peepl-small

পিতৃয়ে কালী সাধকৰে মিলি অমাৱস্যাৰ নিশা চিংল’ নৈৰ পাৰত হত্যা কৰিছিল কণমানিক

PUBLISHED:

একৈশ শতিকাত বিজ্ঞান আৰু প্রযুক্তিৰ জয়গান গাই থাকিলেও মানুহৰ মনৰ পৰা অন্ধবিশ্বাস, কুপ্রথা আদি আঁতৰা নাই৷ একমাত্র অন্ধবিশ্বাসৰ বলি হৈয়ে নৰবলিৰ দৰে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল স্বয়ং নিজ পিতৃয়ে৷ কালী মাক সন্তুষ্ট কৰিবলৈ নিজৰ পিতৃয়ে ফুলকুমলীয়া কন্যা সন্তানক মৃত্যুৰ বাবে আগবঢ়াই দিয়া ঘটনা সংঘটিত হৈছে এইখন অসমতে৷ হয়, এনে এক জঘন্য তথা লোমহর্ষক ঘটনাৰ স্থান চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা প্রায় পোন্ধৰ কিলোমিটাৰ নিলগত থকা চফ্রাই৷ চফ্রাই চাহ বাগিচাৰ চিংল’ লাইনত সংঘটিত হোৱা নৰবলি কাণ্ডই হতচকিত কৰি তুলিছে সমগ্র জিলাবাসী ৰাইজক৷

উল্লেখ্য যে চফ্রাইৰ চিংল’ লাইনৰ অপহূত শিশুটিৰ বিগত তিনিটা দিনৰ অন্তত কালি সন্ধিয়া মৃতদেহ চিংল’ নৈত উদ্ধাৰ হোৱাৰ পাছতে শিশুটি অন্ধবিশ্বাসৰ ফলত নৰবলি প্রথাৰ দৰে ভয়ংকৰ কাণ্ডৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সমগ্র ঘটনাৰ সৈতে জডিত হৈ পৰিছে শিশুটিৰ পিতৃৰ লগতে এজন কালী সাধক আৰু আন এজন যুৱক৷ ঘটনাই লৈছে এক অতি হূদয়বিদাৰক আৰু চাঞ্চল্যৰে ভৰা কাহিনীৰ ৰূপ৷ এই শিশু নৰবলিৰ প্রকৃত পৰিকল্পনাকাৰী ব্যক্তি দুজন হ’ল একে অঞ্চলৰে কালী সাধক বগাধৰ মুণ্ডা (৪২) আৰু শিশুটিৰ পিতৃ আন্তা মুণ্ডা (৫৫)৷ তেওঁলোকৰ সহায়কাৰী ৰাজু মুণ্ডা (২৫)৷

প্রকৃততে সমগ্র ঘটনাটো কেনেকৈ ক’ৰ পৰা আৰম্ভ হৈছিল, সেই সন্দর্ভত বুধবাৰে পুৱা ‘নিয়মীয়া বার্তা’ৰ হৈ ঘটনাস্থলীত উপস্থিত হৈ চলোৱা চৰজমিন অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি যোৱা আঠ আগষ্টৰ নিশা ১১.৩০মান বজাত ৪ বছৰীয়া শিশু প্রিয়া মুণ্ডাক ঘৰৰ ভিতৰৰ পৰা কোনো অচিনাক্ত ব্যক্তিয়ে বেৰা ভাঙি লৈ যায় বুলি পিতৃ আন্তা মুণ্ডাই স্থানীয় গাঁওৰক্ষী বাহিনী আৰু চফ্রাই চাহ বাগিচা কর্তৃপক্ষক অৱগত কৰে৷ পৰৱর্তী সময়ত চফ্রাই আৰক্ষী চকীত শিশুটিৰ জ্যেষ্ঠ ভগ্ণী ৰীতামণি মুণ্ডাই এখন এজাহাৰ দাখিল কৰে৷ সমগ্র ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত চলাই পিতৃসহ ১১জন ব্যক্তিক আটক কৰে৷ অপহূত শিশুটিৰ মৃতদেহ দুদিনমানৰ পাছতে সমীপতে থকা চিংল’ নৈত উদ্ধাৰ হোৱাৰ পাছতে ঘটনাৰ প্রকৃত ৰহস্য উদ্ঘাটন হ’বলৈ ধৰে৷

উল্লেখ্য যে স্থানীয় ৰাইজে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত শিশুটিৰ এটা চকু নথকাৰ লগতে জিভাখনো আধা কটা আছিল৷ শিশুটিৰ মৃত্যুৰ সৈতে জডিত থকা সমূহ তথ্যৰ পৰা শিশুটি নৰবলি প্রথাৰ স্বীকাৰ হোৱাটো নিশ্চিত হৈছে৷ স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীয়ে দিয়া অভিযোগ অনুসৰি যোৱা আঠ আগষ্টৰ দিনা ‘অমাৱস্যা’ হোৱা হেতু নিশা কালী সাধক বগাধৰ মুণ্ডাই পিতৃক লগত লৈ সহযোগী ৰাজু মুণ্ডাৰ সহযোগত চিংল’ নৈৰ পাৰত কালীক পূজিবলৈ গৈ পূজা–র্চনাৰ অন্তত শিশুটিক বধ কৰি নৈত পেলাই দিয়ে৷ পূজা–র্চনাৰ অন্তত নৈখনত পূজাৰ সা–সামগ্রী, কোমোৰা, টিযঁহ, কলৰ ডোং ইত্যাদি সামগ্রীসমূহ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ আশে–পাশে নৈখনত উদ্ধাৰ হয়৷ ইতিমধ্যে আজি চৰাইদেউ জিলা উপ–আৰক্ষী অধীক্ষক অনিতা কোঁৱৰে শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈ পূজাৰ সামগ্রীসমূহ জব্দ কৰে৷ লগতে ঘটনাস্থলীৰ কাষতে কালী সাধকজনে পৰিধান কৰা কাপোৰ–কানি আৰু শিশুটিৰ গাৰ কাপোৰ উদ্ধাৰ কৰে৷

ইফালে এই কালী সাধকৰ শিশুটি পূজাৰ বলি হোৱাৰ মূল কাৰণ সন্দর্ভত জানিব পৰা অনুসৰি শিশুটিৰ পিতৃ আন্তা মুণ্ডা হ’ল ৬গৰাকী কন্যা সন্তানৰ পিতৃ৷ একেবাৰে অন্তিমগৰাকী হ’ল নৰবলিৰ স্বীকাৰ হোৱা প্রিয়া মুণ্ডা৷ গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি প্রিয়া মুণ্ডাৰ জন্মৰ কেইদিনমান পাছতে মাতৃ আৰু এগৰাগী ভগ্ণীৰ মৃত্যু হয়৷ তাৰ পাছতে কালী সাধক বগাধৰ মুণ্ডাৰ লগত অনবৰতে কর্মৰ সহযোগী হিচাপে থকা আন্তা মুণ্ডাক কালী সাধকজনে নিজ মনোবাঞ্ছা তথা কালীক পূজিবলৈ গৈ পতিয়ন নিয়ায় যে প্রিয়া মুণ্ডাৰ জন্মৰ পাছতে যিহেতু তেওঁৰ পত্নী আৰু এগৰাকী কন্যাৰ মৃত্যু হৈছে, সেয়ে এইগৰাকী কন্যা প্রকৃততে অশুভ৷ সেয়ে এই কন্যা সন্তানটি জীয়াই থকাটো সকলোৰে বাবে বিপজ্জনক হ’ব৷

সেইমর্মে অমাৱস্যাৰ নিশা এক অপহৰণ কাণ্ড ৰচনা কৰি তিনিওজন ব্যক্তিয়ে অতি হূদয়হীনভাৱে নৃশংসভাৱে হত্যা কৰে৷ শিশুটিক কেনেধৰণে হত্যা কৰিলে, সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতে নিশ্চিত হ’ব৷ উল্লেখ্য যে মৃত্যুৰ দিনাখনেই শিশুটিক চফ্রাইৰ ৭নং লাইনত থকা বায়েক–ভিনিয়েকৰ ঘৰৰ পৰা পিতৃ আন্তা মুণ্ডাৰ নির্দেশমর্মে পিতৃৰ ঘৰত দিনৰ ভাগত ৰাখি গৈছিল বায়েক ৰীতামণি মুণ্ডাই৷ নিশালৈ সমগ্র ঘটনাটো সংঘটিত হয়৷ এই ঘটনাই সমগ্র চাহ বাগিচাখনৰ লগতে জিলাখনক জোকাৰি গৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে আজি সোণাৰি আৰক্ষী থানাত ১৬২/২১ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৪৪৮/৩৬৩ ধাৰাৰ অধীনত তিনি অভিযুক্ত পিতৃ আন্তা মুণ্ডা, কালী সাধক বগাধৰ মুণ্ডা আৰু সহযোগী ৰাজু মুণ্ডাক গ্রেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

RELATED ARTICLES