peepl-small

চূড়ান্ত কাণ্ডজ্ঞানহীনঃ মাস্ক–সামাজিক দূৰত্ব অবিহনে মহানগৰীৰ বজাৰত অভাৱনীয় ভিৰ

PUBLISHED:

গুৱাহাটীঃ সমগ্র ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে একাংশ লোকৰ কাণ্ডজ্ঞানহীন কার্যকলাপে পৰিৱেশ অধিক জটিল কৰি তুলিছে৷ ক’ৰোনা প্রতিৰোধৰ বাবে মুখ্য সচিবৰ নেতৃত্বত নতুন এছ অ’ পি প্রস্তুত হোৱাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক হাৰত উলংঘা হৈছে ক’ভিডৰ নীতি–নিয়মসমূহ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে প্রস্তুত কৰি দিয়া নতুন এছ অ’ পি অনুসৰি প্রতি সন্ধিয়া ছয় বজাত দোকান, বজাৰ আদি বন্ধ কৰা হৈছে যদিও পুৱাৰ ভাগত ইয়াৰ সম্পূর্ণ বিপৰীত ছবি এখন পৰিলক্ষিত হৈছে৷ সন্ধিয়াৰ ভাগত বন্ধ হৈ পৰা বজাৰসমূহত পৰৱর্তী দিনৰ পুৱাৰ ভাগত পৰিলক্ষিত হয় এক বিশৃংখল পৰিৱেশৰ৷ কোনোধৰণৰ সামাজিক দূৰত্ব নামানি বজাৰ–সমাৰেও প্রতিদিনে সৃষ্টি হৈ আছে অভাৱনীয় ভিৰ৷

সেয়াই নহয়, মাস্ক নিপিন্ধিলে এহেজাৰ টকা জৰিমনা বিহাৰ নির্দেশনা প্রস্তুত কৰা হৈছে যদিও এনে নির্দেশনাক যেন মুকলিকৈ উলংঘাত নামি পৰিছে একাংশ লোক৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ সর্বত্র এনেদৰে ক’ভিড বিধি উলংঘাৰ পিছতো নীৰৱ দর্শক হৈ আছে আৰক্ষী তথা জিলা প্রশাসন৷ খোদ গুৱাহাটীতে বেলতলা বজাৰ আৰু পামহি পাচলি বজাৰত ক’ৰোনা প্রতিৰোধৰ সকলো নীতি–নির্দেশনা আদি চূড়ান্ত হাৰত উলংঘা হ’ল৷

সেয়াই নহয়, ফাঁচীবজাৰ, গণেশগুৰি, পল্টন বজাৰ, মালিগাঁও আদি ব্যৱসায়িক কেন্দ্রস্থলসমূহতো একাংশই মাস্ক পৰিধান নকৰাকৈ মুকলিকৈ ঘূৰা–ফুৰা কৰি থকাৰ পিছতো নীৰৱ ভূমিকা লৈছে আৰক্ষী–প্রশাসনে৷ কার্যতঃ মাস্ক নিপিন্ধাৰ অঘোষিত প্রতিযোগিতাহে যেন চলিছে৷ মন কৰিবলগীয়া যে ৰাজ্যৰ ক’ৰোনা পৰিৱেশ অধিক ভয়াৱহ কৰি শেহতীয়াকৈ ধৰা পৰিছে ডাব্ল মিউটেণ্ট ক’ভিড ৰোগী৷

চিনাক্ত হোৱা ক’ভিডৰ বি.১.৬১৭ ষ্ট্রেইনে অধিক হাৰত সংক্রমণ ঘটোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ এনেস্থলত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই নাৰাখিলে সংক্রমণ দুগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনাক ইতিমধ্যে স্পষ্ট কৰিছে স্বাস্থ্য বিভাগে৷ কিন্তু এনে পৰিস্থিতিৰ পিছতো একাংশ লোকৰ দায়িত্বজ্ঞানহীন কাণ্ডই পৰিৱেশৰ অধিক অৱনতি ঘটাৰ শংকা বঢ়াই তুলিছে৷ ইয়াৰ বিপৰীতে আৰক্ষী তথা প্রশাসনে কেৱল মাইকেৰে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়ে দায়িত্ব সামৰাক লৈও সচেতন ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

RELATED ARTICLES