peepl-small

চেনি খোৱা কিয় বেয়া? জানক কাৰণসমূহ

PUBLISHED:

গুৱাহাটীঃ মধুমেহ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদিৰ দৰে ৰোগে বৰ্তমান সময়ত অধিকাংশ লোককে জ্বলাকলা খুৱাইছে।
এনে বহু ৰোগৰ কাৰণ অতিৰিক্ত চেনি। চেনি অধিকভাৱে খোৱাৰ ফলত বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চেনিয়ে মানৱ শৰীৰত সৃষ্টি কৰা কেইটামান অপকাৰ হ’লঃ
বিশ্বজুৰি মেদবহুলতাৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ মূলতে চেনিযুক্ত শীতল পানীয় বা আন খাদ্য অধিকভাৱে খোৱাৰ অভ্যাস।

শৰীৰত অতিৰিক্ত চেনি থাকিলে হৃদৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।
অধিক পৰিমাণে চেনি খালে মেদবহুলতা, ব্লাড ছুগাৰ আৰু ব্লাড প্ৰেচাৰ আদিৰ সমস্যা হয়।

চেনি বেছিকৈ খোৱাৰ বাবে শৰীৰৰ ওজনো বৃদ্ধি হয়।

চেনি বেছিকৈ থকা খাদ্য বা পানীয় খালে টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্পূৰ্ণ আশংকা আছে।

এনেবোৰ কাৰণতেই, পাৰ্যমানে চেনিযুক্ত খাদ্য ত্যাগ কৰাৰ বাবে চেষ্টা কৰক। এক সুস্থ জীৱন যাপনৰ বাবে চেনি পৰিমিতভাৱে খোৱাটো অত্যন্ত প্ৰয়োজন।

Photo credit: Lark.com

RELATED ARTICLES