peepl-small

মহানগৰীত ১৭ মাহত ৩০৭ ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ী চক্রৰ ট্রেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা মণিপুৰ, মিজোৰাম, নাগালেণ্ডৰ মাজেৰে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ী চক্রই গুৱাহাটীলৈ অব্যাহত ৰাখিছে নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ অসম আৰক্ষীৰ অভিযানত ড্রাগ্ছসহ জালত পৰিছে বহু ড্রাগ্ছ ব্যৱসায়ী৷ ড্রাগ্ছ ব্যৱসায়ৰ অন্যতম ঘাটি হিচাপে পৰিগণিত গুৱাহাটী মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১০ মে’ত শপতগ্রহণ কৰাৰ দিনাৰে পৰা ৰাজ্যজুৰি ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো ১০ মে’ৰ পৰা ৩১ মে’লৈকে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই এন ডি পি এছ এক্টৰ অধীনত ৩১টাকৈ গোচৰ ৰুজু কৰে৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই অভিযান চলাই ৪৮টা ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ যুটীয়া অভিযানত ৯৭.৩৩ গ্রাম ব্রাউন ছুগাৰ, ১০২.৬৭ গ্রাম হেৰ’ইন, ২৫.৪৪৬ কেজি গাঞ্জা, ১৩০টা নিচাজাতীয় টেবলেট, ৯খন মটৰচাইকেল, ৩খন চাৰিচকীয়া বাহনৰ লগতে নগদ ৩,৭২,৬৬০ টকা জব্দ কৰে৷ মহানগৰ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা মে’ মাহলৈ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই এন ডি পি এছ এক্টৰ অধীনত সর্বমুঠ ৬১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১০৬গৰাকী লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

বিগত পাঁচটা মাহত গুৱাহাটীত ৫৫৭.৩৪৭ কেজি গাঞ্জা, ২৪৮.১৬ গ্রাম ব্রাউন ছুগাৰ, ৪৭০.৪৮ গ্রাম  হেৰ’ইন, ৭,৪১৬টা চেমপেক্স টেবলেট, ৩০,০০০ ডব্লিউ ৱাই টেবলেট, ৩৫ বটল কফ ছিৰাপ, ২১০টা নিট্রাজেপাম টেবলেট, ৪২,১০০টা নিচাজাতীয় টেবলেট, ৩০টা নিট্রচাম টেবলেট জব্দ কৰাৰ লগতে নগদ ১১,০১,৫৫৫ টকা জব্দ কৰে৷ প্রাপ্ত তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহত এন ডি পি এছ এক্টৰ অধীনত ৫টা গোচৰৰ বিপৰীতে ১০জন, ফেব্রুৱাৰী মাহত ৮টা গোচৰৰ বিপৰীতে ১৬জন, মার্চ মাহত ১০টা গোচৰৰ বিপৰীতে ২৩জন, এপ্রিলত ৪টা গোচৰৰ বিপৰীতে ৬জন আৰু মে’ মাহত ৩৪টা গোচৰৰ বিপৰীতে ৫১গৰাকী ড্রাগ্ছ সৰবৰাহকাৰীক মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই অভিযান চলাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ২০২০ বর্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই এন ডি পি এছ এক্টৰ অধীনত সর্বমুঠ ১১৩টা গোচৰ ৰুজু কৰি ২০৮গৰাকী ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উক্ত বর্ষটোত ১.১২৭ কেজি ব্রাউন ছুগাৰ, ১.৭৯৬ কেজি হেৰ’ইন, ১৩,৬০৮টা কফ ছিৰাপৰ বটল, ১.৪৮ কেজি ড্রাগ্ছ জাতীয় পাউডাৰ, ২৪০ বটল  ছিৰাপ, ৪৩ গ্রাম ক’কেইন, ২,১৮১টা ডব্লিউ ৱাই টেবলেট, ৪৯৬.৫৩ গ্রাম কানিকে ধৰি বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই৷ উক্ত বর্ষটোত সর্বমুঠ ১.০৩ কোটি টকা নগদ ধন জব্দ কৰে৷

প্রাপ্ত তথ্য অনুসৰি ২০২০ বর্ষৰ জানুৱাৰী মাহত এন ডি পি এছ এক্টৰ অধীনত ৫টা গোচৰৰ বিপৰীতে ১০জন, ফেব্রুৱাৰীত ১২টা গোচৰৰ বিপৰীতে ২২জন, মার্চ মাহত ১২টা গোচৰৰ বিপৰীতে ২০জন, এপ্রিল মাহত ৯টা গোচৰৰ বিপৰীতে ১৫জন, মে’ মাহত ৯টা গোচৰৰ বিপৰীতে ১৮জন, জুনত ৯টা গোচৰৰ বিপৰীতে ১৪জন, জুলাইত ৪টা গোচৰৰ বিপৰীতে ৯জন, আগষ্টত ৬টা গোচৰৰ বিপৰীতে ১৭জন, ছেপ্ঢেম্বৰত ১১টা গোচৰৰ বিপৰীতে ২০জন, অক্টোবৰত ৮টা গোচৰৰ বিপৰীতে ১৩জন, নৱেম্বৰত ১৮টা গোচৰৰ বিপৰীতে ২৭জন আৰু ডিচেম্বৰ মাহত ১০টা গোচৰৰ বিপৰীতে ২৩জন লোকক মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

RELATED ARTICLES