peepl-small

১৮–৪৫ বয়সৰ লোকক ভেকচিনঃ ২৮ এপ্রিলত এপ মুকলি কৰিব কেন্দ্রীয় চৰকাৰে

PUBLISHED:

গুৱাহাটীঃ  কেন্দ্রীয় চৰকাৰে অহা এক মে’ৰ পৰা ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকক ক’ভিড ভেকচিন প্রদানৰ যি ঘোষণা কৰিছে, তাৰ বাবে নাম পঞ্জীয়নৰ এপ অহা ২৮ এপ্রিলত মুকলি কৰিব৷

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে আজি এই সম্পর্কত ভাৰত চৰকাৰে নির্দেশনা দিব৷ তাৰ পিছত সেই এপত ভেকচিন লোৱাৰ বাবে নাম পঞ্জীয়নৰ পিছত ভাৰত চৰকাৰে কোন ৰাজ্যক কিমান ভেকচিন আবণ্টন দিব পঞ্জীয়নৰ সংখ্যা অনুসৰি স্থিৰ কৰিব৷ তাৰ পিছতহে ৰাজ্য চৰকাৰসমূহে ভেকচিন ক্রয় কৰিব পাৰিব৷

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে চিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকৰ পৰা দুই কোটি ভেকচিন ক্রয়ৰ বাবে অর্ডাৰ দিছে৷ মন্ত্রী ড০ শর্মাই ভাৰত চৰকাৰে কিমানসংখ্যক ভেকচিন ক্রয়ৰ বাবে ৰাজ্য চৰকাৰক অনুমোদন দিয়ে তাৰ ওপৰতহে ক’ব পৰা যাব অসমত ১৮ৰ পৰা ৪৫ বয়সৰ কিমানসংখ্যক লোকে ভেকচিন লাভ কৰিব৷ তদুপৰি অহা ১ মে’ৰ পৰা ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ তেওঁ আশা কৰা নাই বুলি মন্তব্য কৰে৷

আনহাতে, চৰকাৰে এতিয়াৰে পৰা ক’ভিড ভেকচিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিদিয়ে বুলি জানিবলৈ দি কয় যে ব্যক্তিগত খণ্ডৰ হাস্পতালে এতিয়াৰে পৰা ভাৰত চৰকাৰৰ পৰা পোনে পোনে ভেকচিন ক্রয় কৰিব লাগিব৷ তাৰ বাবে তেওঁলোকক প্রতিটো ভেকচিনৰ মূল্য ৬০০ টকা নির্ধাৰণ কৰি দিছে৷ চৰকাৰী হাস্পতালে প্রতিটো ভেকচিন ৪০০ টকা দৰত ক্রয় কৰি সম্পূর্ণ বিনামূলীয়াকৈ প্রদান কৰিব৷ অৱশ্যে ইতিমধ্যে যিসকল লোকক প্রাইভেট হাস্পতালত প্রথম ড’জ ভেকচিন দিছে, সেইসকলক দ্বিতীয় ড’জ ভেকচিনো প্রাইভেট হাস্পতালত দিয়াৰ ব্যৱস্থা কৰিব

RELATED ARTICLES