peepl-small

নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে কাক বিচাৰিছিল ১০ কোটি টকা?

PUBLISHED:

গুৱাহাটীঃ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সন্দৰ্ভত এআইইউডিএফ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ। নিৰ্বাচনৰ পূৰ্বে দল শক্তিশালী কৰাৰ স্বাৰ্থত এআইইউডিএফ দলৰ পৰা ১০ কোটি টকা বিচাৰিছিল অখিল গগৈয়ে। ৰাইজৰ দলৰ সাংগঠিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থতে বিচাৰিছিল এই বৃহৎ পৰিমাণৰ ধন। কিন্তু এই ধন দিবলৈ AIUDF য়ে অস্বীকাৰ কৰাৰ বাবেই মহাজোঁটত নাথাকিল ৰাইজৰ দল। লগতে এআইইউডিএফ দল সাম্প্ৰদায়িক বুলি অভিহিত কৰিছিল অখিল গগৈয়ে। আজি সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ এআইইউডিএফ বিধায়ক আমিনুল ইছলামৰ।

লগতে এআইইউডিএফ বিধায়ক আমিনুল ইছলামে কয় যে মহাজোঁট গঠনৰ সময়ত অখিল গগৈয়ে কেতিয়াও এবাৰো কোৱা নাছিল যে AIUDF দল মহাজোঁটত থাকিলে ৰাইজৰ দল চামিল নহয়! কিন্তু কেইবালানী আলোচনাৰ পাছত যেতিয়া অখিল গগৈয়ে আশাকৰা ধৰণেৰে AIUDF দলে সেই ধনৰাশি নিদিলে, সেইবাবে মহাজোঁটৰ বিৰুদ্ধে গৈ ৰাইজৰ দলে মহাজোঁটৰ প্ৰাৰ্থী থকা সমষ্টিটো নিজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক একপ্ৰকাৰৰ সহায় কৰিছিল।

RELATED ARTICLES