peepl-small

এই সাফল্যৰ বাবে ৮ বছৰ কঠোৰ পৰিশ্রম কৰিছিলোঁ: লাভলীনা

PUBLISHED:

 টকিঅ’ অলিম্পিকত লাভ কৰা ঐতিহাসিক ব্রঞ্জৰ পদক দেশবাসীলৈ উৎসর্গা কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ প্রথমবাৰলৈ অলিম্পিকত অংশ লৈ দেশলৈ পদক কঢ়িয়াই অনা ২৪ বছৰীয়া বক্সাৰগৰাকীয়ে বুধবাৰে ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত কয় যে তেওঁ ইয়াতকৈ ভাল ফলাফল আশা কৰিছিল যদিও দেশৰ হৈ পদক জয় কৰি আনন্দিত৷ তুর্কীৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ যিধৰণৰ পৰিকল্পনা যুগুত কৰিছিল, সেয়া বক্সিং ৰিঙত সঠিকভাৱে কার্যকৰী কৰিব নোৱাৰা বুলি লাভলীনাই স্বীকাৰ কৰে৷

‘মই সুখী আৰু গর্বিত যে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰি পদক জয় কৰিবলৈ সক্ষম হৈছোঁ৷ অৱশ্যে মই শৈশৱৰ পৰা অলিম্পিকত সোণৰ পদকহে জয়ৰ সপোন দেখিছিলোঁ৷ পৰৱর্তী সময়ত এই সপোন পূৰণৰ চেষ্টা চলাম৷ নির্দিষ্ট লক্ষ্য স্থিৰ কৰি আগবাঢ়িলে আমি নিশ্চিতভাৱে সপোন বাস্তৱায়িত কৰিব পাৰোঁ৷ নিজৰ ওপৰত বিশ্বাস ৰাখি মই মুক্ত মনেৰে অলিম্পিকত অংশ লৈছিলোঁ৷ এই সাফল্যৰ বাবে মই প্রতিগৰাকী অনুৰাগীক ধন্যবাদ জনাইছোঁ৷ বিশেষকৈ মোৰ জন্মভূমি অসমৰ ৰাইজে মোৰ সাফল্যৰ বাবে যিধৰণে প্রার্থনা জনাইছে, সেয়া জানিব পাৰি মই অভিভূত হৈ পৰিছোঁ৷ অলিম্পিকৰ ব্রঞ্জৰ পদক মই দেশ তথা ৰাজ্যবাসীলৈ উৎসর্গিত কৰিছোঁ৷’ –লাভলীনাই এইদৰে কয়৷ ইফালে এই সাফল্যৰ বাবে তেওঁ যোৱা ৮ বছৰ ধৰি কঠোৰ পৰিশ্রম কৰিছিল বুলি বক্সাৰগৰাকীয়ে উল্লেখ কৰে৷

গোলাঘাটৰ বৰপথাৰৰ দৃঢ়মনা খেলুৱৈগৰাকীয়ে পুনৰ কয় যে অলিম্পিকত পদক জয়ৰ সপোন বুকুত কঢ়িয়াই যোৱা ৮ বছৰ কঠোৰ পৰিশ্রম কৰিছিলোঁ৷ ইয়াৰ বাবে মই পৰিয়ালৰ লোকৰ পৰা আঁতৰি ঘৰৰ পৰা দূৰত আছিলোঁ, পছন্দৰ খাদ্য গ্রহণৰ পৰা বিৰত আছিলোঁ৷ আজি অলিম্পিকত পদক জয়ৰ সপোন পূৰণ কৰি মই অতিশয় উৎফুল্লিত৷

আনহাতে কঠোৰ পৰিশ্রম আৰু দীঘলীয়া অনুশীলনৰ অন্তত অলিম্পিকত পদক জয়ৰ পাছত প্রায় এমাহ পৰিয়ালৰ সৈতে কটাব বিচাৰে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ তেওঁ কয় যে বক্সিঙক কেৰিয়াৰ হিচাপে গ্রহণৰ পাছৰে পৰা মই কেতিয়াও দীঘলীয়া বিশ্রাম লোৱা নাই৷ এইবাৰ পৰিয়ালৰ সৈতে প্রায় এমাহ অৱসৰ বিনোদনত ব্যস্ত থকাৰ কথা চিন্তা কৰিছোঁ৷ অৱশ্যে ক’লৈ যাওঁ এতিয়াও থিৰাং কৰা নাই৷ উল্লেখ্য যে অসমৰ প্রথমগৰাকী ক্রীড়াবিদ হিচাপে লাভলীনাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত পদক অর্জনেৰে ৰাজ্যবাসীক গর্বিত কৰিছে৷ তেওঁৰ এই ঐতিহাসিক সাফল্যক লৈ সমগ্র ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে৷

RELATED ARTICLES