peepl-small

খানাপাৰাত ১১ গভাইত চোৰক গ্রেপ্তাৰ আৰক্ষীৰ

PUBLISHED:

গুৱাহাটী: ক’ৰোনা মহামাৰীৰ সময়ছোৱাত মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ চোৰ–ডকাইতকে ধৰি মহানগৰীত অপৰাধী চক্রই মহানগৰীত বাহৰ পাতি এটাৰ পিছত আনটো অপৰাধ সংঘটিত কৰি আহিছে৷ বিশেষকৈ দিছপুৰ, ছয়মাইল, ডাউন টাউন, গণেশগুৰি আৰু খানাপাৰাকে ধৰি দিছপুৰ থানাৰ অন্তর্গত বিভিন্ন অঞ্চল টার্গেট কৰি অপৰাধ চক্রটোৱে সর্বসাধাৰণ লোকৰ লগতে পথচাৰীৰ ধন–সোণ লুট কৰি বৃহত্তৰ দিছপুৰ অঞ্চলত আতংকৰ সৃষ্টি কৰিছে৷

দিছপুৰ আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা চুৰি সামগ্রী আৰু নগদ ধনসহ ১১টা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা ক্রমে গোৱালপাৰাৰ লক্ষীপুৰৰ বাহাৰুল ইছলাম (২৮), দৰঙৰ ধূলাৰ ছটু আলী (২৬, নলবাৰীৰ মুকালমুৱাৰ ৰাহুল আলী (২০), খাৰুপেটীয়াৰ ৰফিক হুছেইন (২২), নলবাৰীৰ মুছলিমপট্টীৰ ছাহিদ হুছেইন (৩০), বৰপেটাৰ গৰিয়া চ’কৰ বাবুল আলী (২৮), গুৱাহাটীৰ শৰণীয়াৰ ৰাজেশ চাহু (২১), হাজোৰ উমানন্দ দাস (১৯), বিক্রমজিৎ কোচ (২৬), ছাইবুল ইছলাম (২১) আৰু ছাইদুল ইছলাম (২৩) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত চোৰকেইটাৰ পৰা দুটা চুৰি লেপটপ, বৃহৎ পৰিমাণৰ বিদ্যুতৰ তাঁৰ আৰু কেইবাটাও ম’বাইল ফোনৰ লগতে নগদ ধন জব্দ কৰে৷

ঘটনা সন্দর্ভত দিছপুৰ থানাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ আৰু ৩৯২ ধাৰা মর্মে ২২২৭/২১, ২৩৫৮/২১ নম্বৰত দুটা গোচৰ ৰুজু কৰি চোৰকেইটাক সোধা–পোছা অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত চোৰকেইটাই পথচাৰী মহিলাসকলৰ ডিঙিৰ চেইন, ম’বাইল ফোন, টকাৰ বেগ আৰু অন্যান্য সামগ্রী থপিয়াই নিয়াত লিপ্ত আছিল৷ তদুপৰি মহানগৰীৰ বিভিন্ন স্থানত ৰাজপথৰ কাষতে আঁৰি থোৱা বিদ্যুৎ পৰিবাহী তাঁৰ চুৰি কৰাটো চোৰকেইটা লিপ্ত আছিল৷ আৰক্ষীয়ে দিছপুৰ থানাত ৰুজু হোৱা গোচৰ দুটাৰ ভিত্তিত অভিযান চলাই আজি চোৰকেইটাক জালত পেলাবলৈ সক্ষম হয়৷

RELATED ARTICLES