peepl-small

দৰঙৰ ধলপুৰত কনিষ্ঠ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক কি ক’লে মুখ্যমন্ত্ৰীয়ে?

PUBLISHED:

গুৱাহাটীঃ সোমবাৰে দৰঙৰ ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰৰ বেদখলকৃত ভূমি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

নাও আৰু পদব্ৰজে নদীপৰীয়া অঞ্চলটোত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাতৃ তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে উপায়ুক্ত আৰু অন্যান্য বিষয়াবৰ্গক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে।

গুৱাহাটীৰ অভিজ্ঞ স্থপতিবিদৰ দ্বাৰা মন্দিৰটোক নতুন ৰূপত সজাই-পৰাই তুলিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই দায়িত্ব অৰ্পণ কৰে ভাতৃ সুশান্ত বিশ্ব শৰ্মাক। মন্দিৰৰ মণিকূটটোও আকৰ্ষণীয় আৰ্হিৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে শৰ্মাই।

মন্দিৰটোত ভোগঘৰ, অতিথিগৃহ, প্ৰস্ৰাৱগাৰ-শৌচালয় আৰু হেলিপেড নিৰ্মাণৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, মন্দিৰৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে উপায়ুক্ত, চক্ৰ বিষয়া তথা লোক নিৰ্মাণ বিভাগৰ সহযোগিতাৰে এখন দেৱাল নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰিবলৈ কয়। দেৱাল নিৰ্মাণ সম্ভৱ নহ’লে গছপুলি ৰোপণ কৰি প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

দৰঙৰ অন্যতম ঐতিহ্য ধলপুৰৰ শিৱ মন্দিৰৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰাৰ লগতে বেদখলৰ পৰা মুক্ত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈছে স্থানীয় ৰাইজে।

RELATED ARTICLES