peepl-small

আজমলক অসমৰ ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁঃ মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটীঃ  তিতাবৰত কংগ্রেছৰ অভেদ্য দুর্গত আজি কঁপনি তুলি বিজেপিৰ প্রার্থী হেমন্ত কলিতাৰ বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তিতাবৰ বোকাহোলা চাহ বাগিচা খেলপথাৰত নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্রী সোণোৱালে কয় যে তিতাবৰ সমষ্টি অসমৰ এক সন্মানীয় সমষ্টি৷ কিয়নো তিতাবৰ সমষ্টিৰ পৰা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে প্রতিনিধিত্ব কৰি তিনিবাৰকৈ মুখ্যমন্ত্রী হৈছে৷ প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ আধৰুৱা সপোন বাস্তৱ ৰূপ দিব হেমন্ত কলিতাই৷ গতিকে তিতাবৰ সমষ্টিৰ প্রতিনিধিগৰাকীৰ কাম আৰু দায়িত্ব বাঢ়িবহে৷ বিজেপি প্রার্থী কলিতাক চিনাকি কৰি দিবৰ প্রয়োজন নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁ ২০ বছৰৰ আগতে তিতাবৰৰ জনপ্রিয় বিধায়ক আছিল৷

থাওৰা, আমগুৰি, মৰিয়নি, তিতাবৰ আৰু যোৰহাটত মুখ্যমন্ত্রীৰ নির্বাচনী প্রচাৰ

মুখ্যমন্ত্রী সোণোৱালে আজি থাওৰাত বিজেপি প্রার্থী কুশল দুৱৰী, আমগুৰিত অগপ প্রার্থী প্রদীপ হাজৰিকা, মৰিয়নিত বিজেপি প্রার্থী ৰমনী তাঁতী আৰু যোৰহাটত বিজেপি প্রার্থী হিতেন্দ্রনাথ গোস্বামীৰ সমর্থনত অনুষ্ঠিত চাৰিখন বিশাল নির্বাচনী সভাতো অংশগ্রহণ কৰে৷ ২০১৬ চনত জনসাধাৰণৰ আস্থা আৰু বিশ্বাস সাৰোগত কৰি যি প্রতিশ্রুতিৰে ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন মিত্রজোঁটে চৰকাৰ গঠন কৰিছিল, সেই প্রতিশ্রুতি ৰূপায়ণৰ দিশত চৰকাৰখনে নিষ্ঠা আৰু একাগ্রতাৰে পদক্ষেপ লোৱাৰ ফলত আজি যি পৰিৱর্তন সম্ভৱ হৈছে, সেই পৰিৱর্তন জনসাধাৰণে স্বচক্ষে প্রত্যক্ষ কৰিব পাৰিছে বুলি ভাষণত তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতীয় জনতা পার্টীয়ে যি কথা কয় সেয়া কামে–কাজে ৰূপায়ণ কৰে৷ কংগ্রেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ জনসাধাৰণে যথেষ্ট আহুকালৰ সন্মুখীন হৈছিল৷ জনসাধাৰণে ভাবিব নোৱাৰাকৈ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছিল৷

কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়া ভূমিপুত্রক মাটিৰ পট্টা প্রদানকে ধৰি বিভিন্ন ক্ষেত্রত লোৱা পদক্ষেপৰ বাবে আজি অসমৰ জনসাধাৰণ সুৰক্ষিত বুলিও মুখ্যমন্ত্রীয়ে কয়৷ চাওলুং চুকাফাই ত্রয়োদশ শতিকাতে সকলো জাতি–জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ যি বৰসম নির্মাণৰ ভেটি ৰচিছিল একবিংশ শতিকাত সেই শক্তিশালী অসম নির্মাণৰ দিশত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত ৫ বছৰীয়া কার্যকালত চেষ্টাৰ অকণো ত্রুটি কৰা নাই বুলি মুখ্যমন্ত্রীয়ে কয়৷ চৰকাৰখনে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম একাকাৰ কৰি সকলোৰে সম–উন্নয়নেৰে অসমক ভাৰতৰ এখন অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ যাত্রাত অগ্রসৰ হৈছে৷ এতিয়া অসমৰ কথা কেৱল উত্তৰ–পূর্বাঞ্চলতে নহয়, ভাৰতবর্ষৰ বিভিন্ন প্রান্তত জনসাধাৰণৰ মাজত মুখে মুখে উল্লেখিত হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অতি কম সময়ৰ ভিতৰতে বর্তমানৰ চৰকাৰখনে অসমৰ সর্বাংগীণ উত্তৰণৰ দিশত যিবোৰ শক্তিশালী পদক্ষেপ লৈছে, ইয়াৰ ফলত অসমে আজি বিশেষ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ চৰকাৰখনে লোৱা পদক্ষেপৰ বাবে আজি নৱপ্রজন্মৰ লগতে বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধি হৈছে৷ আমাৰ উৎপাদিত সামগ্রীয়ে এতিয়া কেৱল দেশৰ ভিতৰতে নহয়, বিদেশৰ ভূমিতো জনপ্রিয়তা অর্জন কৰি অসমলৈ বিশেষ সুনাম কঢ়িয়াই আনিছে৷ অসমৰ ৰাইজৰ প্রতি কংগ্রেছৰ সদিচ্ছা থকাহেঁতেন ৫৫ বছৰীয়া শাসনকালত তেওঁলোকে অসমৰ হিতৰ বাবে বহুত কিবাকিবি কৰিব পাৰিলেহেঁতেন৷

কিন্তু বিজেপি চৰকাৰৰ অসমৰ ৰাইজৰ প্রতি থকা সদিচ্ছা আৰু দায়বদ্ধতাৰ বাবে অতি কম সময়ৰ ভিতৰতে পথ যোগাযোগকে ধৰি বিভিন্ন খণ্ডত ৰূপান্তৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে বর্তমানৰ চৰকাৰখনে ৫ বছৰীয়া কার্যকালত ৰূপায়ণ কৰা বিভিন্ন জনকল্যাণকামী আঁচনিৰ বিষয়েও সবিস্তাৰে আলোকপাত কৰে৷ কংগ্রেছৰ শাসনকালত জনসাধাৰণে উৎকোচ অবিহনে কোনো আঁচনিৰ সুফল লাভ কৰিব পৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত জনসাধাৰণৰ মাজলৈ গভীৰ অন্ধকাৰ নামি আহিছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ ফলত শাসন ব্যৱস্থা স্বচ্ছ আৰু নিকা হৈছে বুলি উল্লেখ কৰি জনসাধাৰণে সকলো ক্ষেত্রতে এতিয়া ন্যায় পাবলৈ সক্ষম হৈছে বুলি তেওঁ কয়৷ এই চৰকাৰৰ কার্যকালত প্রতিটো জাতি–জনগোষ্ঠীৰ ভাষা–কৃষ্টি–সংস্কৃতি সুৰক্ষিত বুলি উল্লেখ কৰি ইয়াৰ ফলত জনসাধাৰণৰ মাজত সদ্ভাৱনা বৃদ্ধি হৈছে বুলি তেওঁ কয়৷ অসমৰ চৌদিশে এতিয়া শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত প্রগতি সম্ভৱ হৈ উঠিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে এই প্রক্রিয়া অব্যাহত ৰখাৰ বাবে পুনৰ ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ বাবে সংকল্পবদ্ধ হ’বলৈ জনসাধাৰণক আহ্বান জনায়৷ বিজেপি চৰকাৰ থকালৈকে অসমীয়া জাতি সম্পূর্ণ সুৰক্ষিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এ আই ইউ ডি এফক অসমৰ মহাশত্রু বুলি অভিহিত কৰে৷ কংগ্রেছ আৰু এআইইউডিএফৰ দৰে অপশক্তিয়ে মিলিত প্রচেষ্টাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ বাবে গভীৰ ষড়যন্ত্র ৰচনা কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এই ষড়যন্ত্র অসমৰ ৰাইজে নিঃশেষ কৰিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ আমগুৰিত মিত্রজোঁটৰ প্রার্থী প্রদীপ হাজৰিকাৰ সমর্থনত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাক অশুভ মিত্রতা বুলি অভিহিত কৰে৷ বদৰুদ্দিন আজমলক কোনোদিনে অসমৰ ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ বুলিও তেওঁ সজোৰে কয়৷ তেওঁ লগতে কয় যে কংগ্রেছ আৰু এআইইউডিএফ অসমীয়া জাতিৰ মহাশত্রু৷ কোনো পৰিস্থিতিতেই এই দুই বিষাক্ত শক্তিক অসমত ৰাজত্ব চলাবলৈ নিদিওঁ৷ যিকোনো কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ এই দুই মহাশত্রুক আমি পৰাভূত কৰিমেই বুলিও মুখ্যমন্ত্রীয়ে কয়৷

চাহ জনগোষ্ঠীয় পৰিয়ালৰ মজিয়াত বহি থলুৱা খাদ্যৰ জুতি লৈ নষ্টালজিক মুখ্যমন্ত্রী সোণোৱাল

১০০নং তিতাবৰ বিধানসভা সমষ্টিত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী হেমন্ত কলিতাৰ হৈ তিতাবৰ বোকাহোলা চাহ বাগিচাত এখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিবলৈ আহি বাগিচাৰ ৰীতা মল্লিক নামৰ এগৰাকী মহিলাৰ প্রধানমন্ত্রী আৱাস যোজনা গৃহৰ মজিয়াত বহি থলুৱা ব্যঞ্জনেৰে এসাঁজ ভাত খাই পৰম তৃপ্তি লভে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তেওঁক সংগ দিয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, প্রার্থী হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য কুমুদ চন্দ্র কছাৰীয়ে৷ ঔটেঙাৰে দাইল, খুতুৰা শাক, ঢ়েঁকীয়া শাকৰ ভাজি, আলু পোৰা, আলু পিটিকাসহ কেইবাবিধো থলুৱা ব্যঞ্জনৰ জুতি লয় মুখ্যমন্ত্রীয়ে৷ প্রয়াত পিণ্টু মল্লিকৰ পত্নী ৰীতা মল্লিক আৰু চুবুৰীয়া পায়েল তাছাৰ হাতেৰে ৰন্ধা ভাতসাঁজ খাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল যথেষ্ট সুখী হৈ পৰে৷ এই প্রতিবেদকৰ সৈতে হোৱা কথা–বার্তাত মুখ্যমন্ত্রীয়ে বোকাহোলা চাহ বাগিচাৰ লাইনত এনেদৰে চাহ জনগোষ্ঠীৰ পৰিয়ালৰ মজিয়াত বহি আহাৰ গ্রহণ কৰি নষ্টালজিক হৈ পৰা বুলি জানিবলৈ দি ইয়াৰ দ্বাৰা বিজেপিৰ জনসম্পর্ক অভিযানৰ মূল উদ্দেশ্যৰ এক সফল ৰূপায়ণ হোৱা বুলিও মন্তব্য কৰে৷ লগতে চাহ জনগোষ্ঠীৰ লগত অধিক সু–সম্পর্ক ৰক্ষাৰ ক্ষেত্রত আৰু এখোজ আগুৱাই যাব পাৰিম বুলিও তেওঁ কয়৷ আহাৰ গ্রহণৰ অন্তত বাগিচাখনৰ একাংশ পৰিয়ালৰ সৈতে মুখ্যমন্ত্রীয়ে এক আলোচনাতো মিলিত হয়৷

RELATED ARTICLES