peepl-small

দেওবাৰে নতুনকৈ আক্রান্ত ২,২২৮ ব্যক্তি প্রাণ গ’ল ৩৭জনৰ

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ দেওবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,২২৮জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩০৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰৰ ২৮১জন, তিনিচুকীয়াৰ ১৯৬জন আৰু ডিব্রুগড়ৰ ১৭০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ দেওবাৰৰ দিনটোত মুঠ ৭৩,৬৪৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ আক্রান্তৰ হাৰ হৈছে ৩.০৩ শতাংশ৷ ইফালে বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৬জন তিনিচুকীয়াৰ৷

তদুপৰি শোণিতপুৰৰ ৪জন, কাছাৰ–কামৰূপ (মহানগৰ)–নগাঁৱৰ তিনিজনকৈ, দৰং–শিৱসাগৰ–ওদ দুজনকৈ, বাক্সা–বৰপেটা–বিশ্ব আংলং–লখিমপুৰৰ এজনকৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ আজি ক’ভিডৰ পৰা সুস্থিৰ হোৱা লোকৰ সংখ্যা হৈছে ৪,০৭৬জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা লোকৰ সংখ্যা হৈছে ৪৯,৫১৮জন৷ উল্লেখ্য যে ৰাজ্যত ক্রমাগতভাৱে হ্রাস পাইছে ক’ৰোনা আক্রান্তৰ হাৰ৷ ক’ভিডৰ পৰিস্থিতি পর্যালোচনাৰ পাছতে আজিৰে পৰা ৰাজ্যজুৰি কেতবোৰ নীতি–নির্দেশনা শিথিল কৰা হৈছে৷ আজিৰে পৰা ৰাজ্যত দিনৰ এক বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ তদুপৰি দোকান–পোহাৰ দিনৰ ১২ বজালৈ খোলাৰ অনুমতি প্রদান কৰা হৈছে৷

প্রথমবাৰলৈ দেশত ক’ভিডত সংক্রমিত লোকৰ সংখ্যা ২৪ ঘণ্টাত ১,১৪,৪৬০লৈ হ্রাস

দেশত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰে এতিয়াও বিভীষিকা সৃষ্টি কৰি আছে যদিও প্রথমবাৰলৈ সংক্রমিত লোকৰ সংখ্যা ২৪ ঘণ্টাত ১,১৪,৪৬০লৈ হ্রাস পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি ২৪ ঘণ্টাত ক’ভিড সংক্রমিত লোকৰ সংখ্যা অভাৱনীয় হাৰত হ্রাস পোৱাটো দেশবাসীৰ বাবে এক আশাপদ খবৰ হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত প্রাণ হেৰুৱাইছে ২,৬৭৭গৰাকী লোকে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি বর্তমান দেশত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৩,৪৬,৭৫৯লৈ বৃদ্ধি পাইছে৷ বিগত এটা সপ্তাহৰ ভিতৰত ক’ভিড মহামাৰীত সংক্রমিত লোকৰ সংখ্যা দেশত পর্যায়ক্রমে হ্রাস পাই আহিছে৷ অৱশ্যে প্রাণঘাতী মহামাৰী এতিয়াও আশংকাৰ কাৰণ হৈ আছে বিভিন্ন অঞ্চলত৷ সেইবাবে কেইবাখনো ৰাজ্যত ক’ভিড–১৯ প্রতিৰোধী নিষেধাজ্ঞা তথা লকডাউন শিথিল কৰা হৈছে যদিও সম্পূর্ণ লকডাউন প্রত্যাহাৰৰ চিন্তা কেন্দ্রীয় চৰকাৰে এতিয়াও কৰা নাই৷ ইফালে, ভাৰতত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংহাৰ কিছু হ্রাস পোৱাৰ সময়তে দেশত ভেকচিন গ্রহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এতিয়ালৈকে ভাৰতত ২৩,১৩,২২,৪১৭গৰাকী লোকে ভেকচিন ল’বলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত সমগ্র দেশত ভেকচিন হৈছে ৩৩,৫৩,৫৩৯গৰাকী লোকে৷

RELATED ARTICLES