peepl-small

৮টা অক্সিজেন প্লাণ্ট সম্পূর্ণ কৰিলে অসমেঃ গুৱাহাটীৰ নার্ছিং হোমক অক্সিজেন প্লাণ্ট স্থাপনৰ পৰামর্শ

PUBLISHED:

গুৱাহাটীঃ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ সম্পর্কত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ নার্ছিং হোমসমূহৰ কর্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ সেই বৈঠকত নার্ছিং হোমসমূহত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ওচৰতে একোখনকৈ হোটেল লোৱাৰ নির্দেশ দিয়ে৷ সেই বৈঠকতে এপ’লো হাস্পতালে জিঞ্জাৰ হোটেল, আয়ুৰচন্দ্রাই এখন হোটেল ইতিমধ্যে লোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে দিছপুৰ পলিক্লিনিকে অম্বৰীশ হোটেলখন লোৱাৰ সিদ্ধান্ত লৈছে বুলি প্রকাশ কৰে৷

শনিবাৰৰ সেই বৈঠকখনতে মন্ত্রী ড০ শর্মাই গুৱাহাটীৰ সকলো নার্ছিং হোমক ০.৮ মেট্রিকটন অক্সিজেন উৎপাদনৰ বাবে প্লাণ্ট স্থাপন কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ এইক্ষেত্রত চৰকাৰে প্রয়োজনত তেওঁলোকক সুদবিহীন ঋণ আগবঢ়াব বুলি উল্লেখ কৰি অহা ২–৩ মে’ত কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিব বুলি প্রকাশ কৰে৷

মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, নাৰায়ণা হূদয়ালয় আৰু আৰি’ নার্ছিং হোমে ইতিমধ্যে নিজাববীয়াকৈ অক্সিজেন প্লাণ্ট স্থাপন কৰিছে৷ নেমকেয়াৰ হাস্পতালেও অক্সিজেন প্লাণ্ট স্থাপনৰ বাবে কলকাতাত যন্ত্রপাতিৰ অর্ডাৰ দিছে৷ সেইদৰে ক্রিটিকেল কেয়াৰ হাস্পতালেও অক্সিজেন প্লাণ্ট স্থাপনৰ বাবে অর্ডাৰ দিছে৷ ব্যৱস্থাৰ দ্বাৰা চৰকাৰে অহা ২–৩ মাহৰ ভিতৰত প্রত্যেকখন নার্ছিং হোমক অক্সিজেন উৎপাদনত স্বতন্ত্র কৰিব বিচাৰিছে৷

ৰাজ্যখনত অক্সিজেন উৎপাদনৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রই দিল্লী আৰু অসমক আঠটাকৈ অক্সিজেন প্লাণ্ট স্থাপন কৰিবলৈ দিছিল৷ দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে মাত্র এটাহে প্লাণ্ট সম্পূর্ণ কৰাৰ বিপৰীতে অসমৰ স্বাস্থ্য বিভাগে আঠটা প্লাণ্টেই ইতিমধ্যে সম্পূর্ণ কৰিলে৷ জি এম চি এইচত তিনিটা অক্সিজেন প্লাণ্ট এয়াৰপ’ট অথৰিটী অৱ ইণ্ডিয়াই স্থাপন কৰিছে৷ সেইদৰে যোৰহাট মেডিকেল হাস্পতালত দুটা আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতাল, বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু ডিফু মেডিকেল কলেজ হাস্পতালত এটাকৈ অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছে৷

তদুপৰি মহেন্দ্র মোহন চৌধুৰী হাস্পতালত এটা, ডিব্রুগড় মেডিকেল হাস্পতালত দুটা আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালত দুটা অক্সিজেন প্লাণ্টৰ কাম চলি আছে৷ অহা ২৮ এপ্রিলত মহেন্দ্র মোহন চৌধুৰী হাস্পতালত অক্সিজেন প্লাণ্টটোৰ উদ্বোধন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে নিজা পুঁজিৰে এই প্লাণ্টটো কৰিছে৷ ০.৬২ মেট্রিকটন অক্সিজেন উৎপাদন কৰিব পৰা আনকেইটা প্লাণ্টো অহা ২ মে’ৰ আগেয়ে শুভাৰম্ভ কৰাৰ চেষ্টা কৰি থকা হৈছে৷

নতুন চৰকাৰে দায়িত্বভাৰ গ্রহণ নকৰালৈকে কোনো সংকটৰ যাতে সৃষ্টি নহয়, তাৰ বাবে যাৱতীয় কাম কৰি থকা হৈছে৷ তেওঁ আৰু কয় যে ভূটানত ৫০ মেট্রিকটন অক্সিজেন প্লাণ্টৰ কাম চলি আছে৷ তাৰ পৰাও ৰাজ্যখনলৈ অক্সিজেন অনা সম্পর্কত অনাগত দিনত ভূটান চৰকাৰৰ সৈতে কথা পাতিব৷ তদুপৰি এন আৰ এলৰ নাইট্র’জেন জেনেৰেটিং প্লাণ্টো অক্সিজেন প্লাণ্টলৈ ৰূপান্তৰ কৰিব পাৰি নেকি, সেই সম্পর্কত এন আৰ এল কর্তৃপক্ষৰ স’তে কথা পাতি আছে বুলি জানিবলৈ দিয়ে৷

ৰাজ্যৰ ক’ভিড পৰিস্থিতি এক নির্দিষ্ট সীমাৰ ভিতৰত থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে যোৱা এটা সপ্তাহত ক’ভিড পৰিস্থিতি এটা পর্যায়তে ৰৈ গৈছে৷ শনিবাৰৰ দিনটোতো গুৱাহাটীত ক’ভিড আক্রান্তৰ সংখ্যা ৮০০ অতিক্রম নকৰিব বুলি তেওঁ আশা ব্যক্ত কৰি তেওঁ কয় যে গুৱাহাটীত আক্রান্তৰ সংখ্যা ৩০০ৰ পৰা ৭০০ হৈছে৷ কিন্তু ৭০০ৰ পৰা ১৪০০ হোৱা নাই৷

RELATED ARTICLES