peepl-small

কিয় মৃতকৰ সংখ্যা বাঢ়িছে পর্যালোচনা কৰা হ’ব মন্ত্রী ড০ শর্মা

PUBLISHED:

গুৱাহাটী: ৰাজ্যত ক’ৰোনা সংক্রমণ বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ বৃহস্পতিবাৰে ২৬গৰাকী লোক ক’ৰোনাত মৃত্যু হোৱাৰ বিপৰীতে বুধবাৰৰ দিনটোত ২২গৰাকী, মঙলবাৰে ১৮গৰাকী আৰু সোমবাৰে ১৫গৰাকী লোকৰ মৃত্যু হৈছে৷ চলিত সপ্তাহটোতে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা এনেদৰে বৃদ্ধি হোৱা বিষয়টোৱে সকলোকে শংকিত কৰি তোলাই নহয়, আক্রান্তসকলৰ মাজতো সৃষ্টি হৈছে ভয়৷ এনে পৰিস্থিতিৰ মাজতো ক’ৰোনা আক্রান্তৰ মৃত্যুৰ সংখ্যা কিয় বৃদ্ধি হৈছে, তাৰ পর্যালোচনাৰ আশ্বাস দিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

শুকুৰবাৰে মহেন্দ্র মোহন চৌধুৰী হাস্পতালত এটা অক্সিজেন প্রকল্প মুকলি কৰিবলৈ উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়টো সন্দর্ভত কয়– ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও মৃত্যুৰ হাৰ এতিয়াও ঊর্ধ্বগামী হোৱা নাই৷ তথাপি বিষয়টো যথেষ্ট উদ্বেগজনক৷ ২৬জন লোকৰ মৃত্যু হোৱাটো যথেষ্ট চিন্তনীয় বিষয়৷ ক’ৰোনাত মৃত্যুৰ অডিট ব’ৰ্ডৰ বৈঠক কালি অনুষ্ঠিত হ’ব৷ এই বৈঠকতে সকলো দিশ সূক্ষ্মভাৱে পর্যালোচনা কৰা হ’ব৷ এই পর্যালোচনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিমান লোক ক’ৰোনাত মৃত্যু হৈছে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কিমান লোকৰ মৃত্যু হৈছে, সেয়া স্পষ্ট হ’ব৷ অৱশ্যে আমাৰ বাবে এটা স্বস্তিৰ কাৰণ হ’ল– গুৱাহাটী মহানগৰীত পজিটিভিটী ৰেট আৰু আক্রান্তৰ সংখ্যা হ্রাস পোৱা নাই যদিও বৃদ্ধিও হোৱা নাই৷ আমি ৰাজ্যখনত আক্রান্তৰ বিষয়টো লক্ষ্য কৰি দেখিছোঁ যে তিনি হাজাৰ অতিক্রম কৰি যোৱাৰ পাছত চাৰি হাজাৰলৈ গতি কৰিব লাগিছিল যদিও তিনি হাজাৰ এশলৈকে নামি আহিছে৷ ইয়াৰ কাৰণ হ’ল মানুহে মাস্ক ব্যৱহাৰ কৰিছে, সান্ধ্য আইনৰ বাবে গধূলি ঘৰত সোমাই আছে, স্কুল–কলেজ বন্ধ, অফিচ–কাছাৰীত সীমিতসংখ্যক কর্মচাৰীৰ বাবেই কিছু হ’লেও সংক্রমণ হ্রাস পাইছে৷

মন্ত্রীগৰাকীয়ে  ইয়াকো উল্লেখ কৰে যে প্রবাসী অসমীয়ালৈ ইতিমধ্যে স্বাস্থ্য বিভাগে ৬০টা ৰেমডেছিভিৰ ড’জ প্রেৰণ কৰিছে৷ উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত আজি ৰেমডেছিভিৰ ইনজেকচন দি থকাৰ উপৰি বাহিৰৰ কেইবাখনো ৰাজ্যলৈ ৰেমডেছিভিৰ ইনজেকচন প্রেৰণ কৰিবলৈ সক্ষম হৈছোঁ৷ যাৰ বাবে দিল্লীত চিকিৎসাধীন হৈ থকা অসমীয়াসকলে যথেষ্ট সকাহ লাভ কৰিছে৷

RELATED ARTICLES