peepl-small

গুৱাহাটীৰ ৩৬৬ ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা ১৭খন পাহাৰত প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলন৷ বিগত বর্ষৰ ২৮ জুনত খাৰঘুলিত পাহাৰ খহি প্রিয়ংকা বড়ো নামৰ এগৰাকী প্রতিভাৱান ছাত্রীৰ মৃত্যু হোৱাৰ লগতে কাহিলিপাৰাত সংঘটিত ভূমিস্খলনত পাহাৰৰ শিল খহি এগৰাকী মহিলাৰ মৃত্যু হৈছিল৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ পাণ্ডু, খাৰঘুলি আদিকে ধৰি কেইবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷

ভূমিস্খলনৰ বাবেই খাৰঘুলিৰ ৰাজভৱনো কইনাধৰালৈ স্থানান্তৰ কৰিবলগীয়া হৈছে৷ কালি পাণ্ডুত সংঘটিত এক ভূমিস্খলনত এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে তিনিজনকৈ লোক আহত হোৱা ঘটনাই মহানগৰবাসীক শোকাহত কৰি তোলাৰ সময়তে এনে ঘটনা যিকোনো মুহূর্ততে গুৱাহাটীৰ আন আন অঞ্চলতো সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ মহানগৰীৰ পাহাৰ অঞ্চলত জধে–মধে কৰা খনন, সুপৰিকল্পনাৰ অভাৱ, বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷ বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ মালিগাঁও, পাণ্ডু, খাৰঘুলি, কামাখ্যা মন্দিৰ পথকে ধৰি কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ কামৰূপ (মহানগৰ) জিলা প্রশাসনে গুৱাহাটীত ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰিছে৷

প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলনপ্রৱণ অঞ্চলসমূহত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে৷ শৰণীয়া পাহাৰ, মালিগাঁও, নৰকাসুৰ, ফটাশিল আমবাৰী, খাৰঘুলি, চূণচালি, নুনমাটি, নাৰেংগী, যোৰাবাটকে ধৰি মহানগৰীৰ ১৭খন পাহাৰত ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল প্রশাসনে চিনাক্ত কৰাৰ পিছতো ভূমিস্খলন ৰোধৰ বাবে সুদূৰপ্রসাৰী ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ বাৰিষা বৰষুণ হ’লেই এই অঞ্চলসমূহত সৰু–বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ প্রশাসনে প্রতিবছৰে তির্পালেৰে ঢ়াকি পাহাৰ খনন ৰোধৰ চেষ্টা চলাই আহিছে৷ ভূমিস্খলন সংঘটিত হোৱাৰ পিছত উক্ত অঞ্চলটো ছীল কৰিয়েই প্রশাসন আৰু দুর্যোগ প্রশমন বিভাগে দায়িত্ব সামৰিছে৷ ফলত প্রতিবছৰে ভূমিস্খলনত গুৱাহাটী মহানগৰীত জীৱন আৰু সম্পত্তিৰ হানি হৈছে৷ ২০১৪ চনৰ পিছত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ঘটনাত ১৪জনৰো অধিক লোকে প্রাণ হেৰুৱাইছে৷

ইয়াৰ উপৰি বহু লোক আহত হোৱাৰ লগতে ভূ–সম্পত্তিৰ হানি হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মহানগৰীৰ চৌপাশ আগুৰি থকা পাহাৰসমূহত দিনকদিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা৷ বিভিন্ন পাহাৰত হকে–বিহকে খনন কৰি একাংশ লোকে ঘৰ বন্ধাৰ বাবেও ভূমিস্খলনৰ সমস্যাই ক্রমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ভূমিস্খলন ৰোধৰ বাবে কেতবোৰ ব্যৱস্থা ঘোষণা কৰে যদিও সময়ত এইসমূহ কার্যকৰী নকৰাৰ বাবে ভূমিস্খলনে প্রতিবছৰে মহানগৰীত ত্রাসৰ সৃষ্টি কৰিছে৷

RELATED ARTICLES