peepl-small

ৰাষ্ট্রীয় ঘাইপথত জৰিমনা সংগ্রহ বন্ধৰ নির্দেশ দিলে মুখ্যমন্ত্রীয়ে

PUBLISHED:

ৰাজ্যৰ ঘাইপথসমূহত সংঘটিত ক্রমবর্ধমান পথ দুর্ঘটনা আৰু যান–বাহনৰ গতিবেগ নিয়ন্ত্রণ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পৰিবহণ বিভাগ, ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত উপৰি উক্ত বিষয় সন্দর্ভত বিতং আলোচনাৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথত যান–বাহনৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ১০০ কিলোমিটাৰ পর্যন্ত হোৱাৰ লগতে স্পর্শকাতৰ অংশসমূহত প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ ধার্য কৰা সন্দর্ভত জনসাধাৰণৰ মাজত ডপযুক্ত সচেতনতা গঢ়ি নুঠা পর্যন্ত এই গতিবেগ উলংঘা কৰা যান–বাহনৰ পৰা পৰৱর্তী কিছু দিনৰ বাবে জৰিমনা সংগ্রহ বন্ধ ৰাখিবলৈ পৰিবহণ বিভাগক নির্দেশ দিয়ে৷ ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহকে ধৰি প্রধান পথসমূহত থকা দুর্ঘটনাপ্রৱণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পর্যাপ্তসংখ্যক পথ নির্দেশনা ফলক স্থাপন কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগক নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীয়ে লগতে ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহতো উপযুক্ত আৰু দৃশ্যমান ৰূপত পথ নির্দেশনা ফলক স্থাপনৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ এনে স্পর্শকাতৰ এলেকাসমূহত উপযুক্ত গতিৰোধক নির্মাণৰ পদক্ষেপ ল’বলৈও তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে৷ স্থানীয় পৰিবহণ বিষয়াসকলৰ সৈতে আলোচনা সাপেক্ষে এনে স্পর্শকাতৰ স্থানসমূহ চিনাক্তকৰণৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ ঘাইপথ আৰু ছার্ভিচ ৰোড তথা ডপপথসমূহৰ সংযোগস্থলীসমূহতো এনেধৰণৰ নির্দেশনা ফলক তথা গতিৰোধক স্থাপন কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক কোৱাৰ লগতে এনেধৰণৰ আন্তঃগাঁথনিগত কাম–কাজসমূহ অহা ৩ মাহৰ ভিতৰত সম্পূর্ণ কৰি তুলিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

এই বৈঠকত মুখ্যমন্ত্রীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতা সৃষ্টিৰ বাবে পৰৱর্তী দুমাহজুৰি অবিৰতভাৱে এক ব্যাপক প্রচাৰ অভিযান হাতত ল’বলৈও পৰিবহণ বিভাগক নির্দেশ দিয়ে৷ এইক্ষেত্রত ৰাইজৰ জ্ঞাতার্থে ছপা আৰু বৈদ্যুতিন মাধ্যমযোগে মনোগ্রাহী বিজ্ঞাপন প্রচাৰৰ ব্যৱস্থা কৰাৰ লগতে এই অভিযানত ক্রীডা আৰু সাংস্কৃতিক জগতৰ জনপ্রিয় তাৰকাসকলকো জডিতকৰণৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ ৰাষ্ট্রীয় ঘাইপথত যান–বাহনৰ সর্বোচ্চ গতিবেগ সন্দর্ভত ২০১৮ চনৰ ৬ এপ্রিল তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী সন্দর্ভতো সংবাদ মাধ্যমযোগে বহুল প্রচাৰৰ ব্যৱস্থা কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ আজিৰ বৈঠকত পৰিবহণ বিভাগৰ প্রধান সচিব কে কে দ্বিবেদী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা আৰু পৰিবহণ বিভাগ, ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES