peepl-small

তৃতীয় স্থানতে থমকিল লুৰিণজ্যোতি গগৈঃ নির্বাচনত ট্রেজিক হিৰো হ’লগৈ অসম জাতীয় পৰিষদৰ সভাপতি

PUBLISHED:

গুৱাহাটীঃ অসম বিধানসভা নির্বাচনৰ দেওবাৰে ঘোষিত ফলাফলত ট্রেজিক হিৰো হিচাপে চিহ্ণিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি তথা সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ৷ আছুৰ বিগত দুলীয়াজান অধিৱেশনত ছাত্র সংগঠনটোৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহতি লৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া প্রাক্তন ছাত্র নেতাগৰাকীয়ে প্রথমটো খোজতেই উজুটি খাব লগা হয়৷

ডিব্রুগড জিলাৰ নাহৰকটীয়া আৰু দুলীয়াজান এই দুটা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা লুৰিণজ্যোতি গগৈয়ে দেওবাৰে ঘোষিত ফলাফলত কোনো এটা সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম নহ’ল৷ ঘোষিত ফলাফল অনুসৰি লুৰিণজ্যোতি গগৈয়ে তৃতীয় স্থানতে থমকি ৰ’ব লগা হয়৷

ফলাফল অনুসৰি নাহৰকটীয়া বিধানসভা সমষ্টিত ২৫,০৯৩টা আৰু দুলীয়াজান বিধানসভা সমষ্টিত ২৪,১৯২টা ভোট লাভ কৰে লুৰিণজ্যোতি গগৈয়ে৷ মন কৰিবলগীয়া যে বিগত বর্ষত ৰাজ্যজুৰি সৃষ্টি হোৱা নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনলৈ ৰাজ্যখনৰ জাতি–ধর্ম–বর্ণ–ভাষ্ নির্বিশেষে প্রায় সকলো শ্রেণীৰ নাগৰিক ওলাই অহাৰ পৰিপ্রেক্ষিতত লুৰিণজ্যোতি গগৈয়ে দুয়োটা সমষ্টিৰ পৰা বিজয়ী হ’ব বুলি ৰাজনৈতিক বিশ্লেষক মহলে সম্ভাৱনীয়তা প্রকাশ কৰিছিল যদিও বাস্তৱ ক্ষেত্রত ইয়াৰ এখন সম্পূর্ণ বিপৰীত প্রতিচ্ছবিহে কালি ঘোষিত নির্বাচনী ফলাফলত স্পষ্ট হৈ পৰে৷

দেওবাৰে ফলাফল ঘোষণাৰ পৰৱর্তী সময়ত লুৰিণজ্যোতি গগৈৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁৰে যোগাযোগ কৰাটো সম্ভৱপৰ নহ’ল৷ অসম বিধানসভাৰ নির্বাচনৰ পূর্বে এইবাৰ এই নির্বাচনটোত ‘কা’ আন্দোলনে বিশেষভাৱে প্রভাৱ বিস্তাৰ কৰিব বুলি বিভিন্ন পক্ষই মন্তব্য প্রকাশ কৰিছিল যদিও কার্যক্ষেত্রত ইয়াৰ এখন বিপৰীত ছবিহে পৰিস্ফুট হয়৷

ইফালে প্রথমে ছাত্র সংগঠনৰ নেতাৰূপে ৰাজ্যত ‘কা’ আন্দোলনৰ এক বিশাল নেতৃত্ব বহন কৰি মূৰকত ৰাজনৈতিক দল খুলি ছাত্র ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত নমা জাতীয়তাবাদী কণ্ঠ লুৰিণজ্যোতি গগৈয়ে দুটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াই ইতিমধ্যে দুয়োটাতে শোচনীয়ভাৱে পৰাস্ত হৈছে৷ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থকা উজনি অসমৰ অতি আকর্ষণীয় সমষ্টি দুলীয়াজান আৰু নাহৰকটীয়াৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপি আৰু কংগ্রেছৰ বিপক্ষে সবল প্রার্থিত্ব আগবঢ়াইছিল যদিও অৱশেষত বিজেপি–কংগ্রেছ কাৰো বাবেই ফেক্টৰ হৈ নপৰিল লুৰিণজ্যোতি৷

ফেচ অৱ ‘কা’ লুৰিণজ্যোতিক দুয়োটা সমষ্টিতে ভোটাৰ ৰাইজে প্রত্যাখ্যান কৰিলে৷ এইক্ষেত্রত অজাপৰ সমর্থকে বিজেপিৰ আঁচনি, হিতাধিকাৰী, প্রলোভনৰ ৰাজনীতিৰ উপৰি কংগ্রেছৰ ‘চালানী মার্কেটিং’ আদি বহু কাৰকৰ বাবেই পৰাজয়বৰণ কৰিব লগা হোৱা বুলি দাবী কৰিছে৷

আনহাতে, সময়–পৰিকল্পনা আৰু কর্মীৰ অভাৱৰ বিষয়েও স্বীকাৰ কৰিছে অজাপৰ সমর্থকে৷ যি কি নহওক, অসমৰ ৰাজনীতিৰ প্রেক্ষাপটত যে ‘কা’ আন্দোলন ফেক্টৰ হৈ নপৰিল, সেয়া জনতাৰ ৰায়দানে প্রতিফলিত কৰিছে৷

উল্লেখযোগ্য যে কাৰোবাৰ ৰাজনৈতিক ভৱিষ্যৎ গঢ়ি তুলিবৰ বাবে আছুৰ দৰে অৰাজনৈতিক সংগঠন এটাক ব্যৱহাৰ কৰা কাৰণে একাংশ উচ্চ শিক্ষিত ছাত্র সমাজৰ লগতে সর্বসাধাৰণেও অজাপক প্রত্যাখ্যান কৰিলে নেকি, সেয়া এইমুহূর্তত বিচার্যৰ বিষয়৷ এইক্ষেত্রত কিছুদিনৰ পূর্বেই উজনি অসমৰ উচ্চ শিক্ষাৰ পীঠস্থান ডিব্রুগড বিশ্ববিদ্যালয়ৰ ছাত্র সমাজৰ ৰাজনীতিতো দপদপাই থকা ছাত্র সন্থা ধৰাশায়ী হোৱাৰ ঘটনাটোৱেও এনে এক দিশেই বহন কৰিছে৷

RELATED ARTICLES