peepl-small

শিল্পা ছেট্টীৰ বাসগৃহত ৪৮ অশ্লীল ফটো-ভিডিঅ’ জব্দ

PUBLISHED:

গুৱাহাটী: স্বামী ব্যৱসায়ী ৰাজ কুন্দ্রাৰ পর্ন’গ্রাফী গোচৰত সাঙোৰ খোৱাৰ দিশে বলীউড অভিনেত্রী শিল্পা ছেট্টী৷ মুম্বাই আৰক্ষীয়ে অভিনেত্রী শিল্পা ছেট্টীৰ বাসভৱনত চলোৱা অভিযানৰ সময়ত উদ্ধাৰ হোৱা বিশাল পৰিমাণৰ অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ৰ পাছতেই অভিনেত্রীগৰাকীক সোধা–পোছাৰ বাবে প্রস্তুতি চলাইছে৷

মুম্বাই আৰক্ষীয়ে প্রকাশ কৰা মতে, বলীউডৰ তাৰকা অভিনেত্রী শিল্পা ছেট্টীৰ বাসভৱনত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে ৪৮ টেৰাবাইট অর্থাৎ ৪৮ হাজাৰ জি বিৰ অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই জব্দকৃত অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ৰ আধাৰতেই স্বামী ৰাজ কুন্দ্রাৰ অবৈধ পর্ন ছবিৰ গোচৰত অভিনেত্রীগৰাকীক দ্বিতীয়বাৰৰ বাবে সোধা–পোছা কৰা হ’ব৷ ইয়াৰ উপৰি অভিনেত্রীগৰাকীৰ ম’বাইল ফোনৰ সকলো তথ্য মুম্বাই আৰক্ষীয়ে সংগ্রহ কৰিব৷

উল্লেখ্য যে যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি তথা পর্ন ছবি নির্মাণ কৰাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰিছিল৷ অভিনেত্রী শিল্পাৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ইতিমধ্যে পর্ন ছবি নির্মাণত জড়িত থকাৰ অনেক তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে৷ ২৭ জুলাইলৈকে আৰক্ষীৰ জিম্মাত থকা ৰাজ কুন্দ্রাৰ বাসগৃহ আৰু কার্যালয়ত অভিযান চলাই মুম্বাই আৰক্ষীয়ে অনেক আপত্তিজনক তথ্য জব্দ কৰিবলৈ সক্ষম হৈছে৷

মন কৰিবলগীয়া যে যোৱা শুকুৰবাৰে অভিনেত্রী শিল্পা ছেট্টীক মুম্বাই আৰক্ষীয়ে সোধা–পোছা কৰাৰ সময়ত স্বামী ৰাজ কুন্দ্রা নির্দোষী বুলি দাবী কৰিছিল৷ প্রদীপ বাক্সিহে ম’বাইল এপ হটশ্ব’টৰ সৈতে জড়িত বুলি আৰক্ষীক অৱগত কৰি তেওঁৰ স্বামী এই এপটোৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছিল৷ ইয়াৰ পাছতেই মুম্বাই আৰক্ষীয়ে অভিনেত্রীগৰাকীৰ বাসগৃহত তালাচী চলায় আৰু তালাচীৰ সময়ত ৪৮ টেৰা বাইটৰ অশ্লীল আলোকচিত্র আৰু ভিডিঅ’ জব্দ কৰিবলৈ সক্ষম হয়৷

গ্রেট ব্রিটেইনত থকা ভাতৃৰ সৈতে মিলিত হৈ ৰাজ কুন্দ্রাই ৱেবছাইটযোগে পর্ন ছবিৰ ব্যৱসায় চলাই থকাৰ তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে৷ তদুপৰি ৰাজ কুন্দ্রাই প্রলোভনেৰে মডেলকে ধৰি বিভিন্ন অভিনেত্রীৰ জৰিয়তে পর্ন ছবি নির্মাণৰো অনেক অভিযোগ পোহৰলৈ আহিছে৷

উল্লেখ্য যে বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীয়ে ২০০৯ চনত ৰাজ কুন্দ্রাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷

RELATED ARTICLES