peepl-small

ছেপ্টেম্বৰ পৰা স্বাস্থ্য খণ্ডৰ ১০ হাজাৰ পদত নিযুক্তি

PUBLISHED:

অসমৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱর্তন হৈছে৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ পূর্বে ১৫ বছৰ স্বাস্থ্যমন্ত্রীৰ দায়িত্বত আছিল৷ স্বাস্থ্যমন্ত্রী হিচাপে তেওঁ বিশেষ ভূমিকা পালন কৰাৰ বাবেই স্বাস্থ্যখণ্ডত দেশৰ বহু ৰাজ্যতকৈ অসম  বহু আগত৷ মুখ্যমন্ত্রী হোৱাৰ পাছতো ড০ শর্মা স্বাস্থ্য বিভাগৰ সৈতে অধিক জড়িত হৈ আছে৷ –বৃহস্পতিবাৰে সদনত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

স্বাস্থ্য বিভাগৰ ওপৰত হোৱা কর্তন প্রস্তাৱৰ আলোচনাৰ অন্তত স্বাস্থ্যমন্ত্রী মহন্তই কয়– ৰাজ্যখনত ৪,৬৯০টা উপ–স্বাস্থ্যকেন্দ্র আছে৷ সেই উপ–স্বাস্থ্যকেন্দ্রসম হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীত কৰা হ’ব৷ সেইদৰে ৰাজ্যখনত ১,০০০খন নতুন হাস্পতাল স্থাপন কৰা হ’ব৷ প্রত্যেক সমষ্টিতে এই নতুন হাস্পতাল স্থাপন হ’ব৷ চিকিৎসক, নার্ছকে ধৰি বিভাগৰ কাৰিকৰী পদ পূৰণৰ প্রসংগত মন্ত্রী মহন্তই কয় যে ১০ হাজাৰ নতুন কাৰিকৰী পদ পূৰণৰ বাবে অহা ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ ১৪খন মহকুমা চিভিল হাস্পতাল আৰু ২৫খন জিলা হাস্পতালত আই চি ইউ নির্মাণৰ কাম আৰম্ভ হৈছে৷

তদুপৰি অসম চাহ নিগমৰ বাগিচাত ১৫খন হাস্পতাল স্থাপনৰ লগতে ১৭০খন চাহ বাগিচাৰ হাস্পতালত বিনামূলীয়া দৰবৰ লগতে ৭.৫০ লাখ টকাকৈ প্রদান কৰা হৈছে৷ ৬১১খন বাগিচাৰ হাস্পতালত বিনামূলীয়া দৰব যোগানৰ লগতে ৮০খন ম’বাইল মেডিকেল ইউনিটৰ জৰিয়তে চাহ শ্রমিকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ বাগিচা অঞ্চলৰ ৫৩,৭১১গৰাকী গর্ভৱতী মহিলাক ১২ হাজাৰ টকাকৈ প্রদান কৰা হৈছে৷ ক’ভিড পৰিস্থিতি আৰু ভেকচিনৰ প্রসংগত সদনত মন্ত্রী মহন্তই কয় যে যোৱা ১৬ জানুৱাৰীৰ পৰা ভেকচিন প্রদান আৰম্ভ হয় যদিও যোৱা মে’–জুন–জুলাইৰ পৰাহে ভেকচিন প্রদান ব্যাপকভাৱে আৰম্ভ হয়৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগ, তৎপৰতা, প্রধানমন্ত্রী নৰেন্দ্র মোদী–কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ সহায়ৰ বাবে আন ৰাজ্যতকৈ অসমে বেছিকৈ ভেকচিন লাভ কৰিছে৷ অসমত এতিয়ালৈ ৯৫,৩৩,৩২১গৰাকী লোকে প্রথম ড’জ আৰু ২০,২৫,৫৫৫গৰাকী লোকে দ্বিতীয় ড’জ ভেকচিন লাভ কৰিছে৷ দ্বিতীয় ড’জ ভেকচিনৰ বাবে কোনেও হাহাকাৰ কৰিবলগীয়া হোৱা নাই৷ আজিৰ তাৰিখত স্বাস্থ্য বিভাগৰ হাতত ১২ লাখ ভেকচিন মজুত আছে৷ আজি আৰু ৪ লাখ ভেকচিন আহি পাব৷ ৰাজ্যখনত ক’ভিডত সুস্থতাৰ হাৰ ৯৭ শতাংশ৷ এই হাৰ দেশৰ ভিতৰতে আগবঢ়া৷ অসমত কোনো ক’ভিড ৰোগীয়ে চিকিৎসালয়ৰ বিছনা বাদেই আই চি ইউ, অক্সিজেন বিছনাৰ অভাৱত ভুগিবলগীয়া হোৱা নাই বুলি উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে ক’ভিড আৰম্ভ হোৱাৰ পূর্বে ৰাজ্যখনত আই চি ইউ বিছনাৰ সংখ্যা আছিল ৪০০খন৷ এতিয়া আই চি ইউ বিছনাৰ সংখ্যা ১,৫৪০খনলৈ বৃদ্ধি হৈছে৷ ১,০৯৯খন আই চি ইউ বিছনা অকল ক’ভিড ৰোগীৰ বাবে ৰখা হৈছে৷ ৰাজ্যখনত ৩,৮৫০খন অক্সিজেন সংলগ্ণ বিছনা আছে৷ ৪,০০০খন বিছনাত অক্সিজেন দি ৰাখিব পৰা ব্যৱস্থা আছে৷ অসমত দৈনিক ৫৫ মেট্রিকটন অক্সিজেনৰ প্রয়োজন৷ ক’ভিড কমি অহাৰ লগে লগে এই চাহিদা ৪০ মেট্রিকটনলৈ হ্রাস পাইছে৷ কিন্তু অসমে এতিয়া দৈনিক ১১২ মেট্রিকটন অক্সিজেন উৎপাদন কৰে৷

তদুপৰি ৬০০ মেট্রিকটন লিকুইড মেডিকেল অক্সিজেন সংৰক্ষণ কৰিব পৰা ব্যৱস্থা আছে৷ ভাৰত চৰকাৰৰ পৰা নিয়মিত লিকুইড মেডিকেল অক্সিজেন লাভ কৰি আছে৷ পি এম কেয়াৰৰ পৰা ১,০০০ ভেণ্টিলেটৰ লাভ কৰাৰ লগতে ৪০টা অক্সিজেন জেনেৰেচন প্লাণ্ট লাভ কৰিছে৷ ২,০০০ অক্সিজেন কনচেনট্রেটৰৰ লগতে ১,০০০টা চিলিণ্ডাৰো ভাৰত চৰকাৰৰ পৰা লাভ কৰিছে৷ প্রত্যেক জিলা হাস্পতালত অক্সিজেন প্লাণ্ট স্থাপনৰ লগতে একাংশ মহকুমা চিভিল হাস্পতাল, আদর্শ হাস্পতালতো অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ২০২০ চনত প্রথম ক’ভিড হোৱাৰ সময়ত নমুনা পৰীক্ষাৰ বাবে পুনেলৈ পঠিয়াব লগা হৈছিল৷ এতিয়া ৰাজ্যখনত ক’ভিডৰ নমুনা পৰীক্ষা কৰিবৰ বাবে ১৭টা লেব’ৰেটৰী হৈছে আৰু ২৪টা লেব’ৰেটৰী স্থাপনৰ কাম চলিছে৷ সেইদৰে অসমত এতিয়ালৈ ১.৯২ কোটি লোকে ক’ভিড পৰীক্ষা কৰাৰ বিষয়ে সদৰী কৰি মন্ত্রী মহন্তই কয় যে দেশত প্রতি মিলিয়নত ৩.৫৫ শতাংশই ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে অসমত সেই হাৰ ৫.৫৬, যিটো ৰাষ্ট্রীয় গড়তকৈ বেছি৷

সদনত মন্ত্রী মহন্তই ক’ভিডৰ সম্ভাব্য তৃতীয় ঢ়ৌ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূর্ণ সাজু বুলি জানিবলৈ দি কয় যে ক’ভিডত অনাথ হোৱা শিশুৰ বাবে মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ অধীনত প্রতিগৰাকী শিশুৰ নামত ৭ লাখ ৮ হাজাৰ টকা ফিক্সড ডিপ’জিট কৰাৰ লগতে ২৪ বছৰ বয়সলৈ মাহে ৩,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ সেইদৰে ক’ভিডত স্বামীহাৰা মহিলাসকলক ২.৫ লাখ টকাকৈ আর্থিক সাহায্য দিয়া হৈছে৷ উক্ত দুয়োখন আঁচনিয়ে সামৰি নোলোৱা যিসকল লোকৰ ক’ভিডত মৃত্যু হৈছে, তেওঁলোকৰ নিকটাত্মীয়ক ১ লাখ টকাকৈ দিয়া হৈছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ ভিতৰতে প্রথম এই কাম কৰিছে৷ কোনো ৰাজ্যই আজিলৈ এনে আঁচনি গ্রহণ কৰা নাই৷

আনহাতে, নতুন মেডিকেল কলেজৰ প্রসংগত মন্ত্রী মহন্তই কয় যে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ হাস্পতালখন ইতিমধ্যে আৰম্ভ হৈছে৷ মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া অহাৰ পাছতেই পাঠদান আৰম্ভ হ’ব৷ গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ কাম ন্যায়ালয়ৰ বাধা আঁতৰাৰ পাছতেই আৰম্ভ হ’ব৷ গোৱালপাৰা আৰু কৰিমগঞ্জ মেডিকেল কলেজৰ কাম মাটিৰ সমস্যা সমাধান হ’লেই আৰম্ভ হ’ব৷ ধুবুৰী, নলবাৰী মেডিকেল কলেজ ২০২২ চনত, নগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া মেডিকেল কলেজ ২০২৩ চনত সম্পূর্ণ হোৱাৰ আশা কৰা হৈছে৷ বিশ্বনাথ, চৰাইদেউ মেডিকেল কলেজৰ নির্মাণকার্য চলি আছে৷ এইবাৰ বাজেটত ঘোষণা কৰা তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা যোৱা ২৫ জুলাইত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্থাপন কৰে৷ আন চাৰিখন মৰিগাঁও, ধেমাজি, বঙাইগাঁও, গোলাঘাট মেডিকেল কলেজৰ কাম মাটি পালেই আৰম্ভ হ’ব৷

ইতিমধ্যে ইয়াৰ বাবে বাজেটত ধন ধার্য কৰা হৈছে৷ অসমত মুঠ ২৩খন মেডিকেল কলেজ হৈ উঠিলে বছৰি ২,৩০০ চিকিৎসক ওলাই আহিব৷ আনহাতে, দৰং জিলাৰ পাতিদৰং অঞ্চলত কেঞ্চাৰ ৰোগ ব্যাপক হোৱা সম্পর্কত স্বাস্থ্য বিভাগে ক্ষেত্রভিত্তিক অধ্যয়ন চলাই যুগুতোৱা প্রতিবেদন এখন স্বাস্থ্যমন্ত্রী মহন্তই বিধানসভাৰ অধ্যক্ষক দাখিল কৰে৷

RELATED ARTICLES