peepl-small

ছয়গাঁৱত যাদৱ চন্দ্ৰ ভূঞা মেম’ৰিয়েল ট্ৰাষ্টৰ উদোগত ৪৫ ঊৰ্ধৰ দিব্যাংগৰ টীকাকৰণ

PUBLISHED:

গুৱাহাটীঃ ছয়গাঁৱত যাদৱ চন্দ্ৰ ভূঞা মেম’ৰিয়েল ট্ৰাষ্টৰ উদোগত ৪৫ বছৰ বয়সৰ ওপৰৰ বিশেষভাৱে সক্ষম লোকৰ বাবে ক’ভিড-১৯ৰ টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

সমাজ কল্যাণ বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশেষভাৱে সক্ষম লোকসকলক দিয়া হৈছে ক’ভিডৰ প্ৰতিষেধক।

দিব্যাংগ লোকসকলে যাতে প্ৰতিষেধক লওঁতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

যাদৱ চন্দ্ৰ ভূঞা মেম’ৰিয়েল ট্ৰাষ্টৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে সমাজ কল্যাণ বিভাগেও।

“এয়া খুবেই ভাল পদক্ষেপ লৈছে। আমি ভৱিষ্যতেও সহযোগিতা কৰি যাম।” — এগৰাকী বিষয়াই এনেদৰে উল্লেখ কৰে।

RELATED ARTICLES