peepl-small

আজাৰাৰ কেওটপাৰাত ক’ভিড প্রট’কল উলংঘাৰে মাছ–মাংস বিক্রী

PUBLISHED:

গুৱাহাটী:   সমগ্র ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীতো অব্যাহত আছে ক’ভিডকেন্দ্রিক ভয়াৱহতা৷ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিয়লি ৩ বজাৰ পৰা দোকান–পোহাৰকে ধৰি সকলো স্তৰৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখিবলৈ তথা সন্ধিয়া ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে যদিও তেনে নির্দেশনা ৰাজধানী মহানগৰী গুৱাহাটীৰ ভিন্ন স্থানত প্রহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ প্রধানকৈ গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা ৰাজহ চক্র তথা আজাৰা থানাৰ অন্তর্গত অঞ্চলসমূহত নাই কোনোধৰণৰ ক’ভিডকেন্দ্রিক ভয়াৱহতা আৰু ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড নির্দেশনা৷

উল্লেখনীয় যে আজাৰা থানাৰ অন্তর্গত আজাৰাৰ কেওটপাৰা–বৰবৰী আদি অঞ্চলসমূহত প্রতিদিনে চৰকাৰী ক’ভিড নির্দেশনা উলংঘন কৰি গধূলি হ’লেই মাছ–মাংসকে ধৰি শাক–পাচলিৰ দোকানেৰে ভৰি পৰে৷ উক্ত এলেকাসমূহৰ গ্রামাঞ্চলৰ ভিতৰুৱা দোকানসমূহ দিনৰ কথাতো বাদেই নিশালৈও খোলা থকা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে আজাৰা থানা এলেকাত নাই যান–বাহন চলাচলৰ ক্ষেত্রত কোনো ধৰণৰ যুগ্ম–যুগ্ম নীতি৷

আজাৰা আৰক্ষী তথা আজাৰা ৰাজহ চক্র বিষয়াৰ চকুৰ সন্মুখতেই দিনৰ দিনটো যুগ্ম–যুগ্ম নীতিক অংগুষ্ঠ প্রদর্শন কৰি চলাচল কৰি থাকে সকলো শ্রেণীৰ যান–বাহন৷ কেওটপাৰাত নতুনকৈ পাচলি আৰু মাছ –মাংসৰ দোকানীয়ে মনা নাই কোনো ধৰণৰ ক’ভিড প্রট’কল ৷ সামাজিক দূৰত্ব বর্তাই নাৰাখি গাতে গা লগাই মানুহে অত্যন্ত ভিৰৰ মাজেৰে মাছ–মাংস ক্রয় কৰি আছে যদিও আজাৰা আৰক্ষীয়ে এনেবোৰ কার্য দেখিও নেদেখাৰ ভাও ধৰি থকাত স্থানীয় সচেতন নাগৰিকসকল বিতুষ্ট হৈ পৰিছে৷ তদুপৰি বিয়লি হোৱাৰ লগে লগে জাকক জাকে ‘ইভিনিং ৱাক’ কৰিবলৈ নিজ গৃহৰ পৰা ওলাই আহে পুৰুষ–মহিলাকে ধৰি যুৱক– যুৱতী তথা শিশুসকল৷ ক’ৰোনা মহামাৰী পৰিস্থিতিটো সম্প্রতি গুৱাহাটী মহানগৰীৰ আজাৰাত যেন নোহোৱা হৈছে৷

RELATED ARTICLES