peepl-small

আখৰে আখৰে পালন কৰিম নির্বাচনী প্রতিশ্রুতি

PUBLISHED:

গুৱাহাটীঃ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই ৰাইজক দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰাৰ কথা ঘোষণা কৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ জালুকবাৰী সমষ্টিত পঞ্চমবাৰৰ বাবে বৃহৎ ব্যৱধানেৰে জয়লাভ কৰাৰ পিছত প্রতিক্রিয়া প্রকাশ কৰি ড০ শর্মাই কয়– বিজেপিয়ে আশা কৰা ধৰণে মিত্রজোঁটৰ দলসমূহৰ সৈতে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ মই আজি এই পৱিত্র আৰু মংগলময় ক্ষণত অসমবাসীৰ ওচৰত মূৰ দোঁৱাইছোঁ আৰু পুনৰ এবাৰ অসমবাসীক প্রতিশ্রুতি দিছোঁ যে নির্বাচনৰ সময়ত আমি যি প্রতিশ্রুতি ৰাইজৰ ওচৰত দাঙি ধৰিছিলোঁ, চৰকাৰখন শাসনলৈ অহাৰ লগে লগে সেই প্রতিশ্রুতি আখৰে আখৰে পালন কৰাৰ দিশত আমি আগবাঢ়িম৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ পৰা উত্তৰ–পূবক ভাৰতৰ মানচিত্রত অন্তর্ভুক্ত কৰাৰ যি এক পদক্ষেপ লৈছে, উত্তৰ–পূবক ভাৰতৰ বিকাশৰ এক নতুন ইঞ্জিন ৰূপে গঢ়ি তোলাৰ যি প্রচেষ্টা চলাই আহিছিল, আজি এই চেষ্টাৰ ফলাফল লাভ কৰিছোঁ৷ এই ফলাফলে প্রধানমন্ত্রী মোদীৰ চেষ্টাক বহু আগুৱাই লৈ যাব৷ মই আজি এই মুহূর্তত বিজেপিৰ কার্যকর্তাৰ হৈ আৰু অসমবাসীৰ হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ তাৰ লগে লগে অগপৰ সভাপতি অতুল বৰা, দলটোৰ কার্যকর্তাসকল, ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো আৰু দলটোৰ কার্যকর্তাসকলকো অভিনন্দন জনাইছোঁ৷

মন্ত্রীগৰাকীয়ে নির্বাচনৰ ফলাফল সন্দর্ভত পূর্বে বিস্তৃতভাৱে সমীক্ষা দাঙি নধৰাৰ প্রসংগত  সাংবাদিকৰ আগত কয়– ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে ৰাজনৈতিক বিশ্লেষণৰ দিশত মই যাব বিচৰা নাছিলোঁ৷ কিন্তু আজিৰ এই ফলাফল আমাৰ সভ্যতা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ অর্থে অসমৰ জনসাধাৰণে দিয়া এক স্পষ্ট মতদান বুলি আমি অভিহিত কৰিম৷ তাৰ লগে লগে যি বিকাশৰ মহাযজ্ঞ চলিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত, সেই বিকাশৰ মহাযজ্ঞক আগুৱাই লৈ যোৱাৰ বাবে অসমৰ ৰাইজৰ এই মতদানক আমি একপ্রকাৰ অসমৰ ৰাইজৰ সমর্থন, আশীর্বাদ বুলি গণ্য কৰিম৷

উল্লেখ্য যে দেওবাৰে ঘোষিত ফলাফল অনুসৰি জালুকবাৰী সমষ্টিৰ পৰা ড০ হিমন্ত বিশ্ব শর্মাই ১,৩০,৭৬২ ভোট লাভ কৰি পঞ্চমবাৰৰ বাবে জয়লাভ কৰিছে৷ জালুকবাৰী সমষ্টিবাসীয়ে দিয়া এনে সমর্থনৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰি মন্ত্রীগৰাকীয়ে কয়– জালুকবাৰী সমষ্টিবাসীয়ে প্রায় ৮৫ শতাংশ ভোট দি মোক জয়যুক্ত কৰিছে৷ জালুকবাৰীবাসীৰ এটা নিয়ম আছে যে প্রতিবাৰেই অধিক ভোটত মোক জয়যুক্ত কৰোৱায়৷ সেই অনুসৰিয়েই এইবাৰ বিগত নির্বাচনতকৈও অধিক ভোটত মোক জয়যুক্ত কৰিছে৷ জালুকবাৰীবাসীক মই মোৰ অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

ইফালে, ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চর্চা চলি থকাৰ প্রসংগত ড০ শর্মাই কয়– এই বিষয়টো মোৰ এক্তিয়াৰৰ ভিতৰত নপৰে৷ দলৰ সংসদীয় সমিতিয়ে শীঘ্রেই এই দিশত সিদ্ধান্ত ল’ব৷ নির্বাচন আয়োগে ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত বিজেপিৰ আভ্যন্তৰীণ নিয়ম অনুসৰি এই বিষয়সমূহ আলোচনা কৰাৰ পিছত সংসদীয় ব’র্ডে এই দিশত সিদ্ধান্ত গ্রহণ কৰিব৷ তাৰ পিছত এটা শুভদিন আৰু শুভক্ষণত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিব৷

আনহাতে এইবাৰ নির্বাচনত বিৰোধীৰ উত্থান প্রসংগত তেওঁ কয়– বিৰোধী দল শক্তিশালী হোৱাটো গণতন্ত্রৰ বাবে এটা স্বাস্থ্যকৰ খবৰ৷ বিৰোধী পক্ষই তুষ্টিকৰণৰ কথা বাদ দি সমগ্র অসমৰ ৰাইজৰ হৈ মাত মাতক, সেয়া মই কামনা কৰোঁ৷ অখিল গগৈৰ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– অখিল গগৈ বিজয়ী হৈছে, মই শুভকামনা জনাইছোঁ৷ ছাত্র ৰাজনীতি বা সংগ্রামী ৰাজনীতিৰ পৰা তেওঁ সংসদীয় ৰাজনীতিত ভৰি দিছে৷ মই আশা কৰোঁ সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ পিছত যিবোৰ অসংসদীয় কাম ইমান দিনে হৈ আছে, সেইবিলাকৰ পৰা তেওঁ যাতে উত্তৰণ হয় আৰু তেওঁ যাতে বিৰোধী পক্ষত থকা বহু ভাল ভাল নেতা যেনে– জর্জ ফার্নাণ্ডেজ, গৌৰীশংকৰ ভট্টাচার্যৰ দৰে নেতাই বিৰোধীত থাকি যি শক্তিশালী ভূমিকা গ্রহণ কৰিছিল, তেনেধৰণৰ ভূমিকা গ্রহণ কৰক৷ আমি যাতে টায়াৰ জ্বলোৱা, ৰাস্তা জ্বলোৱা আদি দেখা নাপাওঁ, অসমত যাতে বিকাশৰ কর্মযজ্ঞ চলে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্রসংগত ড০ শর্মাই কয়– মই ভাবোঁ, লুৰিণজ্যোতি গগৈৰ ভৱিষ্যৎ আছে৷ এটা দলক দুই–তিনি মাহত নেতৃত্ব দি জয়যুক্ত কৰোৱাটো ইমান সহজ নহয়৷ এই নির্বাচনৰ পিছতো মই আশা কৰোঁ, তেওঁ ৰাজনীতিত থাকিব, অসমৰ ৰাইজক সেৱা কৰিব৷

আনহাতে বিপিএফৰ তিনিগৰাকীকৈ মন্ত্রীৰ পৰাজয় প্রসংগত মন্ত্রীগৰাকীয়ে কয়– বিপিএফৰ তিনিওগৰাকী মন্ত্রীয়ে এইবাৰ পৰাজয়ৰ সন্মুখীন হৈছে৷ বিপিএফে যি মুহূর্ততে কংগ্রেছ দলৰ মহাজোঁটত চামিল হৈছিল, তেওঁলোকে মন্ত্রী পদৰ পৰা পদত্যাগ কৰিব লাগিছিল৷ গণতন্ত্রৰ মূল্যবোধক মানি চলা আমাৰ সকলোৰে দায়িত্ব৷ মন্ত্রী হৈ থাকি আন এজন সতীর্থ মন্ত্রীৰ বিৰুদ্ধে নির্বাচন খেলা বা আন এজন মন্ত্রীৰ বিৰুদ্ধে নির্বাচনত কথা কোৱা, এই বিষয়বোৰ হ’ব নালাগিছিল৷ মই ভাবোঁ, এইবাৰৰ নির্বাচনত যি মান, সেই মান ক’ৰবাত নহয় ক’ৰবাত এই তিনিওজন মন্ত্রীয়ে ৰাখিব পৰা নাছিল৷ ৰাইজে ইয়াৰ উত্তৰ দিছে৷ অনাগত দিনত বিপিএফেও এক গঠনমূলক ভূমিকা গ্রহণ কৰিব৷ এইবাৰ নির্বাচনৰ ফলাফল সন্দর্ভত তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয়– নির্বাচনৰ ফলাফল যদি বিশ্লেষণ কৰি চায়, এয়া যে সভ্যতা–সংস্কৃতিৰ সঁচা যুঁজ, সেয়া পুনৰ এবাৰ প্রমাণ কৰিছে৷ কোনোবা কোনোবা প’লিং বুথত এশটা ভোটৰ দুটা ভোটো বিজেপিয়ে লাভ কৰা নাই৷ কিন্তু সেই অঞ্চলত ৰাস্তাও হৈছে, অৰুণোদয় আঁচনিও হৈছে, সকলো হৈছে৷ তাৰ পিছতো বিজেপিয়ে দুটা ভোটো পোৱা নাই৷ আমি নিজকে ধর্মনিৰপেক্ষ বুলি ভাবোঁ৷ কিন্তু অসমত এনে বহুত লোক আছে যিসকলে এইধৰণে চিন্তা–চর্চা নকৰে৷ অনাগত দিনত মই ভাবোঁ নিশ্চয় পৰিৱেশ সলনি হ’ব৷ এনেকুৱা হ’ব নালাগে যে উন্নয়ন কৰিলেও এটা ভোটো নাপায়৷ তেনে পৰিৱেশ সলনি হ’ব লাগে৷ ৰাজনীতি উন্নয়নৰ লগত জড়িত হ’ব লাগে৷

RELATED ARTICLES