peepl-small

বিজেপিৰ সাত বিধায়কে হেৰুৱাব পাৰে সমষ্টি

PUBLISHED:

গুৱাহাটীঃ দিছপুৰ দখলৰ বাবে ১০০+ৰ লক্ষ্য লোৱা ৰাজ্যিক বিজেপিৰ বাবে বৰাক উপত্যকাত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত বৰাকত ৮টাকৈ সমষ্টি দখল কৰা বিজেপিৰ এইবাৰৰ সমীকৰণত কিছু আউল লগাইছে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই৷ বিগত নির্বাচনত কেইবাটাও সমষ্টিত ভোট বিভাজনৰ ফলত দলৰ প্রার্থীক জয়ী কৰাবলৈ সক্ষম হোৱা বিজেপিয়ে এইবাৰ বিৰোধী দলৰ মহাজোঁটক প্রতিৰোধ কৰিবলৈ গ্রহণ কৰিব লগা হৈছে গুৰুত্বপূর্ণ সিদ্ধান্ত৷ ৰাজ্যিক বিজেপিৰ সূত্র অনুসৰি বৰাকৰ তিনিখন জিলাৰ ১৫টা সমষ্টিত এইবাৰ নতুন মুখ প্রক্ষেপেৰে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক প্রতিৰোধৰ চেষ্টা চলোৱা হ’ব৷ কার্যতঃ ইয়াকে লৈ বৰাকত মাজত সৃষ্টি হৈছে নানা চর্চা৷ ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰা পৰিকল্পনা অনুসৰি এইবাৰ বৰাকত সমষ্টি হেৰুৱাব পাৰে একাধিক বিধায়কে৷ বিশেষকৈ শিলচৰ আৰু কৰিমগঞ্জ জিলাত প্রার্থী সলনি কৰাৰ বাবে ইতিমধ্যে চলিছে যো–জা৷ ইয়াৰ পিছতেই একাধিক দলীয় নেতাই প্রার্থিত্বৰ দাবী তীব্রতৰ কৰি তুলিছে৷ শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ পালৰ বিপৰীতে এইবাৰ প্রার্থিত্বৰ দাবীদাৰ হৈছে কনাড পুৰকায়স্থ আৰু দ্বিপায়ন চক্রৱর্তী৷ কনাড পুৰকায়স্থৰ প্রার্থিত্বৰ বাবে ৰাজ্যিক নেতৃত্বৰ সৈতে সঘনে যোগাযোগ চলাইছে তেওঁৰ পিতৃ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থই৷

অৱশ্যে শিলচৰত দিলীপ পালৰ প্রার্থিত্ব সলনি নহ’লে কনাড পুৰকায়স্থক বৰখলা সমষ্টিত প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷ তেনে পৰিস্থিতিত বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে প্রার্থিত্ব হেৰুৱাব পাৰে৷ লক্ষণীয়ভাৱে কিশোৰ নাথৰ প্রার্থিত্বৰ বিৰুদ্ধে এইবাৰ প্রার্থিত্ব বিচাৰি বৰখলা সমষ্টিত যথেষ্ট তৎপৰ হৈ আছে গীটন নাথ, দেৱজিৎ দাস আৰু অমলেন্দু দাসে৷ ধলাই সমষ্টিত বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ প্রার্থিত্ব প্রায় নিশ্চিত৷ ইয়াৰ বিপৰীতে কাটিগড়া সমষ্টিত প্রার্থিত্বৰ সবল দাবীদাৰ প্রাক্তন মন্ত্রী গৌতম ৰয়৷ কংগ্রেছৰ কার্যকালত যথেষ্ট প্রভাৱশালী মন্ত্রী ৰূপে পৰিচিত গৌতম ৰয়ক এইবাৰ বিজেপিয়ে প্রার্থিত্ব দিলে কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈনে সমষ্টি হেৰুওৱাটো নিশ্চিত৷ সোণাই সমষ্টিত এইবাৰো প্রতিদ্বন্দ্বিতা কৰিব অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে৷ অৱশ্যে সমষ্টিটোত আশিস হালদাৰে প্রার্থিত্বৰ দাবী তুলি আছে৷ উদাৰবন্দ সমষ্টিৰ বিধায়ক মিহিৰ সোমৰ প্রার্থিত্বৰ ক্ষেত্রতো অনিশ্চয়তাই দেখা দিছে৷ সমষ্টিটোত বিজেপিয়ে কংগ্রেছৰ পৰা বিজেপিলৈ অহা প্রাক্তন বিধায়ক ৰাজদীপ গোৱালাক প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷ লক্ষীপুৰ সমষ্টিত ৰাজদীপ গোৱালাৰ জয়ৰ সম্ভাৱনা কিছু স্তিমিত হোৱা হেতুকে এইবাৰ উদাৰবন্দ সমষ্টিত ৰাজদীপ গোৱালাক প্রক্ষেপ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ অৱশ্যে সমষ্টিটোত বিজেপি নেতা তাপস দাসেও প্রার্থিত্বৰ দাবী শক্তিশালী কৰি তুলিছে৷ ৰাজদীপ গোৱালাক লক্ষীপুৰৰ পৰিৱর্তে উদাৰবন্দত প্রার্থিত্ব দিলে লক্ষীপুৰত এইবাৰ শাসকীয় দলটোৱে প্রক্ষেপ কৰিব কাছাৰ জিলাৰ সভাপতি কৌশিক ৰাইক৷

ইফালে কৰিমগঞ্জ জিলাৰ অন্তর্গত চাৰিটা সমষ্টিতো প্রার্থিত্বৰ সালসলনিৰ চিন্তা–চর্চা চলিছে ৰাজ্যিক বিজেপিত৷ উত্তৰ কৰিমগঞ্জ সমষ্টিত এইবাৰ বিজেপিয়ে নতুন মুখ ৰূপে জিলা সভাপতি সুব্রত ভট্টাচার্যক প্রক্ষেপৰ সম্ভাৱনা আছে৷ সমষ্টিটোৰ মূল দাবীদাৰ তথা প্রাক্তন বিধায়ক মিছন ৰঞ্জন দাসে এইবাৰ প্রার্থিত্ব হেৰুওৱাৰ আশংকা আছে৷ অৱশ্যে সমষ্টিটোত বিজেপি নেতা মানস দাসেও প্রার্থিত্বৰ দাবী জোৰদাৰ কৰি তুলিছে৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিত বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ হ’ল নীলোৎপল দাস, ইকবাল লস্কৰ আৰু চিপ্রা গুণ৷ সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰা দক্ষিণ কৰিমগঞ্জত ইকবাল লস্কৰৰ প্রার্থিত্বৰ সম্ভাৱনা অধিক৷ ইফালে, ৰাতাবাৰী সমষ্টিত বর্তমানৰ বিধায়ক বিজয় মালাকাৰৰ পৰিৱর্তে বিজেপিয়ে সাংসদ কৃপানাথ মাল্লাক পুনৰ প্রক্ষেপ কৰিব বিচাৰিছে৷ চাহ বাগিচা অধ্যুষিত সমষ্টিটোত এগৰাকী চাহ জনগোষ্ঠীৰ লোকক প্রক্ষেপেৰে সমষ্টিটো পুনৰ দখলৰ বাবে কৃপানাথ মাল্লাৰ নাম শেহতীয়াকৈ উচ্চাৰিত হৈছে৷ ইয়াৰ ফলত সমষ্টি হেৰুৱাব পাৰে বর্তমানৰ বিধায়ক বিজয় মালাকাৰে৷ পাথাৰকান্দি সমষ্টিত বর্তমানৰ বিধায়ক কৃষ্ণেন্দু পালৰ প্রার্থিত্ব প্রায় নিশ্চিত যদিও শেহতীয়াকৈ নাম উচ্চাৰিত হৈছে পৰিতোষ বণিকৰ৷ সমষ্টিটোত হিন্দু বাঙালী, মণিপুৰী আৰু চাহ জনগোষ্ঠীৰ ভোট সংগ্রহত কৃষ্ণেন্দু পাল সফল হ’ব নে নাই, তাক লৈও বিজেপিৰ নেতৃত্বই চিন্তা–চর্চা অব্যাহত ৰাখিছে৷ আনহাতে বদৰপুৰ সমষ্টিত বিজেপিৰ প্রার্থিত্বৰ মূল দাবীদাৰ ৰূপে চর্চিত হৈছে বিশ্বৰূপ ভট্টাচার্য৷ হাইলাকান্দি জিলাৰ কাটলিচেৰা, আলগাপুৰ আৰু হাইলাকান্দি সদৰ এই তিনিটা সমষ্টিৰ আলগাপুৰ সমষ্টি বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা অধিক৷ আনহাতে কাটলিচেৰা আৰু হাইলাকান্দি সদৰত প্রার্থিত্বৰ ক্ষেত্রত এতিয়াও চিন্তা–চর্চা অব্যাহত আছে শাসকীয় দলটোৰ৷

RELATED ARTICLES