peepl-small

ছেবাৰ নির্দেশনাঃ নৱম শ্রেণীৰ শিক্ষার্থীৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰ

PUBLISHED:

গুৱাহাটীঃ  মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ অন্তর্গত বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ ছেবাৰ সচিবে জাৰি কৰা এখন জাননীত কোৱা হয় যে ১০ ছেপ্টেম্বৰ পর্যন্ত নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ চালান কটা বা মাচুল জমা দিয়াৰ শেষ তাৰিখ হৈছে ১৬ ছেপ্টেম্বৰ৷ এই সময়সীমাৰ ভিতৰত পঞ্জীয়নৰ যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ছাত্র–ছাত্রীসকলক নির্দেশ দিয়া হৈছে৷

RELATED ARTICLES