peepl-small

ৰিতুল শইকীয়া ক’ত হেৰাল?

PUBLISHED:

গুৱাহাটী: আলফা (স্বা)–এ অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়া এতিয়া ক’ত? বিগত এটা সপ্তাহত এই প্রশ্ণ ক্রমাৎ গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে৷ অসম আৰক্ষী আৰু আলফা (স্বা)ৰ পৰস্পৰবিৰোধী বক্তব্যইসমগ্র বিষয়টো অধিক ধুঁৱলী–কুঁৱলী কৰি তুলিছে৷ উল্লেখ্য যে যোৱা ২১এপ্রিলত বিদ্রোহী সংগঠনটোৱে লাকুৱাৰ পৰা অপহৰণ কৰে অ’ এন জি চিৰ তিনিগৰাকী কর্মচাৰী অলকেশ শইকীয়া, মোহিনী মোহন গগৈ আৰু ৰিতুল শইকীয়াক৷ ইয়াৰ পাছত ২৪ এপ্রিলত আছাম ৰাইফলছ, সেনা আৰু নাগালেণ্ড আৰক্ষীৰ সহযোগত অভিযান চলাই অসম আৰক্ষীয়ে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ অভিযানৰ সময়ছোৱাত নাগালেণ্ডৰ মন জিলাত দুয়োপক্ষৰ মাজত প্রচণ্ড সংঘর্ষও সংঘটিত হয়৷

সেই দিনাই আলফা (স্বা)–এ এক বিবৃতিযোগে সদৰী কৰে যে যাত্রাপথত হোৱা সংঘর্ষৰ বাবে তিনিওগৰাকী অপহূত ব্যক্তিকে সংগঠনটোৱে সংঘর্ষস্থলীত মুকলি কৰি দিছে৷ ইয়াৰ দুগৰাকী ব্যক্তি সেনা–আৰক্ষীৰ সহযোগত সুকলমে অসমত উপস্থিত হয় যদিও তৃতীয়গৰাকী অপহূত ৰিতুল শইকীয়াৰ এতিয়াও সন্ধান ওলোৱা নাই৷ নাগালেণ্ডৰ ঘন অৰণ্যত সেনা–আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলায়ো তেওঁৰ শুংসূত্র লাভ কৰা নাই৷ এনে উৎকণ্ঠাময় পৰিস্থিতিৰ মাজতে কালি অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এখন সংবাদ মেলত ঘোষণা কৰে– ‘অ’ এন জি চিৰ তৃতীয়জন অপহূত কর্মচাৰী ৰিতুল শইকীয়া জীৱিত অৱস্থাত আলফাৰ জিম্মাতে আছে৷ তেওঁক উদ্ধাৰৰ বাবে আমাৰ অভিযান অব্যাহত আছে৷ অপহৰণকাৰী দলটোৰ অৱস্থানৰ তথ্য আমি পাই আছোঁ৷ মানুহজন যাতে বাচি থাকে, তাৰ বাবে আমি সাৱধানতাৰে কাম কৰিবলগীয়া হৈছে৷’

আলফাক সকীয়াই ডি জি পিয়ে লগতে কয় যে এজন থলুৱা যুৱকক বিহুৰ দিনাই লৈ যোৱাটো কোনো বীৰত্বৰ কাম নহয়৷ তেওঁক জীৱন্ত অৱস্থাত ওভতাই দিলে আলফাৰ কোনো ক্ষতি নহয়৷ বৰং মুকলি কৰি দিলে অসমবাসীয়ে ভাল পাব৷

আৰক্ষী সঞ্চালকপ্রধানৰ এই বক্তব্যৰ পাছতে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘ৰিতুল শইকীয়া আলফাৰ লগত নাই৷ অসম আৰক্ষী আৰু সেনাই জানিব ৰিতুল শইকীয়া ক’ত আছে৷ যিদিনা আমাৰ ওপৰত গুলীয়াগুলী চলিল, সিদিনা সকলো ছেদেলি–ভেদেলি হৈ গ’ল৷ তেতিয়াৰ পৰা অপহূতজন আমাৰ দায়িত্বত নাই৷ যিহেতু সেনাই উদ্ধাৰ অভিযান চলাইছিল, এতিয়া ৰিতুল শইকীয়াৰ দায়িত্ব অ’ এন জি চি আৰু সেনাই ল’ব লাগিব৷ কাৰণ তেওঁক উদ্ধাৰ কৰিব বুলি সেনাৰ লগতে মুখ্যমন্ত্রীয়েও ঘোষণা কৰিছে৷ সেনাই যদি তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলোঁ বুলি কয়, তেতিয়া আমি বিচৰিম৷ তেওঁক উদ্ধাৰৰ বাবে সকলো চেষ্টা চলাম৷’

পৰেশ বৰুৱাই লগতে কয় যে পাঁচ বছৰ পূর্বে আলফা (স্বা)–এ অসম আৰক্ষীৰ বিৰুদ্ধে অস্ত্র নচলায় বুলি ঘোষণা কৰিছিল৷ এতিয়া আৰক্ষীয়ে যিহেতু আক্রমণ কৰিলে, আলফাই পূর্বৰ সিদ্ধান্ত বিবেচনা কৰিব৷ আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ পৰস্পৰবিৰোধী বক্তব্যই ৰিতুল শইকীয়াৰ অৱস্থিতি অধিক ৰহস্যঘন কৰি তুলিছে৷ অপহূত ৰিতুল শইকীয়া জীৱিত অৱস্থাত আছে নে নাই, যদি আছে ক’ত আছে, কেনেকৈ আছে এনেবোৰ প্রশ্ণই ৰিতুল শইকীয়াৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীকো উদ্বিগ্ণ কৰি ৰাখিছে৷

RELATED ARTICLES