peepl-small

কিয় বিশেষ এইবাৰৰ বাজেট?

PUBLISHED:

গুৱাহাটীঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰিব ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বাজেট।
কেইবাটাও দিশৰ ফালৰ পৰা এই বাজেটৰ বিশেষত্ব আছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এইখনেই প্ৰথম বাজেট।
ৰাজ্যৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব বাজেটখন।
বাজেটখন হ’ব সম্পূৰ্ণ কাগজবিহীন।
উল্লেখ্য যে স্বাধীনোত্তৰ কালত ৰাজ্যৰ প্ৰথমখন বাজেট উত্থাপন কৰা হৈছিল ১৯৪৮ চনৰ ১১ মাৰ্চত। তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ চৰকাৰৰ বিত্তমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে দাখিল কৰিছিল প্ৰথম বাজেট।

 

-ৰিংকুমণি পাঠক

RELATED ARTICLES