peepl-small

আইটিবিপিত ৬৫ পদত নিযুক্তিৰ সুযোগ

PUBLISHED:

গুৱাহাটীঃ ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনস্থ কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী ইণ্ডো তিব্বেতান ব’ডাৰ পুলিচ ফ’ৰ্চ অর্থাৎ আইটিবিপি(Indo-Tibetan Border Police Force)ত খালী হৈছেNon-Gazetted আৰুNon-Ministerial, Group-C পর্যায়ৰ Constable-General Dutyৰ ৬৫ পদ৷ পুৰুষ–মহিলা উভয় শ্রেণীৰMeritorious Sportsperson প্রার্থীৰ পৰা আবেদন আহ্বান ক ৰিIndo-Tibetan Border Police ForceৰDIG (Estt. & Rectt.)–এ এক বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Constable-General Dutyৰ ৬৫ পদ পূৰণ হ’বলগীয়া শিতানসমূহ হৈছে Wrestling, Kabaddi, Karate, Archery, Wushu, Taekwondo, Judo, Gymnastic, Sports Shooting, Ski, Boxing, Ice Hockey৷ অৱশ্যেGymnastic শিতানত কেৱল পুৰুষ প্রার্থী আৰুIce Hockey শিতানত কেৱল মহিলা প্রার্থী নিয়োগ কৰা হ’ব৷

CT (GD) Sportsman পদৰ প্রার্থী দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত স্বীকৃতিপ্রাপ্ত ব’ৰ্ড অথবা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ ১ জানুৱাৰী, ২০১৯ আৰু ২ ছেপ্টেম্বৰ, ২০২১ৰ ভিতৰতInternational Olympic Association–এ আয়োজন কৰাInternational Sportsত যোগদান কৰাৰ লগতে সুদক্ষ খেলুৱৈ হিচাপে পদক অর্জন কৰা,Indian Olympic Association Sports Federation–এ আয়োজন কৰাNational Games আৰুChampionshipsত ভাৰতীয় দলৰ সদস্য হিচাপে অন্তর্ভুক্ত হোৱা নাইবা খেলুৱৈ হিচাপে পদক অর্জন কৰা হ’ব লাগিব নাইবা ১ জানুৱাৰী, ২০১৯ আৰু ২ ছেপ্টেম্বৰ, ২০২১ৰ ভিতৰত যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনতIndian Olympic Association–এ আয়োজন কৰা National Games আৰু National Championships ত Junior/Senior ত ৰাজ্যিক/ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ দল/দেশক প্রতিনিধিত্ব কৰা সুদক্ষ খেলুৱৈ হোৱাটো বাঞ্ছনীয়৷ বয়স ২ ছেপ্টেম্বৰ, ২০২১লৈ ১৮–২৩ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকা৷

আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি/এম’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১০০ টকা অনলাইন মাধ্যমেৰে আইটিবিপিৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল মহিলা, এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল আৰু নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ আইটিবিপিৰ ৱেবছাইট www.recruitment.itbpolice.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২ ছেপ্টেম্বৰ, ২০২১৷

RELATED ARTICLES