peepl-small

মেঘালয়ত সপ্তাহান্তিক লকডাউন ঘোষণা

PUBLISHED:

গুৱাহাটী: বৰ্ধিত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, মেঘালয় চৰকাৰে ৫ মে’ৰ সন্ধিয়া ৮ বজাৰ পৰা ১০ মে’ ২০২১ তাৰিখৰ পুৱা ৫ বজালৈ পূব খাচী পাহাৰীয়া জিলাত সম্পূৰ্ণ লকডাউন আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।

ইপিনে মেঘালয়ৰ সকলো জিলাতেই এতিয়াৰে পৰা সাপ্তাহিক লকডাউন জাৰি কৰা হ’ব। আজি এই কথা ঘোষণা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

উল্লেখ্য যে বুধবাৰলৈ মেঘালয়ত পজিটিভ ৰোগীৰ সংখ্যা হৈছে ১৮২৮৩ গৰাকী।

RELATED ARTICLES