peepl-small

২০ দিনত জালত পৰিল ৪৪১ সৰবৰাহকাৰী পঞ্জীভুক্ত ২৬৪টা গোচৰ

PUBLISHED:

গুৱাহাটী: নৱপ্রজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়া ড্রাগ্ছৰ বিৰুদ্ধে শেহতীয়াকৈ অভিযান কঠোৰ কৰি তুলিছে অসম আৰক্ষীয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্রান্তত চলোৱা অভিযানত বহু ড্রাগ্ছ সৰবৰাহকাৰী ধৰা পৰাৰ লগতে জব্দ হৈছে হেৰ’ইন, ব্রাউন ছুগাৰ, মৰফিন, নিচাযুক্ত টেবলেট আদিকে ধৰি নগদ ধন৷ পঞ্জাবসদৃশ পৰিৱেশৰ সৃষ্টি কৰি অসমত ড্রাগ্ছৰ অবাধ পয়োভৰ ঘটি ৰাজ্যৰ প্রতিটো কোণতে ৰমৰমীয়া হৈ পৰিছে নতুন প্রজন্মক ধ্বংস কৰি দিয়া এই বৰবিহ৷

অৱশ্যে পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূর্বেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা চৰকাৰখনে সমাজ জীৱন প্রদূষিত কৰা তথা যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্রাগ্ছৰ বিৰুদ্ধে আৰম্ভ কৰিছে ৰণশিঙা৷ যাৰ ফলত যোৱা ১০ মে’ৰ পৰা ৩১ মে’ পর্যন্ত অসম আৰক্ষীৰ জালত পৰিছে ৪৪১জন ড্রাগ্ছ সৰবৰাহকাৰী–আসক্ত্৷ ইতিমধ্যে এই সময়ছোৱাত ২৬৪টা গোচৰ ৰুজু কৰা হৈছে৷ অসম আৰক্ষীৰ তথ্য অনুসৰি যোৱা কুৰিটা দিনত চলোৱা অভিযানত ৬.৫৭৯৯ কিলোগ্রাম হেৰ’ইন, ৫৭৮৫.৮৪৬ কিলোগ্রাম গাঞ্জা, ৯২,৩৬৬টা নিচাযুক্ত টেবলেট, ১১,৬৮১টা কফ ছিৰাপৰ বটল, ২০ গ্রাম মৰফিন, ৪২৬ গ্রাম অপিয়াম আৰু ১৭,১১,১৩০ টকা জব্দ কৰা হৈছে৷ মন কৰিবলগীয়া যে খোদ গুৱাহাটী মহানগৰীতে প্রতিদিনে আৰক্ষীৰ জালত পৰিছে বহু ড্রাগ্ছ সৰবৰাহকাৰী৷ কালি নিশাৰ ভাগত মহানগৰীৰ গড়চুকৰ কটহবাৰীত ১২টা ড্রাগ্ছভর্তি কনটেইনাৰসহ দুজনক গ্রেপ্তাৰ কৰা হৈছে৷

ইতিমধ্যে পোহৰলৈ আহিছে ম্যানমাৰৰ পৰা মণিপুৰ–নাগালেণ্ড হৈ গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহ কৰা আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই গুৱাহাটীত বাহৰ পতাটো৷ আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই মহানগৰীৰ ছয়মাইলত ড্রাগ্ছসহ চাৰিজন মণিপুৰী লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ইফালে ৰাজ্যৰ বিভিন্ন প্রান্তত আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে নগাঁও আৰক্ষীয়ে কালি ৭জন ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ চামগুৰি থানাৰ অন্তর্গত পশ্চিম মোৱামাৰীৰ ৰহমত আলীৰ ঘৰত অভিযান চলাই ৩০.৫৬ গ্রাম হেৰ’ইন, ১১টা ছিৰিঞ্জ, চাৰিটা ম’বাইল ফোন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইফালে শোণিতপুৰ আৰক্ষীয়ে কালি এছকেভেটৰ লগাই ৫০০ৰো অধিক বিঘা গাঞ্জাৰ খেতি নষ্ট কৰিবলৈ সক্ষম হৈছে৷

ড্রাগ্ছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান, ৭জনক গ্রেপ্তাৰ

বিশেষ বার্তা, নগাঁও, নিয়মীয়া বার্তা, চামগুৰি ঃ নগাঁও আৰক্ষীয়ে ড্রাগ্ছ তথা নিচায়ুক্ত ঔষধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ যোৱানিশা নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত নিচায়ুক্ত ঔষধৰ বিৰুদ্ধে অভিযান চলাই নগদ ধনসহ বুজন পৰিমাণৰ ড্রাগ্ছ আৰু সাতজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ জিলাখনৰ চামগুৰি আৰক্ষী থানাৰ অন্তর্গত পশ্চিম মোৱামাৰীৰ ৰহমত আলীৰ ঘৰত অভিযান চলাই ৩০.৫৬ গ্রাম হে’ৰইন, তিনিটা সক্রিয় গুলীসহ বিস্ফোৰক সামগ্রী, চাৰিটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷ একেদৰে চামগুৰি আৰক্ষী থানাৰ অন্তর্গত বাজিয়া গাঁৱৰ হাৰুন ৰছিদৰ ঘৰত অভিযান চলাই ৮টা সৰু কনটেইনাৰ ভর্তি ২০.৫৮ গ্রাম হে’ৰইন আৰু নগদ ২৪,৬০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত আৰক্ষীয়ে কালি পশ্চিম মোৱামাৰীৰ ৰহমত আলী (৫৮), ৰছিদুল হক (৩৩), ৰিয়াজ উদ্দিন (২৫), হাচিনা খাতুন, বাজিয়া গাঁৱৰ ইজাজুল হক, আলী হুছেইন আৰু আইজুল হকসহ সাতজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে যোৱানিশা কামপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে কামপুৰ চেঙাজান অঞ্চলত অভিযান চলাই দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহকাৰী দুজন হ’ল চেঙাজানৰ ইক্রামুল হক (২২) আৰু দিলোৱাৰ হুছেইন (১৯)৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত ড্রাগ্ছসহ সৰবৰাহকাৰী গ্রেপ্তাৰ

বার্তা ব্যুৰ’, বৰপেটা ঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে বৰপেটা জিলাতো বৰপেটা আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান তীব্র কৰি তুলিছে৷ আজি বিয়লি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত আৰক্ষীয়ে হাতে–লোটে ড্রাগ্ছসহ দুটা সৰবৰাহকাৰীক আটক কৰে৷ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বৰপেটা সদৰ আৰক্ষী থানাৰ নগৰ উপ–পৰিদর্শক মুনীন্দ্র দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে সাধাৰণ পোছাকত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত খাপ পিটি থাকে৷ প্রায় তিনি ঘণ্টা খাপ পিটি থকা অৱস্থাত এ এছ–১৯ এইচ–৪২০১ নম্বৰৰ বাইকেৰে অহা দুই ড্রাগ্ছ সৰবৰাহকাৰী বাইক দূৰত এৰি থৈ চিকিৎসা মহাবিদ্যালয় চৌহদত প্রৱেশ কৰে৷ সৰবৰাহকাৰী দুজনৰ জিম্মাৰ পৰা চাবোনৰ বাকচত ভৰাই অনা ১০.৪৫ গ্রাম ব্রাউন চুগাৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে আটক কৰা দুই ড্রাগ্ছ সৰবৰাহকাৰী অভয়াপুৰী লেংটিছিঙাৰ মোজাহিদুল ইছলাম আৰু আশ্রাফুল ইছলাম৷

এক্সকেভেটৰ লগাই শোণিতপুৰ আৰক্ষীয়ে উৎখাত কৰিলে ৫শৰো অধিক বিঘা ভূমিৰ গাঞ্জাৰ খেতি

নিয়মীয়া বার্তা, জামুগুৰিহাট, চতিয়া: ৰাজ্যজুৰি ড্রাগ্ছ তথা নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ শোণিতপুৰ জিলা আৰক্ষীয়েও চলাইছে জোৰদাৰ অভিযান৷ কালি বিয়লি জামুগুৰিহাটৰ নিকটৱর্তী চতিয়াৰ গোসাঁইচাপৰিত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পৰশুৰাম ঘনাৱটৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে এক্সকেভেটৰ লগাই নষ্ট কৰে ৫শৰো অধিক বিঘা মাটিৰ ভাং খেতি৷ জামুগুৰিহাটৰ কুসুমটোলাৰ পৰা তিনিদিন পূর্বে জামুগুৰি আৰক্ষীয়ে ভাংসহ গ্রেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ী ধর্মেশ্বৰ নায়কৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে এই বৃহৎ অভিযান সফলতাৰে সম্পন্ন কৰে৷

RELATED ARTICLES