peepl-small

দিল্লীৰ এইমছত ৬–১২ বছৰীয়াৰ ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ

PUBLISHED:

গুৱাহাটী: দেশজুৰি ১৮ বছৰৰ ঊর্ধ্বৰ সকলো নাগৰিকক ক’ভিড–১৯ ভেকচিন প্রদান কৰি থকাৰ সময়তে মঙলবাৰৰে পৰা নতুন দিল্লীৰ এইম্ছত ক’ভিড ভেকচিন ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ হ’ল ৬–১২ বছৰীয়াৰ দেহত৷

দেশত প্রথমবাৰৰ বাবে ৬ বছৰৰ ঊর্ধ্বৰ শিশুৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ কৰা বুলি নতুন দিল্লী এইম্ছ কর্তৃপক্ষই প্রকাশ কৰিছে৷ ৬–১২ বছৰীয়াৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ কৰাৰ পিছত পৰৱর্তী সময়ত ২–৬ বছৰীয়া শিশুৰ দেহতো ভাৰত বায়’টেকৰ এই ভেকচিনটোৰ পৰীক্ষণ আৰম্ভ কৰিব৷

মন কৰিবলগীয়া যে তিনিটা বয়সৰ গ্রুপ অর্থাৎ ১২–১৮ বছৰীয়া, ৬–১২ বছৰীয়া আৰু ২–৬ বছৰীয়াৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণৰ অনুমতি লাভ কৰাৰ পিছত ভাৰত বায়’টেকৰ ক’ভাক্সিন আজিৰে পৰা ৬–১২ বছৰীয়াৰ দেহত পৰীক্ষণ আৰম্ভ কৰে৷

দেশৰ ৫২৫টা কেন্দ্রত এই পৰীক্ষণ চলোৱা হ’ব৷ প্রথমটো ড’জ দিয়াৰ পিছত ২৮ দিনত দ্বিতীয়টো ড’জ প্রদান কৰা হ’ব৷ উল্লেখ্য যে ৬–১২ বছৰীয়াৰ দেহত পৰীক্ষণ আৰম্ভ কৰাৰ পূর্বেই ১২–১৮ বছৰীয়া কিশোৰ স্বেচ্ছাসেৱকৰ নাম পঞ্জীয়ন কৰা হৈছে৷ প্রতিটো বয়সৰ গ্রুপত ১৭৫জনকৈ স্বেচ্ছাসেৱকক ভেকচিনৰ ড’জ দি পৰীক্ষণ চলাব৷ এইম্ছৰ চেণ্টাৰ ফৰ কমিউনিটী মেডিচিনৰ অধ্যাপক ডাঃ সঞ্জয় ৰায়ে এই কথা সদৰী কৰিছে৷

ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনৰ প্রতিটো ড’জ ১৫০ টকা বহনক্ষম নহয়৷ এই স্পষ্টতাৰে আজি ক’ভাক্সিনৰ প্রস্তুতকর্তা ভাৰত বায়’টেকে ভেকচিনটোৰ মূল্যবৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনালে৷ ভাৰত বায়’টেকৰ বিবৃতিত প্রকাশ পোৱা মতে ভাৰত চৰকাৰক ১৫০ টকাত ক’ভাক্সিনৰ প্রতি ড’জ যোগান ধৰি থকা হৈছে৷ এই মূল্য প্রতিযোগিতামূলক নহয় আৰু স্পষ্ট যে দীর্ঘদিন ধৰি এই মূল্য বহনক্ষম নহয়৷ গতিকে ব্যক্তিগত বজাৰত এই ভেকচিনটোৰ মূল্যবৃদ্ধি কৰিব লাগে৷

কিয়নো উৎপাদনৰ ব্যয়ৰ তুলনাত কেন্দ্রীয় চৰকাৰে নির্ধাৰিত কৰা ক’ভাক্সিনৰ প্রতিটো ড’জৰ মূল্য প্রতিযোগিতামূলক বজাৰত বহনক্ষম হৈ থকা নাই৷ দেশৰ ব্যক্তিগত বজাৰত আন ভেকচিনৰ তুলনাত ক’ভাক্সিনৰ মূল্য ন্যায়সংগত নহয়৷ সংবাদ মাধ্যমৰ জৰিয়তে ভাৰত বায়’টেকে এই মূল্য সন্দর্ভত কেন্দ্র, ৰাজ্য আৰু ব্যক্তিগত হাস্পতালসমূহক অৱগত কৰে৷

মন কৰিবলগীয়া যে ভাৰত বায়’টেকে ইতিমধ্যে নিজৰ ধন ৫০০ কোটি টকা ভেকচিন বিকশিত কৰা, মানৱ দেহত পৰীক্ষণ আৰু ক’ভাক্সিনৰ কাৰণে উৎপাদন সুবিধাৰ বাবে ব্যয় কৰিছে৷

RELATED ARTICLES