peepl-small

ৰাজভৱনত পার্থ সাৰথি মহন্তৰ কবিতাৰ ভিডিঅ’ উন্মোচন

PUBLISHED:

অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (ডিআইজি) পার্থ সাৰথি মহন্তই ৰচনা কৰা ‘অকণি অকণি বলি’ শীর্ষক কবিতাৰ ভিডিঅ’ দেওবাৰে উন্মোচন কৰা হয়৷ ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত কবিতাটোৰ ভিডিঅ’ উন্মোচন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে৷

বিশ্ব মানৱ সৰবৰাহবিৰোধী দিৱসৰ লগত সংগতি ৰাখি শিশু অধিকাৰ সংস্থা ‘উৎসাহ’–এ আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে কবিতাটোৰ ভিডিঅ’ উন্মোচন কৰে৷ সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলে সন্মুখীন হোৱা যন্ত্রণাক মূল বিষয়বস্তু হিচাপে লৈ ‘অকণি অকণি বলি’ শীর্ষক কবিতাটো ৰচনা কৰিছে মহন্তই৷

দীর্ঘদিন ধৰি শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি অহা ‘উৎসাহ’ৰ অন্যতম পদক্ষেপ হৈছে ‘অকণি অকণি বলি’ শীর্ষক কার্যসূচী৷ এই কার্যসূচীৰ জৰিয়তে মানৱ সৰবৰাহকাৰীৰ কবলত পৰিব পৰা স্পর্শকাতৰ হিচাপে বিবেচিত শিশুসকলক শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ কণ্ঠ সবলভাৱে সমাজৰ আগত তুলি ধৰিবলৈ লক্ষ্য বান্ধি লোৱা হৈছে৷ এই অভিযানৰ অংশ হিচাপে শিশু অধিকাৰ সংস্থাটোৱে মানৱ সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলৰ যন্ত্রণাক লৈ এটা কবিতা ৰচনা কৰিবলৈ পার্থ সাৰথি মহন্তক আহ্বান জনায়৷ ইয়াৰ পাছতে তেওঁ সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলৰ দুখ–বেদনা তথা যন্ত্রণাক মূল বিষয়বস্তু হিচাপে লৈ ‘অকণি অকণি বলি’ শীর্ষক কবিতাটো ৰচনা কৰে৷ এই কবিতাটো আবৃত্তি কৰিছে জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদে৷

কবিতাটোৰ কলাৰ কাম কৰিছে দীপিকা তালুকদাৰে৷ কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ৰঞ্জিত চৌধুৰী আৰু অদিতি চৌধুৰীয়ে কবিতাটোৰ ‘ছাব–টাইটেল’ ৰচনা কৰিছে৷ ভিডিঅ’ এডিটিং সম্পন্ন কৰিছে অজান অনুভৱ বৰুৱাই৷ আজি আয়োজন কৰা অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে কয়– সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলৰ দুখ–বেদনা, আশা–আকাংক্ষাক অতি শক্তিশালীভাৱে কবিতাটোৰ জৰিয়তে বর্ণনা কৰিছে পার্থ সাৰথি মহন্তই৷

ভাৰতত শিশু সৰবৰাহ এটা গম্ভীৰ সমস্যা হিচাপে বিবেচিত হৈছে আৰু এইক্ষেত্রত অসমো ব্যতিক্রম নহয়৷ শিশু সৰবৰাহ প্রতিৰোধ কৰাৰ বাবে সমাজত সজাগতা বৃদ্ধিৰ লগতে গাঁও পর্যায়ত শিশু সুৰক্ষা ব্যৱস্থা, আইন বলৱৎ আৰু সংস্থাপন প্রক্রিয়া শক্তিশালী কৰিব লাগিব৷

ইফালে, অনুষ্ঠানত পার্থ সাৰথি মহন্তই কয়–সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলৰ দুখ–বেদনা মই বর্ণনা কৰিবলৈ চেষ্টা কৰিছোঁ৷ এই শিশুসকলৰ দুখ–বেদনা সততে প্রকাশ নাপায়৷ শিশুসকলক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত সর্বাধিক সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কবিতাটো ৰচনা কৰা হৈছে৷ বিশেষকৈ শিশু সৰবৰাহকাৰীৰ কবলত পৰাৰ আশংকা থকা শিশুসকলৰ সুৰক্ষাৰ বাবে এই বিশেষ কবিতাটো ৰচনা কৰিছোঁ৷

ইফালে, অনুষ্ঠানত আদৰণী ভাষণ প্রকাশ কৰি শিশু সুৰক্ষা সংস্থাটোৰ প্রতিষ্ঠাপক আৰু কার্যবাহী সঞ্চালক মিগেল দাস কুইয়াই কয় যে শিশু সৰবৰাহৰ বিৰুদ্ধে যিমানেই ৰাইজ সজাগ হ’ব, সিমানেই এই শত্রুৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোক শক্তিশালী হ’ব৷ আজিৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীৰ সহধর্মিণী প্রেম মুখী উপস্থিত থাকে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসম আৰু উত্তৰ–পূর্বাঞ্চল হৈছে দেশৰ আন প্রান্তলৈ শিশু সৰবৰাহৰ অন্যতম উৎস৷ সৰবৰাহ কৰি নিয়া শিশুসকলক অধিকাংশ সময়ত অবৈধ শ্রমিক তথা দেহ ব্যৱসায়ৰ লগত জড়িত কৰোৱা হয়৷ চাহ বাগিচা অঞ্চল, পাহাৰ আৰু ভৈয়ামৰ জনজাতীয় অঞ্চল তথা চৰ অঞ্চলৰ শিশুসকল অত্যধিক স্পর্শকাতৰ হিচাপে বিবেচিত হৈ আহিছে৷

RELATED ARTICLES