peepl-small

২০ কোটি ভেকচিন ড’জ প্রদানেৰে অভিলেখ; বিশ্বৰ দ্বিতীয় দেশ ভাৰত

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ লৈ থকাৰ মাজতে ক’ভিড–১৯ টিকাকৰণ অভিযানো অব্যাহত আছে৷ ক’ভিড–১৯ ভেকচিনৰ ২০ কোটি ড’জ প্রদানেৰে বিশ্বৰ দ্বিতীয় দেশ হিচাপে স্বীকৃতি পালে ভাৰতে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রথমখন দেশ হিচাপে ২০ কোটি ভেকচিন ড’জ প্রদান কৰাৰ পাছত আজি ভাৰতে ২০ কোটি ভেকচিন ড’জ প্রদান কৰি দ্বিতীয় দেশ হ’ল৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে ১৩০ দিনৰ ভিতৰত ভাৰতে ২০ কোটি ক’ভিড ভেকচিনৰ ড’জ প্রদান কৰিলে৷ ইয়াৰ পূর্বে আমেৰিকাই ১২৪ দিনত ২০ কোটি ভেকচিন ড’জ নাগৰিকক প্রদান কৰিছিল৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ভেকচিন প্রদান কৰাৰ ভিতৰত ৬০ বছৰৰ ঊর্ধ্বৰ ৪২ শতাংশ লোকক ভেকচিনৰ প্রথমটো ড’জটো প্রদান কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত ২০,৩৯,০৮৭জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াকে লৈ দেশজুৰি ভেকচিন প্রদানৰ সংখ্যা ২০,০৬,৬২,৪৫৬জনলৈ বৃদ্ধি পাইছে৷

তাৎপর্যপূর্ণ যে বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান যোৱা ১৬ এপ্রিলত আৰম্ভ কৰা হৈছিল৷ প্রথম পর্যায়ত ক’ভিড যুঁজৰ অগ্রগণী যোদ্ধা, চিকিৎসক, স্বাস্থ্যকর্মীৰ লগতে ৬০ৰ ঊর্ধ্বৰ লোকক ভেকচিন প্রদান কৰা হৈছিল৷ পিছলৈ দ্বিতীয় পর্যায়ৰ ৪৫ৰ ঊর্ধ্বৰ সকলো ব্যক্তিক ভেকচিন প্রদান কৰা অভিযান আৰম্ভ হয়৷ যোৱা এক মে’ৰ পৰা তৃতীয় পর্যায়ত ১৮–৪৪ বছৰৰ ভিতৰৰ লোকক ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হৈছে৷ লক্ষণীয় যে ভেকচিনৰ নাটনিৰ বাবে দেশৰ প্রায়বোৰ ৰাজ্যতেই ভেকচিন প্রদান প্রক্রিয়া লেহেমীয়া হোৱাৰ লগতে কেইবাখনো ৰাজ্যৰ প্রধান প্রধান চহৰসমূহত ভেকচিন অভিযান বন্ধ ৰাখিবলগীয়া হৈছে৷

 

RELATED ARTICLES