peepl-small

কঁঠালগুটিৰ গুণাগুণ

PUBLISHED:

অসমৰ জলবায়ুত বিভিন্ন ধৰণৰ ফল উৎপাদন হয়৷ আহাৰ, শাওণ মাহত আম, কঁঠাল, মাটিকঁঠাল, মধুৰী আদি ফলেৰে ঘৰৰ বাৰী ভৰি পৰে৷ ইয়াৰে কেতবোৰ ফল কেঁচা, পকা দুয়োধৰণে খোৱা হয় আৰু আনকি কিছুমান ফলৰ গুটিবোৰো আমি খাদ্য  হিচাপে ব্যৱহাৰ কৰোঁ৷ গ্রীষ্মকালৰ তেনে ফলৰ ভিতৰত কঁঠালৰ নামেই কব লাগিব৷ কাৰণ কঁঠাল কেঁচা বা পকা দুয়োবিধ আমি খাওঁ, আনকি ইয়াৰ গুটিবোৰো পেলাই দিয়া নাযায়৷

গ্রীষ্মকালত হোৱা বিভিন্ন ফলৰ ভিতৰত কঁঠালেই কিজানি ডাঙৰ ফল আৰু ইয়াৰ বৈশিষ্ট্য এয়ে যে এই ডাঙৰ ফলটোৰ ভিতৰত অসংখ্য গুটি থাকে৷ পকা কঁঠাল খোৱাৰ পিছত ইয়াৰ গুটিবোৰ ভালকৈ ধুই চালনিত দি ৰদত শুকুৱাই থৈ গোটেই বছৰটোৰ বাবে সংৰক্ষণ কৰা হয়৷ সাধাৰণতে গাঁৱত গৃহিণীসকলে প্রতিবছৰে এইদৰে কঁঠালগুটি সংৰক্ষণ কৰি ৰাখে৷ এই পৰম্পৰা অতীতৰে পৰা চলি আহিছে৷ এইদৰে সংৰক্ষণ কৰা কঁঠালগুটিৰ পৰা অবতৰত off season বিভিন্ন ব্যঞ্জন বনাই আমি জুতি লওঁ৷

পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰত কঁঠালগুটিৰ বহু ব্যঞ্জন আছে, যিবোৰ আমাৰ বহুতৰে নিষ্চয় অতিকে প্রিয়৷ কঁঠালগুটি দি পাতলকৈ বনোৱা মচুৰ দাইল, পোৰা বা বইল কৰা কঁঠালগুটিৰ পিটিকা, কঁঠালগুটিৰ বৰ বা পকৰি, ঢেঁকীয়া আৰু বইল কৰা কঁঠাল গুটিৰ শুকান ভাজি আৰু কত যে ব্যঞ্জন আছে৷ নকলেও হব যে জুতি লগা এইবোৰ ব্যঞ্জনে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে আৰু লগতে বহু ৰোগৰ প্রতিষেধক হিচাপেও কাম কৰে৷

সমগ্র এছিয়াতে কঁঠালৰ আদৰ আছে৷ কাৰণ এছিয়াৰ দেশসমূহৰ জলবায়ুত কঁঠালৰ উৎপাদনো বেছি হয়৷ সেয়েহে এছিয়াৰ প্রায়বোৰ দেশতে কঁঠাল কেঁচা, পকা দুয়োবিধ বা কঁঠাল গুটি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱা দেখা পোৱা যায়৷ কঁঠালৰ দৰে কঁঠালৰ গুটিবোৰো পৰিপুষ্টিৰে ভৰপূৰ৷ ইয়াত ভিটামিন এ, থাইমিন, ৰাইবফ্লেভিন আদি ভিটামিন বি, প্রটিন, আইৰন, জিংক, কেলচিয়াম, পটাচিয়াম, মেংগানিজ আদি বিভিন্ন অত্যাৱশ্যকীয় উপাদান পোৱা যায়৷ সেয়েহে স্বাস্থ্য ৰক্ষাত কঁঠাল গুটি বৰ উপকাৰী৷

Jackfruit Seedsফলৰ ভিতৰত থকা গুটিৰো যে ইমান পুষ্টিকৰ গুণ থাকিব পাৰে ভাবিলে আচৰিত লাগে নহয়নে বাৰু তাতোকৈ আচৰিত লাগে যে আমাৰ পূর্বপুৰুষসকলে কেনেকৈ ইমান কথা জানিছিল বাৰু কোনবিধ ফলৰ গুটি খাব পাৰি, সেইটো বাছি উলিওৱাটোও তেওঁলোকৰ বাবে নিষ্চয় অতি কষ্টৰ কাম আছিল৷ বাৰু যিয়েই নহওক, তেওঁলোকৰ জহতেই আমিও এনেবোৰ খাদ্যসম্ভাৰৰ জুতি লব পাৰিছোঁ৷ স্বাস্থ্য ৰক্ষাত আমাৰ চিনাকি এই কঁঠালগুটিয়ে কেনেদৰে সহায় কৰে অলপ জানি থওঁ আহক:

ক৷ পুষ্টিকৰ হোৱাৰ বাবে আৰু ভিটামিন, এণ্টিক্সিডেণ্ট আদি বহুতো অত্যাৱশ্যকীয় উপাদান থকা বাবে কঁঠাল গুটি সেৱন কৰিলে ই আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ ইয়াৰ উপৰি বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ই বিভিন্ন বীজাণুৰ সংক্রমণ ৰোধ কৰে৷ E.coli আদি বেক্টেৰিয়াজনিত ৰোগ উপশম কৰাতো কঁঠাল গুটি উপকাৰী৷

খ৷ কেলচিয়াম, মেগনেছিয়াম আদি থকাৰ বাবে ই হাডৰ গঠন মজবুত কৰে, মাংসপেশী সবল কৰে, অষ্টিপৰছিছ হোৱাতো বাধা দিয়ে৷ গতিকে দেখা যায় যে কঁঠাল গুটি এক পুষ্টিকৰ খাদ্য, যিয়ে আমাৰ সকলোৰে শৰীৰৰ যতন লয়৷

গ৷ আঁহযুক্ত হোৱাৰ বাবে পেটৰ সমস্যা যেনে কৌষ্ঠকাঠিন্য, অর্শ ৰোগত উপকাৰী৷ পেটৰ সমস্যা থকা ৰোগীয়ে কঁঠাল গুটি খাব পাৰে৷

ঘ৷ কঁঠালৰ দৰে ইয়াৰ গুটিবোৰো ভিটামিন এযুক্ত হোৱাৰ বাবে আমাৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে৷ কুকুৰীকণা ৰোগ প্রতিৰোধ কৰে৷ সেয়েহে চকুৰ সমস্যা থকা লোকে কঁঠাল গুটি খোৱা কৰা উচিত৷

ঙ৷ বিভিন্ন তথ্যৰ পৰা জনা যায় যে পুৰুষ–মহিলা উভয়ৰে যৌন ক্ষমতা বৃদ্ধি কৰাতো কঁঠাল গুটি উপকাৰী৷ গতিকে যৌন সমস্যাত আক্রান্ত লোকৰ বাবে কঁঠাল গুটি নিষ্চয় উত্তম পথ্য৷

চ৷ আইৰন থকা বাবে ৰক্তহীনতাতো উপকাৰী আৰু অন্য ৰক্তজ ৰোগতো কঁঠাল গুটি উপকাৰী৷ মাজে–সময়ে কঁঠাল গুটি খালে ৰক্তহীনতা দূৰ হয়৷

ছ৷ শাৰীৰিক সুস্বাস্থ্যৰ লগতে আমাৰ মানসিক সুস্বাস্থ্যৰ বাবেও ই উপকাৰী বুলি কব পাৰি৷ ইয়াত উপলব্ধ বিভিন্ন অত্যাৱশ্যকীয় উপাদানৰ বাবে কঁঠাল গুটিয়ে কিছু পৰিমাণে ষ্ট্রেছ কম কৰাতো সহায় কৰে বুলি জনা যায়৷ মানসিক দুষ্চিন্তা বা মানসিক অৱসাদগ্রস্ত লোকে সেয়েহে মাজে–সময়ে কঁঠাল গুটি সেৱন কৰিব পাৰে৷

জ৷ ছালৰ বিভিন্ন সমস্যাতো কঁঠাল গুটি উপকাৰী৷ এইবিধ খাদ্য খালে বয়সৰ চাপ পৰা সমস্যা নিৰাময় কৰে, শুকান ৰুক্ষ ছালৰ সমস্যা দূৰ কৰে৷ ইয়াৰ উপৰি বসন্ত ৰোগ হোৱাৰ পিছত ছালত ৰৈ যোৱা দাগো কঁঠাল গুটি খালে লাহে লাহে কমি নাইকিয়া হৈ যায়৷ জনবিশ্বাস মতে কঁঠাল গুটিয়ে শুকনিৰ দৰে কাম কৰে৷ সেয়েহে গাঁওসমূহত খৰিচা, মাগুৰ মাছ আদিৰ লগত কঁঠাল গুটি ভাজি খোৱাও দেখা যায়৷ ইয়াৰো নিষ্চয় বৈজ্ঞানিক সত্যতা থাকিব৷

সকলোৱেই বতৰৰ ফলসমূহৰ জুতি লৈ ভাল পায়৷ যেতিয়া আমাৰ পছন্দৰ ফলবোৰৰ গুটিবোৰো আমাৰ প্রিয় খাদ্য হৈ পৰে তেতিয়া সোণত সুৱগা চৰে৷ আমাৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰসমূহ অতি স্বাস্থ্যসন্মত৷ যিমানে আমি এই থলুৱা খাদ্য গ্রহণ কৰিম সিমানেই আমি বিভিন্ন ৰোগৰ পৰা আঁতৰত থাকিব পাৰিম সেইটো নিষ্চিত৷ বর্তমান সময়ত আমি প্রকৃতিপ্রদত্ত এনেবোৰ খাদ্য গ্রহণ কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে৷ কাৰণ কীটনাশক আৰু অন্য ৰাসায়নিক পদার্থ মিহলি বজাৰৰ চালানি শাক–পাচলি খোৱাৰ ফলত আমি বিভিন্ন ৰোগৰ কবলত পৰিছেছা৷ ওপৰৰ কথাখিনিৰ পৰা এটা কথাই অনুধাৱন কৰিব পাৰি যে পুষ্টিকৰ ফল কঁঠালৰ গুটিবোৰৰো বহু গুণাগুণ আছে৷ কঁঠাল গুটি এনে এক পুষ্টিকৰ খাদ্য, যিয়ে আমাৰ সকলোৰে শৰীৰৰ যতন লয়৷ সেয়েহে কঁঠাল গুটি খাই ভাল পোৱাসকলে বতৰ বা অবতৰত ইয়াৰ জুতি লওক আৰু স্বাস্থ্যৱান হৈ থাকক৷

RELATED ARTICLES