peepl-small

গুৱাহাটীত গাত কেৰাচিন ঢালি স্বামী পৰিয়ালে জ্বলাই দিলে ন-বোৱাৰীক, স্বামী নবিজুল হকক আটক

PUBLISHED:

গুৱাহাটীঃ ৰাজধানী মহানগৰ গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷ যৌতুকৰ বাবে এগৰাকী ন–বোৱাৰীক স্বামীৰ পৰিয়ালে জীয়াই জীয়াই জ্বলাই হত্যা কৰিলে নুনমাটিৰ আনন্দ নগৰত৷ যোৱা ২১ নৱেম্বৰৰ নিশা নুনমাটিৰ আনন্দ নগৰত যৌতুক নিদিয়াৰ বাবে স্বামীৰ পৰিয়ালে ন–বিবাহিত বোৱাৰী এগৰাকীক গাত কেৰাচিন ঢ়ালি অগ্ণিসংযোগ কৰে৷

জানিব পৰা মতে, তিনি মাহ পূর্বে নুনমাটি আনন্দ নগৰ নিৱাসী নবিজুল হকে মঠঘৰীয়াৰ শান্তি নগৰ নিৱাসী লিপিকা বেগম নামৰ যুৱতীগৰাকীৰ লগত প্রেমসূত্রে বিবাহপাশত আবদ্ধ হৈছিল৷ বিবাহৰ পিছৰে পৰাই স্বামী নবিজুল হকৰ পৰিয়ালে যৌতুক দাবী কৰি অহাৰ অভিযোগ তুলিছে লিপিকা বেগমৰ পৰিয়ালে৷ যৌতুক নিদিয়াৰ পৰিণতিয়েই কাল হ’ল ন–বোৱাৰীগৰাকীৰ৷ অভিযোগ অনুসৰি সেইদিনা নিশাও যৌতুক হিচাপে নগদ এক লাখ টকা আৰু এখন পালছাৰ বাইক বিচাৰি এক কাজিয়াৰ সূত্রপাত হৈছিল৷

এই কাজিয়াক কেন্দ্র কৰি স্বামী আৰু পৰিয়ালৰ লোকে ন–বিবাহিতা বোৱাৰীগৰাকীৰ দেহত অগ্ণিসংযোগ কৰে৷ নিশা জ্বলন্ত অৱস্থাত বোৱাৰীগৰাকীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় লোক তাত উপস্থিত হৈ সংকটজনক অৱস্থাত বোৱাৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷

পিছত চিকিৎসাধীন অৱস্থাত জি এম চি এইচতে মৃত্যুক সাবটি লয় ন–বোৱাৰীগৰাকীয়ে৷ ইপিনে, এই ঘটনা সন্দর্ভত লিপিকা বেগমৰ পৰিয়ালে হত্যাকাণ্ডৰ অভিযোগেৰে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০৪(বি)/৩৪ ধাৰাৰ অধীনত থানাত ৭৩২/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বোৱাৰীগৰাকীৰ স্বামী নবিজুল হকক৷ লগতে ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES