peepl-small

কোনে হত্যা কৰিলে নেহা কুমাৰীক?

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছিৰ নেহা কুমাৰী নামৰ ২০ বছৰীয়া যুৱতীগৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে৷ যোৱা ১৩ এপ্রিলত পাটৰকুছিৰ এটা পিটনিত নেহা কুমাৰীৰ অর্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ নির্দেশমর্মে বশিষ্ঠ থানাৰ আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷

বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রার্থপ্রতিম গগৈৰ নেতৃত্বত নেহাৰ হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আজিলৈকে হত্যাকাৰীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ নেহা কুমাৰীৰ হত্যাকাণ্ডৰ প্রকৃত ৰহস্য উদ্ঘাটন কৰাত ব্যর্থ হৈছে বশিষ্ঠ থানাৰ আৰক্ষী৷ ২০ বছৰীয়া নেহা কুমাৰীক কোনে হত্যা কৰিলে তাক লৈ আৰক্ষী আৰু পাটৰকুছিৰ ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে৷ বশিষ্ঠৰ এখন কাটিং এণ্ড টেইলৰিং চেণ্টাৰত প্রশিক্ষণৰত নেহাই ১০ এপ্রিলৰ দুপৰীয়া ১.৪০ বজাত প্রশিক্ষণ সামৰি ঘৰলৈ গৈ আছিল৷

দিল্লীস্থিত প্রেমিক ৰাহুল গুপ্তাৰ সৈতে নেহাই ফোনত কথা পাতি গৈ থকাৰ সময়তে ৰাহুলে নেহাৰ চিঞৰ–বাখৰ ফোনত শুনা পাইছিল৷ ঠিক তেনে সময়তে নেহাৰ ফোনৰ ছুইচ অফ হৈ যোৱাত ৰাহুলে নেহাৰ মাতৃক ঘটনাৰ বিষয়ে প্রায় ১.৪৮ বজাত অৱগত কৰিছিল৷ নেহাৰ মাতৃয়ে এই কথা জানিব পাৰি নেহাক ফোনত যোগাযোগ কৰাৰ চেষ্টা চলাইছিল যদিও নেহাৰ ফোনটো বন্ধ আছিল৷ ১০ এপ্রিলৰ সন্ধিয়া ৬.৩০ বজালৈকে নেহাৰ মাতৃয়ে আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰা নাছিল৷ ৬.৩০ বজাৰ পাছত বশিষ্ঠ থানাৰ আৰক্ষীক নেহা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল৷

উক্ত এজাহাৰৰ ভিত্তিত বশিষ্ঠ থানাৰ আৰক্ষীয়ে ৩৪৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ আৰক্ষীয়ে নিৰুদ্দিষ্ট নেহাক বিচাৰি তদন্ত অব্যাহত ৰখাৰ সময়তে ১৩ এপ্রিলত পাটৰকুছিৰ এটা পিটনিত এগৰাকী যুৱতীৰ অর্ধউলংগ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষীৰ খবৰৰ ভিত্তিত নেহাৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃতদেহটো নেহাৰ বুলি চিনাক্ত কৰে৷ আৰক্ষীয়ে প্রাথমিক তদন্তৰ অন্তত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰে৷ আৰক্ষীৰ তদন্তত নেহা হত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে৷ কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷

ইফালে, নেহা নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা দুদিন ধৰি নেহাৰ মাতৃ ৰহস্যজনকভাৱে ঘৰৰ পৰা আঁতৰি আছিল৷ ইয়াৰ উপৰি পাটৰকুছিৰ পিটনিত নেহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ এদিন পাছত নেহাই পৰিধান কৰা কাপোৰ–কানি উদ্ধাৰ হৈছিল৷ বশিষ্ঠ আৰক্ষীয়ে নেহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে উক্ত স্থানত তন্ন তন্নকৈ বিচাৰ–খোঁচাৰ কৰাৰ পাছতো নেহাৰ কাপোৰ–কানি উদ্ধাৰ হোৱা নাছিল৷ কিন্তু এদিন পাছতে উক্ত স্থানলৈ নেহাৰ কাপোৰ–কানি কেনেকৈ আহিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নেহাৰ ঘৰলৈ জনৈক ভট্টাচার্য উপাধিৰ এজন লোকৰ সঘন আহ–যাহ আছিল৷ আৰক্ষীয়ে এইসকল লোকক তদন্তৰ আওতালৈ আনিলেই নেহা হত্যাকাণ্ডৰ ৰহস্য ফাদিল হ’ব বুলি অঞ্চলটোৰ ৰাইজে দাবী কৰিছে৷ ইপিনে, বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রার্থপ্রতিম গগৈয়ে কয়লা ছিণ্ডিকেট বাহিনীৰ সৈতে মিতিৰালি কৰি দৈনিক শ শ অবৈধ কয়লা পৰিবাহী ট্রাক পাৰ কৰাত ব্যস্ত থকাৰ বাবেই নেহা হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্রত গাফিলতি কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

ড্রাগছ ব্যৱসায়ী চক্রৰে জড়িত থকাৰ অভিযোগত পাণবজাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া হেমেন দাসৰ বিৰুদ্ধে আৰক্ষী আয়ুক্তই যি ব্যৱস্থা গ্রহণ কৰিলে, তেনেদৰে কয়লা ছিণ্ডিকেট চক্রৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ থকা বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রার্থপ্রতিম গগৈৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা গ্রহণ কৰি নেহা হত্যাকাৰীক শীঘ্রে কাৰায়ত্ত কৰি উচিত শাস্তি প্রদান কৰিবলৈ পাটৰকুছিৰ ৰাইজে দাবী উত্থাপন কৰিছে৷

RELATED ARTICLES