peepl-small

অভয়াপুৰীত অ’চিৰ আঙুলি কামুৰি ছিঙিলে যুৱকে

PUBLISHED:

গুৱাহাটী: অভয়াপুৰী থানাৰ অন্তর্গত দেওহাটী দত্তপাৰাত শনিবাৰে নিশা নিচাসক্ত যূৱক এজনে সন্ত্রাসৰ সৃষ্টি কৰে৷ উন্মাদপ্রায় যুৱকজনৰ আক্রমণত যুৱকজনক শান্ত কৰিবলৈ চেষ্টা কৰা আৰক্ষী বিষয়া এজন আহত হয়৷

প্রাপ্ত বাতৰি মতে শনিবাৰে নিশা দত্তপাৰাৰ চন্দন ৰায় নামৰ যুৱকজনে উন্মাদৰ দৰে আচৰণ কৰিবলৈ লয়৷ যুৱকজনে হাতত চোকা দা আৰু মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা জোং লৈ প্রথমে নিজ মাতৃক আক্রমণ কৰে৷ স্থানীয় ৰাইজে যৱকজনৰ হাতৰ পৰা মাকক উদ্ধাৰ কৰাৰ বাবে আগবাঢ়ি অহাত মাকক এৰি যুৱকজনে ৰাইজলৈ চোঁচা লয়৷ এনে পৰিস্থিতিত উপায়হীন হৈ পৰিয়াল আৰু চুবুৰীয়া ৰাইজে আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যূৱকজনক শান্ত কৰিবলৈ চেষ্টা চলায় কিন্তু যুৱকজনে ওলোটাই আৰক্ষীকেই আক্রমণ কৰিবলৈ খেদি যায়৷ উন্মাদপ্রায় যুৱকজনে ইয়াৰ মাজতেই নিজগৃহৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰটো খুলি দি দিয়াচলাইৰে জুই লগাবলৈ চেষ্টা চলায়৷

অভয়াপুৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া নিখিল ৰাজখোৱাই কৌশলেৰে যুৱকজনক নিৰস্ত্র কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যূৱকজন আৰু আৰক্ষী বিষয়া নিখিল ৰাজখোৱাৰ মাজত টনা আঁজোৰা চলি থকাৰ মাজতেই উন্মাদ যুৱকজনে আৰক্ষী বিষয়া ৰাজখোৱাৰ হাতৰ আঙুলিত কামোৰি এচোৱা ছিঙি নিয়ে কিন্তু সকলো আওকাণ কৰি আৰক্ষী বিষয়াজনে যুৱকজনক কৰায়ত্ত কৰাৰ পিছতহে অন্ত পৰে পাঁচ ঘণ্টাজোৰা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ৷

স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে চন্দন ৰায়ে দীর্ঘদিনৰে পৰা গাঞ্জা সেৱনত অভ্যস্ত হৈ পৰিছিল৷ মাৰাত্মক গাঞ্জাৰ ক্রিয়াৰ বাবেই মগজুৰ ভাৰসাম্য হেৰুৱাই যুৱকজনে এনে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷

RELATED ARTICLES