peepl-small

মেঘালয়ৰ অবৈধ চেগুন কাঠভর্তি ট্ৰাক বন বিভাগৰ তালাচীত খানাপাৰাত জব্দ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ কইনাধৰাত ৰাষ্ট্রীয় ঘাইপথত শুকুৰবাৰে পুৱতি নিশা বন বিভাগৰ এক যৌথ অভিযানত মেঘালয়ৰ দিশৰ পৰা চালানবিহীনভাৱে অনা অৱস্থাত এখন চেগুন কাঠভর্তি ট্ৰাক জব্দ কৰা হয়৷ জব্দ কৰা কাঠখিনিৰ পৰিমাণ প্রায় ১৫ ঘনমিটাৰ আৰু বজাৰ মূল্য ২ লাখ টকাৰো অধিক হ’ব বুলি বন বিভাগৰ সূত্রত প্রকাশ৷

বন বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ বর্ণিহাটৰ দিশৰ পৰা গুৱাহাটীলৈ কোনো ট্ৰাকত কৌশলেৰে চালানবিহীনভাৱে কাঠ গুৱাহাটী বা কাষৰীয়া অঞ্চললৈ আহিব পাৰে বুলি গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কার্যালয়, যোৰাবাট বন শিবিৰত দুদিনমান পূর্বে সতর্ক কৰি দিছিল৷

সেই অনুসৰি বন সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাৰ নির্দেশত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া কার্যালয়, পাঞ্জাবাৰী খণ্ড বন কার্যালয়, খানাপাৰা বন শিবিৰ আৰু যোৰাবাট বন শিবিৰৰ বনকর্মীৰ এটা যৌথ টহলদাৰী দলে বিগত দুদিন ধৰি যোৰাবাট বন শিবিৰৰ ভাৰপ্রাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত যোৰাবাটৰ পৰা বশিষ্ঠ চাৰিআলিৰ সমীপলৈকে টহল দি আছিল৷ শুকুৰবাৰে পুৱতি নিশা প্রায় ২.৩০ বজাত এ এছ–০১ ডি ডি–১৭৩৬ নম্বৰৰ পঞ্জাব বডীৰ এখন ট্ৰাক সন্দেহজনকভাৱে আহি থকা দেখি কইনাধৰাত পুলিন মহন্তৰ নেতৃত্বত বনকর্মীৰ দলটোৱে ৰখায়৷ তাৰ পিছত ট্ৰাকখনত তালাচী চলোৱাত কৌশলেৰে অনা অৱস্থাত হাতে ফলা চেগুন কাঠখিনি জব্দ কৰে বনকর্মীৰ দলটোৱে৷ অৱশ্যে ট্ৰাকখন ৰখাই চালকজনে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়৷

RELATED ARTICLES