peepl-small

জি এম চি এইচত ২৮খন আই চি ইউ বিছনাৰ কক্ষ মুকলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

PUBLISHED:

গুৱাহাটী: ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে চলাই থকা যুঁজ অধিক সবল কৰি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত সংযোজন হ’ল ২৮খন আই চি ইউ বিছনা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অত্যাধুনিক সা–সৰঞ্জামেৰে সাজু কৰি তোলা এই আই চি ইউ কক্ষটো সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সৈতে মুকলি কৰা এই আই চি ইউ কক্ষটো সোমবাৰৰে পৰা কার্যক্ষম হ’ব আৰু ইয়াত ক’ভিড নিগেটিভ হোৱা সংকটপূর্ণ ৰোগীক ৰখা হ’ব৷

উল্লেখ্য যে কালি কালাপাহাৰ ক’ভিড চিকিৎসালয়ত ১০খন আই চি ইউ বিছনাৰ আন এটা কক্ষ মুকলি কৰা হৈছিল৷ ইয়াকে লৈ দুটা দিনত ক’ভিড চিকিৎসাৰ বাবে নতুনকৈ সংযোজন হ’ল ৩৮খন আই চি ইউ বিছনা৷ সোমবাৰে এই কক্ষ মুকলি কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ক’ৰোনাত আক্রান্ত হোৱা গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাবে নাটনি হোৱা নাই আই চি ইউ৷ আজি নতুনকৈ সংযোজন হোৱা এই ২৮খন আই চি ইউত থকা ক’ভিড ৰোগী ক’ৰোনামুক্ত হৈছে, কিন্তু তেওঁলোকক আই চি ইউৰ আৱশ্যক হৈ আছে, সেই ৰোগীসকলকহে এই কক্ষত ৰখা হ’ব৷ ইয়াৰ ফলত ক’ভিড আক্রান্ত ৰোগীৰ বাবে খালী হ’ব আই চি ইউৰ বিছনা৷ কালাপাহাৰ ক’ভিড চিকিৎসালয় আৰু জি এম চি এইচত অহা ১০–১৫ দিনত পুনৰ ৩৮খন আই চি ইউ বিছনা সাজু কৰি তোলা হ’ব৷ আনহাতে, ১৫ জুনলৈ একেলগে ২০০ আই চি ইউ বিছনা ক’ভিড ৰোগীৰ বাবে সংযোজন কৰিব পৰা যাব৷

মন কৰিবলগীয়া যে ক’ৰোনাৰ দ্বিতীয় ঢৌৱে সংক্রমণৰ সংখ্যা বৃদ্ধি কৰি তোলাৰ ফলত ক্রমাৎ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ এনে অৱস্থাত আই চি ইউ বিছনাৰ অভাৱৰ শংকাই দেখা দিছিল যদিও স্বাস্থ্য বিভাগে নতুনকৈ জি এম চি এইচ আৰু কালাপাহাৰত আই চি ইউ বিছনা সাজু কৰি তুলি এইক্ষেত্রত সকলোধৰণে সাজু হ’বলৈ সক্ষম হৈছে৷

সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো স্পষ্ট কৰে যে ক’ৰোনাত গুৰুতৰভাৱে আক্রান্ত হোৱা ৰোগীৰ বাবে আই চি ইউ বিছনাৰ অভাৱ হোৱা নাই৷ প্রতিজন ৰোগীকে জি এম চি এইচ আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালত আই চি ইউ বিছনা দিবলৈ স্বাস্থ্য বিভাগ সক্ষম হৈছে৷

ইফালে, ক’ৰোনাৰ সম্ভাব্য তৃতীয় ঢৌক লৈ ৰাজ্য চৰকাৰ চিন্তিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আজি সংবাদ মাধ্যমক কয়– ক’ৰোনাৰ তৃতীয় ঢ়ৌৱে শিশুক আক্রান্ত কৰিব বুলি ইতিমধ্যে বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ সেয়েহে ইয়াৰ প্রভাৱ সম্পর্কে সবিস্তাৰে আলোচনা কৰাৰ বাবে কাইলৈ স্বাস্থ্য বিভাগৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰা হ’ব৷

আনহাতে, এই সপ্তাহৰ ভিতৰতে ক’ৰোনাৰ সংহাৰ ৰূপ ৰাজ্যত কিছু হ্রাস পাব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয়– ক’ৰোনাৰ সংক্রমণ অহা ৭ দিনত হ্রাস পাব বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব৷ ভয়াৱহতা এতিয়াও আছে৷ আনহাতে, ৰাজ্যত এক লাখ লোকক ক’ভিড পৰীক্ষা কৰাৰ জটিল দায়িত্ব কার্যকৰী কৰাৰ বাবে সোমবাৰে মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগক ধন্যবাদ জনায়৷

ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৫.৬৮ শতাংশলৈ হ্রাস হোৱাটো ইতিবাচক খবৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী শর্মাই প্রতিজন ব্যক্তিকে যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰাৰ বাবেও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে এইক্ষেত্রত কয়– ক’ভিড পজিটিভৰ হাৰ হ্রাস পাইছে যদিও মৃত্যুৰ হাৰ এতিয়াও হ্রাস হোৱা নাই৷ তদুপৰি ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ দৰে নতুন ৰোগে এতিয়া দেখা দিবলৈ আৰম্ভ কৰিছে৷ সেয়েহে সকলোৱে সজাগ হ’ব লাগিব৷ আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত সোমবাৰে মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে যিসমূহ জিলাত ক’ভিড পৰিস্থিতি উন্নত হ’ব, সেই জিলাসমূহলৈ যাতায়াত কৰাৰ ক্ষেত্রত কিছু শিথিলতা অনা হ’ব৷

অৱশ্যে সকলো দিশ পৰীক্ষাৰ অন্ততহে চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ সোমবাৰৰ এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, জি এম চি এইচৰ অধ্যক্ষ অচ্যুৎ বৈশ্যৰ লগতে জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে৷

RELATED ARTICLES