peepl-small

ক’ভিডক জয় ৰংজুলিৰ এশ বছৰীয়া ধর্মেশ্বৰ সূত্রধৰৰ

PUBLISHED:

গুৱাহাটীঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা দেওবাৰে এগৰাকী এশ বছৰীয়া ককা ক’ভিডক পৰাস্ত কৰি ঘৰলৈ উভতি যায়৷ ককাৰ নাম ধর্মেশ্বৰ সূত্রধৰ৷ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তর্গত কাঁহিবাৰীৰ অৱসৰপ্রাপ্ত সেনা ধর্মেশ্বৰ সূত্রধৰে ক’ভিডত আক্রান্ত হৈ যোৱা ২০ মে’ত গোৱালপাৰা     অসামৰিক চিকিৎসালয়ত ভর্তি হয়৷

দেওবাৰে ক’ভিড নিগেটিভ হৈ সুস্থ হোৱাত ঘৰলৈ নিয়া হয়৷ অতি সোনকালে বৃদ্ধ লোকগৰাকীক চিকিৎসা কৰি সুস্থ কৰি তোলাত চিকিৎসক তথা চিকিৎসালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে বৃদ্ধগৰাকীৰ পুত্রই৷

RELATED ARTICLES