তিনি ঘণ্টাজোৰা পথ খোজকাঢ়ি আহি পুৱাতে ৰিতুল উপস্থিত হৈছিল নাগালেণ্ডৰ মন জিলাৰ লংৱাত৷
তাৰ পৰাই নাগালেণ্ড আৰক্ষী আৰু আছাম ৰাইফলছে উদ্ধাৰ কৰিছিল ৰিতুল শইকীয়াক৷ মাহজোৰা উৎকণ্ঠাৰ অন্ত পৰিল৷ শেষত চৰকাৰৰ সৈতে আলফা (স্বাঃ)ৰ শান্তি আলোচনাৰ সম্পর্কত কি ক’ব বুলি সোধা প্রশ্নত ৰিতুলে কয় যে দুয়োপক্ষৰ আলোচনা যদি আগবাঢ়ে সঁচাকৈ খুবেই ভাল হ’ব৷ সকলোৰে শান্তি হ’ব৷ মোৰ দৰে আন পৰিয়ালে যাতে আৰু কেতিয়াও এনে পৰিস্থিতিৰ মুখামুখি হ’ব লগা নহওক৷
আনহাতে মুক্তিৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপক ধন্যবাদ জনাবলৈ ভাষা নাই বুলি কোৱাৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, স্থানীয় দল–সংগঠন, সংবাদকর্মী, শুভাকাংক্ষী সকলোকে বিনম্রতাৰে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছে ৰিতুল শইকীয়াই৷