peepl-small

শিক্ষক–শিক্ষার্থীৰ উপস্থিতি পর্যবেক্ষণ, ড্রপ আউট বন্ধৰ পদক্ষেপ

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ কেবিনেট বৈঠকৰ পাছতে মন্ত্রী কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে সিদ্ধান্তসমূহ সদৰী কৰি জানিবলৈ দিয়া মতে, কালিৰ বৈঠকত তৃণমূল পর্যায়ত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক জড়িত কৰি গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷ কেবিনেটে প্রাথমিক শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্রতিখন জিলাত এখন জিলা তদাৰকী আৰু নিৰীক্ষণ কমিটী গঠনৰ সিদ্ধান্ত লয়৷ জিলা পর্যায়ত গঠন হ’ব লগা এই কমিটীত অধ্যক্ষ হিচাপে থাকিব জিলা পৰিষদৰ সভাপতিগৰাকী৷

আনহাতে, কমিটীৰ সদস্য ৰূপে থাকিব পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, এজন অতিৰিক্ত উপায়ুক্ত, জিলা শিক্ষা বিষয়া আৰু এজন সমাজকর্মী৷ একেদৰে খণ্ড পর্যায়তো এখন তদাৰকী আৰু নিৰীক্ষণ কমিটী গঠনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ এই কমিটীখনত অধ্যক্ষ হিচাপে থাকিব আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী৷ মুখ্যতঃ দুয়োখন কমিটীয়ে বিদ্যালয়সমূহত ছাত্র–ছাত্রী আৰু শিক্ষকৰ উপস্থিতি, আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্র–ছাত্রী, খোৱাপানী, বিজুলী যোগনকে ধৰি অন্যান্য সমস্যাসমূহ পর্যালোচনা কৰি এইক্ষেত্রত যথোচিত ব্যৱস্থা গ্রহণ কৰিব৷

আনহাতে, কেবিনেট বৈঠকে প্রশাসনিক সংস্কাৰৰ বাবে একোখনকৈ বিত্তীয় কমিটী গঠনৰ সিদ্ধান্ত লয়৷ বিশেষকৈ প্রকল্প ৰূপায়ণৰ ক্ষেত্রত বিত্তীয় অনুমোদনৰ ব্যৱস্থাৱলী ত্বৰান্বিত কৰাৰ লগতে সকলো কাম–কাজ সৰলীকৰণ কৰাৰ উদ্দেশ্যে প্রতিটো বিভাগতে গঠন হ’ব একোখনকৈ বিভাগীয় বিত্তীয় সমিতি৷ বৈঠকে আজি গ্রহণ কৰা এই সিদ্ধান্ত সম্পর্কে বিস্তৃতভাৱে জানিবলৈ দি মন্ত্রী ৰণোজ পেগুৱে কয় যে এই বিভাগীয় বিত্তীয় সমিতিখনে দুই কোটি টকালৈকে সিদ্ধান্ত লৈ প্রশাসনিক অনুমোদন প্রদান কৰিব পাৰিব৷ সমিতিখনৰ বৈঠক প্রতি সোমবাৰে অনুষ্ঠিত হ’ব৷ একেদৰে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হ’ব এখন স্থায়ী বিত্তীয় সমিতি৷ এই সমিতিয়ে দুই কোটি টকাৰ পৰা ১০ কোটি টকালৈ প্রকল্পসমূহত নিজাববীয়াকৈ অনুমোদন জনাব পাৰিব৷ সমিতিখনৰ বৈঠক প্রতি মঙলবাৰে অনুষ্ঠিত হ’ব৷

আনহাতে, ৰাজ্যৰ বিত্তমন্ত্রীগৰাকীৰ অধ্যক্ষতাত গঠন হ’ব এখন বিশেষ স্থায়ী বিত্তীয় সমিতি৷ ১০ কোটি টকাৰ পৰা ১০০ কোটি টকাৰ ভিতৰত হ’ব লগা প্রকল্পসমূহ এই কমিটীয়ে বিবেচনা কৰিব আৰু মুখ্যমন্ত্রীৰ অনুমোদনৰ বাবে প্রেৰণ কৰিব৷ এই সমিতিৰ বৈঠক প্রতি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷ ১০০ কোটি টকাৰ ওপৰত যিকোনো প্রকল্প বিভাগে পোনপটীয়াকৈ কেবিনেট বৈঠকত উত্থাপন কৰিব পাৰিব৷ এনেবোৰ গুৰুত্বপূর্ণ সিদ্ধান্তৰ লগতে কালিৰ কেবিনেটে খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ এটা নতুন বিভাগ গঠনত আনুষ্ঠানিকভাৱে অনুমোদন জনায়৷ প্রত্নতত্ত্ব সঞ্চালকালয়, সংগ্রহালয় সঞ্চালকালয়, পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয় এই বিভাগৰ অধীনত থাকিব৷

কালিৰ কেবিনেটে একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষিকার্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমিৰ পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্র চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা–সুবিধা লাভ কৰিব৷ কেবিনেট বৈঠক সন্দর্ভত অধিক তথ্য সদৰী কৰি মন্ত্রী ৰণোজ পেগুৱে জানিবলৈ দিয়ে যে আজিৰ কেবিনেটে নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্রত জিলা উপায়ুক্তসকলক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিছে৷ এতিয়াৰে পৰা উপায়ুক্তসকলে এইক্ষেত্রত নিবিদা আহ্বান কৰি পলসুৱা মাটি উঠোৱাৰ আবণ্টন প্রদান কৰিব পাৰিব৷ অৱশ্যে সাধাৰণ বালি আৰু শিলৰ ক্ষেত্রত পূর্বৰ ব্যৱস্থাই বাহাল থাকিব৷

কেবিনেটে প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰাজেন গোহাঁইক অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে তেওঁক কেবিনেট মন্ত্রীৰ পদমর্যাদা প্রদানৰ সিদ্ধান্ত লয়৷ কেবিনেটে অধ্যাপক ড০ ননী গোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ লগতে তেওঁক ৰাজ্যিক পর্যায়ৰ মন্ত্রীৰ পদমর্যাদা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই বৈঠকতে বিকেন্দ্রীকৰণৰ জৰিয়তে জল জীৱন মিছনৰ কাম–কাজ ত্বৰান্বিত কৰাৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্রীৰ অনুমোদন সাপেক্ষে জিলা উপায়ুক্তসকলক ১০ কোটি টকাৰ প্রকল্পৰ অনুমোদনৰ বাবে কর্তৃত্ব প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রকল্পত বিভিন্ন কাম–কাজ ক্ষিপ্রতৰ কৰাৰ বাবে জিলা উপায়ুক্তৰ অধীনত এখন স্থায়ী সমিতি গঠন কৰি এই দিশত সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব প্রদান কৰা হয়৷ এই সমিতিখনে জিলাখনত জল জীৱন মিছনৰ কাম–কাজ দ্রুততৰ কৰাৰ দিশত যাৱতীয় সিদ্ধান্ত গ্রহণ কৰিব৷

RELATED ARTICLES