peepl-small

চৰ-চাপৰিৰ সকলোকে দিম ভূমি পট্টাঃ ৰিপুণ বৰা

PUBLISHED:

গুৱাহাটীঃ ‘অসমত বিজেপিয়ে ভোট কিনিবলৈ আৰম্ভ কৰিছে৷ কিন্তু অসমৰ ৰাইজে ভোট বিক্রী নকৰে৷’– লাহৰীঘাটত এইদৰে মন্তব্য কৰে কংগ্রেছৰ ৰাষ্ট্রীয় সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে৷
লাহৰীঘাটৰ তিনচিকীয়া ৰাজীৱ গান্ধী খেলপথাৰত বৃহস্পতিবাৰে প্রদেশ কংগ্রেছৰ সংখ্যালঘু বিভাগে আয়োজন কৰা   মধ্যমণ্ডলৰ অভিৱর্তনত প্রদেশ কংগ্রেছৰ প্রায় সকলো নেতাই উপস্থিত থাকি নির্বাচনী ৰণশিঙা বজায়৷
নির্বাচনী সভাখনত উপস্থিত থাকে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সর্বভাৰতীয় কংগ্রেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ নাদিম জাভেদ, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ গৌৰৱ গগৈ, সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, স্থানীয় বিধায়ক ডাঃ নজৰুল ইছলাম আৰু তত্ত্বাৱধায়ক চাকিল আহমেদৰ লগতে প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকল৷
বিশাল নির্বাচনী সভাত কেইবাসহস্র লোকক উদ্দেশ্যি অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ভাষণত কয় যে উজনি অসমত আগন্তুক নির্বাচনত কংগ্রেছে অধিকাংশ সমষ্টি দখল কৰিব৷ নির্বাচনত কংগ্রেছ তথা মহামিত্রজোঁটে ১০১খন আসনৰ ওপৰত জয়লাভ কৰি চৰকাৰ গঠন কৰিব৷
‘নির্বাচনৰ ডেৰ মাহ পূর্বেই অসমত কংগ্রেছৰ জোৱাৰ উঠিছে৷ কংগ্রেছৰ জোৱাৰ দেখি শাসকীয় বিজেপি দলে শংকিত হৈ স্কুটী বিতৰণ কৰা আৰম্ভ কৰিছে৷’– তেওঁ কয়৷ সভাত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত সংখ্যালঘু লোকৰ তিনিটা সমস্যাক লৈ ভাষণ দিয়ে৷ ৰিপুণ বৰাই কয় যে কংগ্রেছ চৰকাৰ আহিলে এন আৰ চিত নাম অহা লোকক পৰিচয়–পত্র দিব৷
এন আৰ চিৰ পৰা বাদ পৰা সকলোকে আবেদন কৰাৰ সুযোগ দিব৷ ইয়াৰ উপৰি চৰকাৰ আহিলে চৰ–চাপৰিত বসবাস কৰা সকলো লোকক পট্টা দিব৷ আনহাতে, বান–গৰাখহনীয়া সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ৰিপুণ বৰাই৷ কংগ্রেছৰ দুর্গৰূপে খ্যাত লাহৰীঘাট সমষ্টিত কংগ্রেছৰ প্রার্থী দিব বুলি ইংগিত দিয়ে ৰিপুণ বৰাই৷

সভাত সর্বভাৰতীয় সংখ্যালঘু বিভাগৰ অধ্যক্ষ নাদিম জাভেদে আগন্তুক নির্বাচনত কংগ্রেছ দলক ভোট দিবলৈ আহ্বান জনায়৷ সভাত সাংসদ গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক প্রত্যাহ্বান জনাই কয় যে হিমন্তৰ পৰা ৰাজনীতি শিকিব নালাগে৷ আনহাতে, সভাত বিধায়ক ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাংসদ প্রদ্যুৎ বৰদলৈ আৰু চাকিল আহমেদে ভাষণ দিয়ে৷

RELATED ARTICLES