peepl-small

কাজিৰঙাত গঁড় হত্যা কৰিবলৈ নাগালেণ্ড–মণিপুৰৰ পৰা আহে শ্বুটাৰ

PUBLISHED:

গুৱাহাটী:  নগাঁও জিলাৰ জখলাবন্ধাৰ আৰক্ষীয়ে গোপন সূত্রৰ তথ্যমতে যোৱানিশা অভিযান চলাই তিনি গঁড়ৰ চোৰাং চিকাৰীক মাৰণাস্ত্রসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ নির্দেশমর্মে জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত ৩টা দলত বিভক্ত আৰক্ষীৰ দলে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নগাঁও জিলাৰ অংশত পৰাবাগৰি, বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে জখলাবন্ধাত অভিযান চলাই চোৰাং চিকাৰী দলটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্রই জনোৱা মতে এই চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত গঁড় হত্যাৰ বাবে পৰিকল্পনা কৰিছিল৷ এই পৰিকল্পনা সফল কৰিবৰ বাবে চোৰাং চিকাৰীৰ দলটোৱে জখলাবন্ধা আৰু বুঢ়াপাহাৰ এলেকাত অৱস্থান কৰিছিল৷

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চোৰাং চিকাৰীকেইজন হ’ল– নাগালেণ্ডৰ ডিমাপুৰৰ কিয়েজু গাঁৱৰ ডেনি ইয়পথমি, নগাঁও জিলাৰ ৰূপহীৰ ছাইদৰীয়াৰ আনোৱাৰ হুছেইন আৰু ৯ নম্বৰ কাঠপাৰাৰ ৰফিকুল ইছলাম৷ আৰক্ষীয়ে চোৰাং চিকাৰীকেইটাৰ পৰা চাইলেঞ্চাৰসহ এটা থ্রী নট থ্রী ৰাইফল, ১০ ৰাউণ্ড থ্রী নট থ্রী ৰাইফলৰ সক্রিয় গুলী, তিনিটা ম’বাইল আৰু এখন টার্প’লিন জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্রই জনোৱা মতে চোৰাং চিকাৰী দলটোৰ আনোৱাৰ হুছেইন নামৰ চোৰাং চিকাৰীজনক জখলাবন্ধাত সন্দেহজনক অৱস্থাত প্রত্যক্ষ কৰি জখলাবন্ধা আৰক্ষীয়ে গ্রেপ্তাৰ কৰি সোধা–পোছা কৰে৷ আনোৱাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বুঢ়াপাহাৰ অঞ্চলৰ পৰা ডেনি আৰু ৰফিকুলক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

সূত্রটোৱে জনোৱা মতে, গঁড়ৰ চোৰাং চিকাৰৰ বাবে অহা দলটোত ডিমাপুৰ, মণিপুৰ আৰু নগাঁও জিলাৰ কেইবাজনো চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ বাবে ৰাষ্ট্রীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলত বাহৰ পাতিছিল৷ আৰক্ষীয়ে ৩জনক গ্রেপ্তাৰ কৰিছে যদিও আনকেইজনক গ্রেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ ধৃত আনোৱাৰ হুছেইনক মাৰণাস্ত্রসহ ২০১৯ চনত জখলাবন্ধা আৰক্ষীয়ে বাগৰিৰ পৰা গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ কাৰাগাৰৰ পৰা ওলাই আহি আনোৱাৰে পুনৰ গঁড় হত্যাৰ বাবে চেষ্টা অব্যাহত ৰাখে৷

সূত্রটোৱে জনোৱা মতে কাজিৰঙাত গঁড় হত্যাৰ বাবে চোৰাং চিকাৰীৰ এক বিশাল নেটৱর্ক আছে৷ চোৰাং চিকাৰী দলত শ্বুটাৰ, মাৰণাস্ত্র ক্রয়–বিক্রয় কৰা, ফিল্ডৰ আৰু ধন যোগান ধৰা লোক জড়িত হৈ থাকে৷ গঁড় হত্যাৰ বাবে প্রয়োজন হোৱা মাৰণাস্ত্র নাগালেণ্ড আদি বহিঃৰাজ্যৰ পৰা সৰবৰাহ হয় বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে আটকাধীন তিনি চোৰাং চিকাৰীৰ জেৰাৰ ভিত্তিত পুনৰ জখলাবন্ধা আৰক্ষীয়ে  নগাঁৱৰ আমনিৰ পৰা বাহাৰুল ইছলাম নামৰ আন এজন চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে এ এছ ০২ জে ৪৪৯০ নম্বৰৰ এখন ডিস্ক’ভাৰ বাইকো জব্দ কৰে৷ জখলাবন্ধা আৰক্ষী সূত্রই জনোৱা মতে, ২০১৯ৰ পৰা বর্তমানলৈকে আঢ়ৈ বছৰত ৰাষ্ট্রীয় উদ্যানখনৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত এটাও গঁড় হত্যা কৰিবলৈ চোৰাং চিকাৰী সক্ষম হোৱা নাই৷

RELATED ARTICLES