peepl-small

নির্বাচনৰ ফলাফলৰ পাছতে ব্যাপক চর্চাঃ পৰৱর্তী মুখ্যমন্ত্রী কোন?

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছত এইবাৰ চর্চালৈ আহিছে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব? ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান ইণ্ডিয়া টুডে’ আৰু এক্সিছ মাই ইণ্ডিয়াই এক সমীক্ষাত ৰাজ্যৰ ২০ শতাংশ লোকে পৰৱর্তী মুখ্যমন্ত্রী ৰূপে ড০ হিমন্ত বিশ্ব শর্মাক বিচাৰে বুলি স্পষ্ট কৰিছে৷ এনে অৱস্থাত ৰাজ্যত পৰৱর্তী চৰকাৰক ড০ হিমন্ত বিশ্ব শর্মাই নেতৃত্ব দিব নেকি, তাক লৈও চলিছে তুমুল চর্চা৷ আনকি একাংশ চিন্তাবিদ তথা সচেতন লোকে ৰাষ্ট্রীয় প্রতিষ্ঠানৰ এনে সমীক্ষাক সমর্থন জনাই জনপ্রিয় আৰু সফলতাৰ দিশলৈ চাই ড০ শর্মাকে পৰৱর্তী মুখ্যমন্ত্রীৰ দায়িত্ব দিব লাগে বুলি মন্তব্য কৰিছে৷

অৱশ্যে এনে সকলো চর্চাক একাষৰীয়া কৰি ৰাখি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টকৈ ক’লে যে দলৰ সংসদীয় ব’র্ডেহে এই সিদ্ধান্ত গ্রহণ কৰিব৷ মন্ত্রীগৰাকীয়ে আজি কয়– এই বিষয়টো মোৰ এক্তিয়াৰৰ ভিতৰত নপৰে৷ দলৰ সংসদীয় সমিতিয়ে শীঘ্রে এই দিশত সিদ্ধান্ত ল’ব৷ নির্বাচন আয়োগে ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত বিজেপিৰ আভ্যন্তৰীণ নিয়ম অনুসৰি এই বিষয়সমূহ আলোচনা কৰাৰ পিছত সংসদীয় ব’র্ডে এই দিশত সিদ্ধান্ত গ্রহণ কৰিব৷

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব এই সন্দর্ভত স্পষ্টকৈ উল্লেখ কৰিছে যে যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ নাথাকে, সেই ৰাজ্যতহে দলে আগতীয়াকৈ মুখ্যমন্ত্রী প্রক্ষেপ কৰে৷ অসমত নির্বাচনৰ ফলাফলৰ পিছত ৰাষ্ট্রীয় নেতৃত্বই বিভিন্ন দিশ পর্যালোচনা কৰিব৷ ইয়াৰ পিছত সংসদীয় কমিটীয়ে মুখ্যমন্ত্রী ৰূপে যাকে প্রক্ষেপ কৰে তেৱেঁই হ’ব অসমৰ পৰৱর্তী মুখ্যমন্ত্রী৷

ইফালে, মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ সভাপতি অতুল বৰাই মুখ্যমন্ত্রী সন্দর্ভত কয় যে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া বিজেপিয়ে ঠিক কৰিব৷ মিত্রতাৰ সূত্রে অগপই যিজনকে বিজেপিয়ে মুখ্যমন্ত্রী ৰূপে নির্বাচিত কৰিব, তেওঁকেই সমর্থন জনাব৷

RELATED ARTICLES