peepl-small

আহি আছে জুবিন গাৰ্গৰ ডাষ্টবিন

PUBLISHED:

গুৱাহাটীঃ কাঞ্চনজংঘাৰ ব্যাপক সফলতাৰ পাছত আন এখন চিনেমা দৰ্শকক উপহাৰ দিবলৈ সাজু হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। আগন্তুক বৰ্ষত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ হিন্দী ছবি ‘ডাষ্টবিন’-এ। এটা কবিতাৰ আধাৰত নিৰ্মাণ কৰা হ’ব ছবিখন। সাম্প্ৰতিক সময়ৰ কিছু ঘটনাক উপস্থাপন কৰা হ’ব ডাষ্টবিনত।

বৰ্তমান ডাষ্টবিনৰ বাবে গান আৰু কবিতা লিখাত ব্যস্ত শিল্পী জুবিন গাৰ্গ।

“মই এখন ভিন্নধৰ্মী চিনেমাৰ পৰিকল্পনা কৰি আছোঁ। এখন নতুন চিনেমা, চিনেমাখন হিন্দীত হ’ব। চিনেমাখনৰ নাম হ’ব পাৰে ডাষ্টবিন।”—বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীত সাংবাদিকক এনেদৰে জানিবলৈ দিয়ে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে।

RELATED ARTICLES