peepl-small

যাদৱ চন্দ্র ভূঞা স্মৃতি ন্যাসৰ উদ্যোগত দিব্যাংগক টিকাকৰণ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্য চৰকাৰে ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্রমণ ৰোধ কৰিবলৈ বৃহৎ টিকাকৰণ অভিযান অব্যাহত ৰাখিছে৷

সোমবাৰে উত্তৰ গুৱাহাটী অভয়পুৰস্থিত যোগনিলয়ম টিকাকৰণ কেন্দ্রত দিব্যাংগ ব্যক্তিক টিকাকৰণ কৰা হয়৷

কামৰূপ জিলা প্রশাসন, সমাজ কল্যাণ, স্বাস্থ্য বিভাগ আৰু যাদৱ চন্দ্র ভূঞা মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আয়োজিত এই অভিযানত মুঠ দহগৰাকী দিব্যাংগ ব্যক্তিক টিকা দিয়া হয়৷ এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্রশান্ত কাঠকটীয়াই৷

উত্তৰ গুৱাহাটী খণ্ড প্রাথমিক চিকিৎসালয়ৰ বিপিএম নৱজ্যোতি বৈশ্যৰ তত্ত্বাৱধানত স্বাস্থ্য বিভাগৰ কর্মীবৃন্দ গুণজিৎ দাস, কুশল দাস, নৱনীতা গগৈ, হিতেশ ভডালী, ইয়াছমিন চুলতানা আৰু ভাৰতী দাসে ৰাইজক সেৱা আগবঢ়াইছে৷

স্বাস্থ্য বিভাগৰ দলটোৱে অতি কম সময়ৰ ভিতৰতে দুহেজাৰৰো অধিক লোকক জীৱনদায়িনী ভেকচিন প্রদান কৰাৰ লগতে আগন্তুক দিনবোৰতো দৈনিক ভেকচিন অভিযান চলাই যোৱা হ’ব বুলি জানিবলৈ দিছে৷

RELATED ARTICLES

RECENT ARTICLES