peepl-small

গুৱাহাটীত ভোট দি কি ক’লে জুবিন-পাপনে?

PUBLISHED:

গুৱাহাটীঃ মঙলবাৰে তৃতীয় পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনত গুৱাহাটীৰ নিজা নিজা কেন্দ্ৰত ভোটদান কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পাপনে।

কাহিলীপাৰা এল.পি. স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মন্তব্য-“এইবাৰ ৰাজনৈতিক দল বহুত বেছি। যাৰ বাবে কোন জিকিব সেয়া কোৱাটো কঠিন। কিন্তু ৰাইজে খুব সুন্দৰকৈ ভোট দিবলৈ ওলাই আহিছে। যাৰ বাবে ৰাইজক ধন্যবাদ।”

গুৱাহাটীৰ এআইডিচি অঞ্চলৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে বলীউডত প্ৰতিষ্ঠিত অসম সন্তান পাপনে।

ভোটাধিকাৰ সাব্যস্ত কৰি পাপনৰ মন্তব্য এনেধৰণৰ-“প্ৰতিবাৰেই মই ভোট দি আহিছো। কিন্তু এইবাৰ অলপ অহাটো টান আছিল। কিয়নো মই বহু দিনৰ পৰা গোৱাত আছিলো। তাত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে। ভোটাধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ, গতিকে আজি ভোট দিলো।”

RELATED ARTICLES