peepl-small

জনজাতি ভোটাৰে ৮, মুছলমান ভোটাৰে ৪, হিন্দীভাষী–বাঙালী–নেপালীয়ে নির্ণয় কৰিব ৩ সমষ্টিৰ ফলাফল

PUBLISHED:

গুৱাহাটীঃ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত অধিকাংশতেই চাহ জনগোষ্ঠীয় ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰাৰ সমান্তৰালভাৱে জনজাতি–নেপালী–হিন্ হিন্দু–সংখ্যালঘু ভোটাৰৰ ওপৰতো নির্ভৰশীল হৈ আছে বহু সমষ্টি৷ জনগাঁথনিগত দিশৰ পৰাই স্পষ্ট হৈ পৰিছে এই ছবিখন৷ ৮টাকৈ সমষ্টিত জনজাতি ভোটাৰৰ ওপৰতে নির্ভৰশীল হৈ আছে নির্বাচনী ফলাফল৷ ঢ়কুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ ৪৪ শতাংশই হৈছে জনজাতি ভোটাৰ৷ সেইদৰে ধেমাজি সমষ্টিত ৩৬ শতাংশ জনজাতি ভোটাৰ আছে৷ জোনাই সমষ্টিত সর্বাধিক ৭৭ শতাংশ ভোটাৰেই হৈছে জনজাতি লোক৷ মাজুলীত জনজাতি ভোটাৰ হৈছে ৪৩ শতাংশ৷ গহপুৰত আছে ২৯ শতাংশ জনজাতি ভোটাৰ৷

একেদৰে চতিয়াত ২৬ শতাংশ, বিহপুৰীয়াত ২০ শতাংশ, লখিমপুৰত ২০ শতাংশ জনজাতি ভোটাৰ আছে৷ এই জনজাতি ভোটাৰসকল মূলতঃ মিচিং, বড়ো, সোণোৱাল কছাৰী সম্প্রদায়ৰ৷ সেয়ে উক্ত সমষ্টিকেইটাত নির্বাচনৰ ফলাফল বহু সময়ত জনজাতিসকলৰ ভোটৰ ওপৰতে নির্ভৰ কৰি আহিছে৷ তদুপৰি বিশ্বনাথত ৯ শতাংশ, ঢ়েকীয়াজুলিত ৯ শতাংশ, বৰছলাত ১৪ শতাংশ, বোকাখাতত ১৫ শতাংশ, সৰুপথাৰত ৯ শতাংশ, কলিয়াবৰত ৮ শতাংশ জনজাতি ভোটাৰ আছে৷ এই সমষ্টিকেইটাৰ নির্বাচনী ফলাফলতো জনজাতি ভোটাৰসকলৰ স্থান উলাই কৰিব পৰাবিধৰ নহয়৷

আনহাতে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া চাৰিটা সমষ্টিত সম্পূর্ণৰূপে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে মুছলমান ভোটাৰে৷ সেই সমষ্টিকেইটা হৈছে– ধিং, বটদ্রৱা, ৰূপহীহাট আৰু চামগুৰি৷ ধিং সমষ্টিৰ মুঠ ভোটাৰৰ ৯০ শতাংশই হৈছে মুছলমান সম্প্রদায়ৰ৷ বটদ্রৱা সমষ্টিত ৪৭ শতাংশ ভোটাৰ মুছলমান৷ সমষ্টিটোত ৩ শতাংশ বড়ো ভোটাৰো আছে৷ ৰূপহীহাট সমষ্টিত ৮১ শতাংশ ভোটাৰেই হৈছে মুছলমান৷ চামগুৰি সমষ্টিত ৪১ শতাংশ ভোটাৰ মুছলমান৷ সমষ্টিটোত ৬ শতাংশ জনজাতি ভোটাৰ আছে৷ সেয়ে স্বাভাৱিকতে এই ৪টা সমষ্টিত নির্বাচনী ফলাফলত মুছলমান ভোটাৰে সদায় নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷

ইয়াৰ উপৰি বিশ্বনাথত ১৬ শতাংশ, ঢ়েকীয়াজুলিত ১৫ শতাংশ, বৰছলাত ১৮ শতাংশ, তেজপুৰত ২৩ শতাংশ, ৰঙাপৰাত ১২ শতাংশ, কলিয়াবৰত ১৪ শতাংশ, নাওবৈচাত ৩০ শতাংশ, লখিমপুৰত ১৩ শতাংশ মুছলমান ভোটাৰ আছে৷ সেয়ে এই সমষ্টিকেইটাতো মুছলমান ভোটাৰৰ স্থিতি নির্বাচনী ফলাফলত গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হৈ আহিছে৷

ইপিনে, ডিব্রুগড়, তিনিচুকীয়া আৰু মার্ঘেৰিটা সমষ্টিত হিন্দীভাষী, নেপালী আৰু বাঙালী হিন্দু ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ ডিব্রুগড় সমষ্টিত ২৬ শতাংশ বাঙালী হিন্দু আৰু ১১ শতাংশ হিন্দীভাষী ভোটাৰ আছে৷ সেইদৰে তিনিচুকীয়া সমষ্টিত ২৭ শতাংশ বাঙালী হিন্দু, ১৫ শতাংশ হিন্দীভাষী আৰু ৪ শতাংশ নেপালী ভোটাৰ আছে৷ মার্ঘেৰিটা সমষ্টিত ১৫ শতাংশ নেপালী, ১৪ শতাংশ বাঙালী হিন্দু আৰু ৩ শতাংশ হিন্দীভাষী ভোটাৰ আছে৷

ইফালে, হিন্দীভাষী, বাঙালী আৰু নেপালী ভোটাৰে কমেও ৮টা সমষ্টিৰ জয়–পৰাজয়ত নির্ণায়ক ভূমিকা ল’ব পৰা অৱস্থাত আছে৷ সমষ্টিয়ে সমষ্টিয়ে জনবিন্যাস ভিন্ন ধৰণৰ হোৱাৰ বাবেই প্রতিটো নির্বাচনতে প্রতিটো ৰাজনৈতিক দলে ভিন্ন ভিন্ন জনগোষ্ঠীয় নেতাক নির্বাচনী প্রচাৰৰ কামত নিয়োজিত কৰিবলৈ বাধ্য হৈ আহিছে৷ এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই৷ কংগ্রেছে জনজাতিক আকর্ষিত কৰিবলৈ হাগ্রামা মহিলাৰীক নির্বাচনী প্রচাৰত নিয়োজিত কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে জনজাতিৰ ভোট বিজেপিৰ পক্ষত আনিবলৈ কর্মক্ষেত্রত নামি ইটোৰ পিছত সিটো সমষ্টি ঘূৰিছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো৷

RELATED ARTICLES