peepl-small

গুৱাহাটীত ব্রাউন ছুগাৰসহ সৰবৰাহকাৰী যুৱতী ধৃত

PUBLISHED:

গুৱাহাটীঃ নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ সোমবাৰে চানমাৰি আৰক্ষীয়ে অভিযান চলাই অনুৰাধাৰ আকাশী নগৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱতীগৰাকী অনুৰাধাৰ আকাশী নগৰৰ মণিকা ৰয় (২৬) বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষী সূত্রই জনোৱা মতে যুৱতীগৰাকীয়ে আকাশী নগৰত এটা ভাৰাঘৰৰ পৰা নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷

চানমাৰি আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি বিয়লি প্রায় তিনি বজাত অভিযান চলাই যুৱতীগৰাকীৰ ভাৰাঘৰৰ পৰা প্রায় ১.৫২ গ্রাম ব্রাউনছুগাৰ ভর্তি ৯টা প্লাষ্টিকৰ কনণ্টেইনাৰ, ১৫টা চিৰিঞ্জ, দুটা ম’বাইল ফোন আৰু নগদ ১৭ হাজাৰ ৭৫০ টকা জব্দ কৰে৷ ঘটনা সন্দর্ভত চানমাৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে যুৱতীগৰাকীয়ে অনুৰাধাৰ আকাশী নগৰৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্রান্তলৈ নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷

RELATED ARTICLES