peepl-small

বাইহাটা চাৰিআলিত চাৰিখন চুৰি বাইক উদ্ধাৰ; ধৃত ২

PUBLISHED:

গুৱাহাটী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে পৃথকে পৃথকে কালি বিয়লিৰে পৰা নিশালৈ অভিযান চলাই ৪ খন চুৰি মটৰ চাইকেল সহ অভিযুক্ত দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্যানুসৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বাধীন এটি আৰক্ষীৰ দ’লে এই অভিযান চলাই থানাখনৰ অন্তৰ্গত বগলচ চ’ক-সাঁজেই পথৰ দাঁতিৰ পৰা দুখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা চোৰকো আটক কৰিবলৈ সক্ষম হয় । ধৃত

চোৰটো দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ নাজিমুদ্দিন আহমেদৰ পুত্ৰ জেহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ পিছত ধৃত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত বাইহাটা চাৰিআলি থানা সীমান্তৰ পিয়লিখাটাৰ পৰা আন দুখন চুৰি  মটৰচাইকেল অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰাৰ লগতে আলিপূবৰ মফিদুল নামৰ আন এজন যুৱককো আটক কৰা হয় ।অৱশ্যে আৰক্ষীৰ আগমনৰ খৱৰ পায়েই ৰাতুল ডেকা নামৰ এটা চোৰে কলাজল নদী পাৰ হৈ পলাই সাৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী  থানাত ১৭৩/২০২১ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰাৰ লগতে ধৃত দুয়োটা অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱাত সিহতক জেল হাজোততলৈ প্ৰেৰণ কৰা হয় । উদ্ধাৰ হোৱা আটাই কেইখনতে ভুৱা নম্বৰ লগাই ৰখা হৈছে । ইয়াৰে তিনিখন গ্লেমাৰ আৰু এখন স্কুটী ।

RELATED ARTICLES