peepl-small

গড়চুক–জালুকবাৰী– আদাবাৰীত জব্দ ১৩.৩৩ লাখ টকা

PUBLISHED:

গুৱাহাটীঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্র ৰাজ্যৰ লগতে মহানগৰীত টকাৰ উজান উঠিছে৷ একাংশ লোকে নির্বাচনী বিধি উলংঘাৰে টকা সৰবৰাহ কৰি আহিছে৷ সোমবাৰে আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ এটা গোটে মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই ১৩.৩৩ লাখ টকা জব্দ কৰে৷

প্রাপ্ত তথ্য মতে গড়চুক আৰক্ষীয়ে পামহীৰ মইনা খোৰোং তিনিআলিৰ পৰা তালাচী চলাই ৯.৫ লাখ টকা জব্দ কৰে৷ উল্লেখ্য যে টকাখিনি পলাশবাৰীৰ গৌতম দাস নামৰ এজন লোকে লখৰাৰ পৰা ৰাণীলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল৷ গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে টকাখিনি জব্দ কৰি ফ্লায়িং স্কোৱাডক গতাই দিয়ে৷

ইপিনে, মহানগৰীৰ জালুকবাৰীৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ লোকে অভিযান চলাই আদাবাৰীৰ পৰা বিদিশা দাস নামৰ এজন লোকৰ পৰা ১.১৪ লাখ টকা জব্দ কৰে৷ আনহাতে, গণেশগুৰিৰ পৰা আৰক্ষীয়ে জাহাংগীৰ আলম নামৰ এজন লোকৰ পৰা ১ লাখ টকা৷ আন এটা গোটে অভিযান চলাই জালুকবাৰীৰ পৰা ২.১৪ লাখ টকা জব্দ কৰে৷

RELATED ARTICLES